গুৱাহাটীত নিৰ্মিত পৰিৱেশত জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপৰ ত্বৰণৰ ওপৰত পঞ্চম গৃহ আঞ্চলিক সন্মিলনৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 11 March 2025

গুৱাহাটীত নিৰ্মিত পৰিৱেশত জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপৰ ত্বৰণৰ ওপৰত পঞ্চম গৃহ আঞ্চলিক সন্মিলনৰ আয়োজন


 

“আৰ্হি ৰূপায়ণ, নিৰ্মাণ ব্যৱস্থাপনা আৰু পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ বাবে বহনক্ষম নিৰ্দেশনা” শীৰ্ষক তিনিখন হাতপুথি উন্মোচন


W7s news,,১০ মাৰ্চ, ২০২৫: দ্ৰুতগতিত নগৰায়নৰ দিশত আগবাঢ়ি যোৱা ভাৰতৰ অন্যতম ৰাজ্য হিচাপে চিহ্নিত অসমে জলবায়ু সংবেদনশীলতা, সম্পদ ব্যৱস্থাপনা, নগৰ বিস্তাৰকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত অনন্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ৩.৫ কোটিৰো অধিক জনসংখ্যাৰ ৰাজ্যখনৰ নগৰীয়া আন্তঃগাঁথনি আৰু পাৰিপাৰ্শ্বিক সম্পদৰ ওপৰত হেঁচা ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে। ১.১ নিযুতৰো অধিক লোক বসবাস কৰা গুৱাহাটী মহানগৰে অনাগত বছৰবোৰত গুৰুত্বপূৰ্ণ বিকাশৰ সম্ভাৱনা বহন কৰি আছে। ৭০%তকৈ অধিক আন্তঃগাঁথনি এতিয়াও নিৰ্মাণ কৰিবলৈ বাকী থকা দেশখনৰ বাবে বৰ্তমান আহি পৰিছে এক পৰিৱৰ্তনশীল যাত্ৰাত নামি পৰাৰ সময়।    


গৃহ পৰিষদে অসম চৰকাৰৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (এএছটিইচি) সহযোগত গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত 'নিৰ্মিত পৰিৱেশত জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপৰ ত্বৰণ' বিষয়বস্তুৰ ওপৰত ১০ মাৰ্চ ২০২৫ তাৰিখে গুৱাহাটীত পঞ্চম গৃহ আঞ্চলিক সন্মিলন অনুষ্ঠিত কৰে। 


অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য আৰু প্ৰযুক্তি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক গাম্ভীৰ্য্যপূৰ্ণ কৰি তোলে। মাননীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ সৈতে উল্লেখযোগ্য সহযোগিতা গঠনত সফলতা লাভ কৰা সদ্য সমাপ্ত এডভান্টেজ আছাম ২.০ - বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫”– বিনিয়োগকাৰী সন্মিলন ২০২৫ৰ ওপৰত আলোকপাত কৰে। ইয়াৰ দ্বাৰা পৰিষ্কাৰ শক্তি, সেউজ প্ৰযুক্তি আৰু নিম্ন-কাৰ্বন আন্তঃগাঁথনি বিকাশৰ দৰে ক্ষেত্ৰত অসমৰ বৰ্ধিত সম্ভাৱনা গঢ়ি তোলাত যথেষ্ট সহায় লাভ হৈছে।


কাৰিকৰী অধিৱেশনসমূহৰ জৰিয়তে বহনক্ষম পদ্ধতিৰ প্ৰচাৰত নীতি আৰু আইনী ৰূপায়ণৰ ভূমিকা, দুৰ্যোগপ্ৰৱণ এলেকাবোৰত পৰিৱৰ্তনসাধ্যতা বৃদ্ধি কৰাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ লগতে চৰকাৰ আৰু উদ্যোগ বিশেষজ্ঞসকলৰ দ্বাৰা স্মাৰ্ট আৰু বহনক্ষম আন্তঃগাঁথনি উন্নয়ন ৰণনীতিৰ একত্ৰীকৰণৰ ওপৰত অন্তৰ্দৃষ্টি প্ৰদান কৰা হয়।


অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (এএছটিইচি) সঞ্চালক ড° জয়দীপ বৰুৱাই কয়,"আমি বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত এক নতুন যুগত আহি উপনীত হৈছো। বিশ্বব্যাপী বিনিয়োগকাৰীৰ সৈতে অসমৰ ক্ৰমবৰ্ধমান সংযোগৰ লগতে স্বচ্ছ শক্তি আৰু সেউজ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এনে এক ভৱিষ্যত গঢ়ি তোলাৰ প্ৰতি আমি দায়বদ্ধ য’ত বিকাশ আৰু পাৰিপাৰ্শ্বিক সমৃদ্ধিয়ে একেলগে খোজত খোজ মিলাই আগবাঢ়ি যায়। এই মঞ্চখনে সামূহিক সহযোগিতা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অনাগত দিনত এক অধিক বহনক্ষম আৰু সেউজ জীৱন-যাত্ৰাৰ পথ প্ৰশস্ত কৰিব।" 


শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ (টেৰি) বহনক্ষম আন্তঃগাঁথনি কাৰ্যসূচীৰ উপ-সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সঞ্জয় শেঠে কয়, "২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত আৰু ২০৭০ চনৰ ভিতৰত 'নেট জিৰো' নিৰ্গমন ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি, নিম্ন-কাৰ্বন বিকাশ ৰণনীতি গ্ৰহণৰ জৰিয়তে জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপসমূহ ত্বৰান্বিত কৰাত নিৰ্মিত পৰিৱেশে অতি গুৰুত্বপূৰ্ণ সক্ৰিয় ভূমিকা পালন কৰিব। আমি এনে এক যুগলৈ আগবাঢ়ি গৈ আছো য'ত জলবায়ুৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ অধিক শক্তিশালী হৈ উঠিছে। আমি বহনক্ষম নিৰ্মাণ পদ্ধতিৰ প্ৰচাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যি কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লগতে ভৱিষ্যতে সংঘটিত হ’ব পৰা জলবায়ুমূলক প্ৰভাৱৰ বিপৰীতে আন্তঃগাঁথনিৰ পৰিৱৰ্তনসাধ্যতা বৃদ্ধি কৰে। গৃহ আঞ্চলিক সন্মিলনে অংশীদাৰসকলৰ নিয়োজন, উদ্ভাৱনী সমাধান বিনিময়কৰণ আৰু নিৰ্মাণ পৰ্যায়ত নিম্ন-কাৰ্বন প্ৰযুক্তি তথা পদ্ধতি গ্ৰহণৰ দৰে বিভিন্ন ক্ষেত্ৰত এক বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰে।"


উত্তৰ-পূবৰ ৰাজ্যসমূহত বিভিন্ন গৃহ ৰেটিং ভেৰিয়েণ্টৰ অধীনত ১০০ ৰো অধিক প্ৰকল্প পঞ্জীয়ন কৰা হৈছে, যাৰ ভিতৰত প্ৰায় ৫০ টা অসম ৰাজ্যত আছে। নিৰ্মিত পৰিৱেশত বহনক্ষমতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতামূলকভাৱে কাম কৰাৰ উদ্দেশ্যে গৃহ পৰিষদ আৰু ভাৰতীয় জীৱন বীমা নিগমে ২০২২ চনত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল। তেতিয়াৰ পৰাই এলআইচি ইণ্ডিয়াৰ উপলব্ধ আৰু নতুন আন্তঃগাঁথনিসমূহ মূল্যায়নৰ অধীনস্থ হৈ আছে আৰু কিছুসংখ্যকক বিভিন্ন গৃহ ৰেটিং ভেৰিয়েণ্টৰ অধীনত মূল্যাঙ্কন কৰা হৈছে। এই অনুষ্ঠানত গৃহ ফৰ এক্সিষ্টিং বিল্ডিংছৰ অধীনত যোৰহাট সংমণ্ডল কাৰ্যালয়, এল আই চি ইণ্ডিয়া প্ৰকল্প তথা গৃহ ফৰ এক্সিষ্টিং স্কুলছ ৰেটিঙৰ অধীনত ৪ তাৰকা আৰু ৫ তাৰকা ৰেটিং লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয় (জে এন ভি)ৰ ১২ খন পিএমশ্ৰী বিদ্যালয়ক সম্বৰ্ধনা জনোৱা হয়। গৃহ ভেৰিয়েন্টৰ অধীনত গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল, এইমছ গুৱাহাটী, জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটি ব্লক হস্পিতাল, তেজপুৰ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ আন্তঃগাঁথনিৰ লগতে আন বহুতো আন্তঃগাঁঠনিমূলক প্ৰকল্প পঞ্জীয়ন কৰা হৈছে। 


এই অনুষ্ঠানত আঞ্চলিক ভাষা অসমীয়াত “আৰ্হি ৰূপায়ণ, নিৰ্মাণ ব্যৱস্থাপনা আৰু পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ বাবে বহনক্ষম নিৰ্দেশনা” শীৰ্ষক ৩ খন হাতপুথি উন্মোচন কৰা হয়।এয়া হৈছে বহনক্ষম পদ্ধতিবোৰ সকলোৰে বাবে উপলব্ধ কৰাৰ ক্ষেত্ৰত চলোৱা গৃহ পৰিষদৰ এক প্ৰয়াস। আৰ্হিৰ আৰম্ভণিৰ পৰা নিৰ্মাণ, পৰিচালনা আৰু ৰক্ষণাবেক্ষণলৈকে এটা অট্টালিকাৰ সমগ্ৰ পৰ্যায়সমূহ সামৰি লোৱা এই হাতপুথিসমূহে প্ৰকল্প দলসমূহক এটা সেউজ অট্টালিকাৰ আৰ্হি, নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় ফলপ্ৰসূ কৌশল গ্ৰহণ আৰু ৰূপায়ণৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব। অনুষ্ঠানটোৰ সময়ত গৃহ পৰিষদে ভাৰতীয় স্থপতিবিদ প্ৰতিষ্ঠান (আইআইএ) অসম অধ্যায়ৰ উপাধ্যক্ষ এআৰ বুধিন বৰঠাকুৰৰ প্ৰতিনিধিত্বত ভাৰতীয় স্থপতিবিদ প্ৰতিষ্ঠান অসম অধ্যায় (আইআইএ অসম অধ্যায়) আৰু এছ'চিয়েচন অৱ আৰ্কিটেক্টছ, অসম (এএএ)ৰ সভাপতি এআৰ ৰঞ্জীৱ বৰুৱাৰ প্ৰতিনিধিত্বত এছ'চিয়েচন অৱ আৰ্কিটেক্টছ, অসম (এএএ)ৰ সৈতে দুখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। অংশগ্ৰহণকাৰীসকলক নেটৱৰ্কিঙৰ বান্ধোনেৰে বান্ধ খুৱাই এটি মধুৰ সাংস্কৃতিক সন্ধিয়াৰ সৈতে অনুষ্ঠানটোৰ সামৰণি পৰে।


প্ৰতিনিধি দলটোত জ্যেষ্ঠ নীতি নিৰ্ধাৰক, আমোলা, নগৰীয়া অনুশীলনকাৰী, শিক্ষাবিদ আৰু উদ্যোগ সংস্থাসমূহৰ বিশিষ্ট ব্যক্তি উপস্থিত আছিল যিসকলে তেওঁলোকৰ ধাৰণাসমূহ সকলোৰে সৈতে বিনিময় কৰিবলৈ আৰু বহনক্ষম নগৰ উন্নয়নৰ এই বহুমুখী দিশবোৰৰ ওপৰত আলোচনা আৰম্ভ কৰিবলৈ একত্ৰিত হৈছিল। গৃহ পৰিষদ আৰু এএছটিইচিয়ে মানযুক্ত সেউজ ভৱিষ্যৎ নিৰ্মাণ আৰু স্মাৰ্ট চিটি উন্নয়ন কাৰ্যসূচী ৰূপায়ণকে ধৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে বহনক্ষমতা বৃদ্ধিৰ উদ্দেশ্যে সন্মিলিতভাৱে কাম কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here