ভাৰতকে ধৰি জাপান, আমেৰিকা, উগাণ্ডা, ইণ্ডোনেছিয়া প্ৰতিনিধিৰ অংশগ্ৰহণ
W7s news,,গুৱাহাটী, ৯ মাৰ্চঃ এন ই এছ ৰিফ্ৰেক্টৰিছ এলএল পিয়েৰ আতিথ্যত অসমৰ কাজিৰঙাত অল ইণ্ডিয়া গ্লাছ মেনুফেকচাৰ্ছ ফেডাৰেচনৰ চমুকৈ (এ.আই.জি.এম.এফ.ৰ) কাৰ্যনিৰ্বাহক বৈঠক আয়োজন কৰি ইতিহাস ৰচনা কৰে। এআইজিএমএফৰ ৮০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ফেডাৰেচনৰ অসমৰ কাজিৰঙাত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত জাপান, আমেৰিকা, উগাণ্ডা, ইণ্ডোনেছিয়াকে ধৰি ভাৰত আৰু বিদেশৰ সন্মানীয় প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ আঁত ধৰে এন ই এছ ৰিফ্ৰেক্টৰীজ এল এল পিৰ এমডি অমন গুপ্তাই।
বৈঠকত নিপন ইলেক্ট্ৰিক গ্লাছ কোম্পানী জাপান, গোল্ড প্লাছ গ্লাছ ইণ্ডাষ্ট্ৰী লিমিটেড, শ্বট পুনাৱালা প্ৰাইভেট লিমিটেড, বৰোচিল, এজিআই, আইকনিক গ্লাছ, চেণ্ট্ৰেল গ্লাছ আৰু চিৰামিক ৰিচাৰ্চ ইনষ্টিটিউট আদি ধৰি বিশিষ্ট ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে অংশগ্ৰহণ কৰে।
বৈঠকত ‘বহনক্ষম কাঁচ উৎপাদনৰ দিশত’, ‘সেউজ বিল্ডিং আৰু চি এছ আৰ পদক্ষেপৰ বাবে সমতল কাঁচ’, ‘বৈচিত্ৰ্যৰ শক্তি: বৃদ্ধি ৰূপান্তৰিত মহিলা নেত্ৰী’, আৰু ‘কাঁচ উৎপাদনত বিজ্ঞানৰ ভূমিকা’ আদি বিষয়ৰ ওপৰত অন্তৰ্দৃষ্টিসম্পন্ন অধিবেশন অনুষ্ঠিত হয়। এই অধিবেশনসমূহ এআইজিএমএফৰ ৱেবছাইটতো উপলব্ধ।
মঞ্চত উপস্থিত থাকে এআইজিএমএফৰ সভাপতি ৰাজেশ খোছলা, পি কে শুক্লা (সভাপতি, শ্বট গ্লাছ), শ্বীভীৰ খেৰিকা (এমডি, বৰোচিল গ্লাছ), অমন গুপ্তা (এমডি, এনইএছ ৰিফ্ৰেক্টৰীজ) ইত্যাদি।
No comments:
Post a Comment