আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম বাজেটত বিশেষ পদক্ষেপ, ত্বৰান্বিত হ’ব ঔদ্যোগিক সম্প্ৰসাৰণৰ গতি: তাজ চিমেণ্ট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 11 March 2025

আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম বাজেটত বিশেষ পদক্ষেপ, ত্বৰান্বিত হ’ব ঔদ্যোগিক সম্প্ৰসাৰণৰ গতি: তাজ চিমেণ্ট

 

W7s news,,গুৱাহাটী, ১১ মাৰ্চ, ২০২৫: অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন, নিযুক্তি সৃষ্টি আৰু ঔদ্যোগিক সম্প্ৰসাৰণৰ বাবে এক সাহসী আৰু দূৰদৰ্শী পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিত্তমন্ত্ৰী নেওগে এই বাজেটৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰা, নিয়োগৰ সুযোগ বৃদ্ধি কৰা আৰু সামগ্ৰিকতাৰে উন্নয়নৰ একাধিক পৰিৱৰ্তনমূলক উদ্যোগ উন্মোচন কৰিছে। 

এনে এখন সাহসী আৰু দূৰদৰ্শী বাজেট দাখিল কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰতি প্ৰশংসা ব্যক্ত কৰে তাজ চিমেণ্টে। সোমবাৰে সংস্থাটোৱে কয় যে বাজেটত অৰ্থনৈতিক সম্প্ৰসাৰণ, উদ্যোগীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নক অগ্ৰাধিকাৰ দিয়া হৈছে। তাজ চিমেণ্টৰ মতে, এই বাজেটখনে ৰাজ্যখনত বিকাশ আৰু ঔদ্যোগিক পৰিৱৰ্তনৰ এক নতুন যুগৰ সূচনা কৰিছে।

তাজ চিমেণ্টৰ গ্ৰুপ চি এফ অ’ গৰাকীয়ে কয়, “যোৱা এটা দশকত বাজেট ব্যয়ৰ পৰিমাণ ২৫০% বৃদ্ধি পাইছে, এয়া সঁচাকৈয়ে উল্লেখনীয়। ২০১৫-১৬ বিত্তীয় বৰ্ষত বাজেট ব্যয় আছিল ৬৬,১৪২ কোটি টকা, কিন্তু ২০২৪-২৫ বিত্তীয় বৰ্ষত এই পৰিমাণ ১,৪৩,৮৯১ কোটি টকালৈ বৃদ্ধি পাইছে। একে সময়তে মূলধনী ব্যয়ৰ ব্যাপক বৃদ্ধিয়ে বিশ্বমানৰ আন্তঃগাঁথনি উন্নয়ন আৰু এক সমৃদ্ধিশালী ব্যৱসায়িক পৰিৱেশ সৃষ্টিৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ২০১৫-১৬ চনত মূলধনী ব্যয় মাত্ৰ ২,৯৫১ কোটি টকা আছিল, কিন্তু ২০২৪-২৫ চনত ই ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে, যাৰ ফলত উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত হ’ব।’’

বিষয়াগৰাকীয়ে লগতে কয় যে ঔদ্যোগিক উন্নয়নৰ বাবে ২০০০ কোটি টকাৰ বিশেষ আবণ্টন ৰাজ্যৰ ঔদ্যোগিক খণ্ডত এক যুগান্তকাৰী পদক্ষেপ। ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগীৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত নতুন ঔদ্যোগিক উদ্যান স্থাপনৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি এছিয়ান ডেভেলপমেণ্ট বেংক (এ ডি বি)ৰ সহযোগত জাগীৰোড আৰু পলাশবাৰীত আধুনিক টাউনশ্বিপ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লগতে ৰাজ্যৰ উদ্যোগীকৰণৰ গতি আৰু অধিক ত্বৰান্বিত কৰিব। তদুপৰি ৰাজ্যজুৰি ঔদ্যোগিক ভূমি বেংক সৃষ্টিৰ সিদ্ধান্তই অসমৰ ব্যৱসায়িক পৰিৱেশ আৰু অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে।

তাজ চিমেণ্টৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, “মাহিলী ১৫ হাজাৰ টকাতকৈ কম উপাৰ্জন কৰাসকলৰ বাবে পেছাদাৰী কৰ ৰেহাইৰ সিদ্ধান্ত অতি ইতিবাচক পদক্ষেপ। এই পদক্ষেপে মানুহৰ হাতত অতিৰিক্ত ধন ৰাহি কৰিব, যিয়ে গ্ৰাহকৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়নত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।’’

আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বাজেটত বিপুল বিনিয়োগ ঘোষণা কৰা হৈছে। নেহৰু ষ্টেডিয়ামক ফিফা চেণ্টাৰলৈ ৰূপান্তৰিত কৰিবলৈ ৬৭৫ কোটি টকা আবণ্টন দিয়া হৈছে। নতুন ক্ৰীড়া ষ্টেডিয়ামৰ বাবে ১০৮ কোটি টকা আৰু বিভিন্ন চৰকাৰী ভৱন নিৰ্মাণৰ বাবে ২০০ কোটি টকাৰ বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। তাজ চিমেণ্টৰ মতে এই বিনিয়োগে নিৰ্মাণ উদ্যোগক আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে অসমৰ সামগ্ৰিক অৰ্থনৈতিক আন্তঃগাঁথনি শক্তিশালী কৰিব।

বিষয়াগৰাকীয়ে কয়, “সামগ্ৰিকভাৱে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটখন উদ্যোগমুখী, আন্তঃগাঁথনি অনুকূল আৰু উন্নয়নকেন্দ্ৰিক বাজেট, যিয়ে ৰাজ্যখনক বিকাশশীল অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব। আমি ব্যৱসায়ী সমাজে এই সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ শলাগ লৈছো আৰু অসমৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰদান কৰিছো।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here