দুগ্ধ বিপ্লৱৰ পথ প্ৰদৰ্শক ভাৰত কলিতাক অসম চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰদান, পূৰবী ডেইৰীৰ অভিনন্দন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 11 March 2025

দুগ্ধ বিপ্লৱৰ পথ প্ৰদৰ্শক ভাৰত কলিতাক অসম চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰদান, পূৰবী ডেইৰীৰ অভিনন্দন


 

W7s news,,গুৱাহাটী, ১১ মাৰ্চ, ২০২৫: অসমৰ দুগ্ধ বিপ্লৱত কৃষকসকলৰ অৱদানক সন্মান জনাই ৯ মাৰ্চত ৰাজ্য চৰকাৰে বজালীৰ নিত্যানন্দৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতিৰ সভাপতি তথা দুগ্ধ পালক ভাৰত কলিতাক অসম গৌৰৱ বঁটা প্ৰদানৰ ঘোষণা কৰে।  

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ অন্তৰ্গত এই দুগ্ধ সমবায়ক ৰাজ্যৰ দুগ্ধ বিপ্লৱৰ আগৰণুৱা বুলি অভিহিত কৰে। দেওবাৰে সন্ধিয়া অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই সংঘৰ সফলতা আৰু কৃষকসকলৰ অৱদানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ৰাজ্যৰ দুগ্ধ বিপ্লৱত বজালীৰ কৃষকৰ অৱদানক স্বীকৃতি দি আমি ভাৰত কলিতাক তেওঁৰ উল্লেখযোগ্য ভূমিকাৰ বাবে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছো। বজালীবাসীয়ে ইতিমধ্যে তেওঁক অসমৰ (ভাৰ্গিজ) কুৰিয়েন হিচাপে স্বীকৃতি প্ৰদান কৰিছে।’’

উল্লেখ্য যে, যোৱা বছৰ ৱামুলৰ অধীনত থকা এই কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বিশেষ এন ই আৰ শাখাত ‘শ্ৰেষ্ঠ দুগ্ধ সমবায় সমিতি’ হিচাপে বিবেচিত হৈ ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই বঁটা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হৈছিল।

নিত্যানন্দত অৱস্থিত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ২০০৭ চনৰ ১ আগষ্টৰ পৰা মাত্ৰ ৭০ লিটাৰ গাখীৰ সংগ্ৰহ কৰি তেওঁলোকৰ যাত্ৰাৰ পাতনি মেলিছিল। বৰ্তমান এই সংঘই প্ৰতিদিনে পূৰবী ডেইৰীলৈ ৪৫০০-৭০০০ লিটাৰ গাখীৰ যোগান ধৰে।

এই বৃহৎ সন্মান প্ৰদানৰ বাবে অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৱামুলৰ পৰিচালন সমিতিৰ সদস্য ভাৰত কলিতাই কয়, “অসম চৰকাৰৰ এই সন্মানীয় বঁটাটোৱে মোক অতিশয় আনন্দিত কৰিছে। অসমৰ দুগ্ধ বিপ্লৱৰ চালিকা শক্তিস্বৰুপ এন ডি ডি বিৰ নিৰ্দেশনাত চলা পূৰবী আৰু অৱশ্যেই সকলো দুগ্ধ পালকৰ অৱদানৰ বাবেই এইটো সম্ভৱ হৈছে। আমাৰ ব্ৰেণ্ড পূৰবীৰ অধীনত আৰম্ভ হোৱা এই দুগ্ধ বিপ্লৱ বৃহৎ পৰিসৰত সম্প্ৰসাৰিত হ’ব বুলি এতিয়া মই নিশ্চিত।”

একে সময়তে এন ডি ডি বিৰ অধ্যক্ষ তথা ৱামুলৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ড০ মীনেশ শ্বাহে ভাৰত কলিতাক এই সন্মানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰত কলিতাক অভিনন্দন জনাই ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই কয়, “ভাৰত কলিতাৰ নিষ্ঠা আৰু নেতৃত্বই বজালীৰ দুগ্ধ খণ্ডত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। তেখেতৰ প্ৰচেষ্টাই কেৱল গাখীৰৰ উৎপাদন বৃদ্ধি কৰাই নহয়, অসংখ্য কৃষকক সক্ষম কৰি তুলিছে, যাৰ ফলত দুগ্ধ উদ্যোগটোৰ স্থায়ী উন্নতি সাধন সম্ভৱ হৈছে। ভাৰত কলিতা ৱামুলৰ পৰিচালনা সমিতিৰ সদস্য হিচাপেও দুগ্ধ সমবায়ৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।”

ভাৰত কলিতাৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ কথা উল্লেখ কৰি এন ই ডি এফ এলৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসুয়ে কয়, “মই ভাৰত কলিতাৰ দুগ্ধ খণ্ডৰ প্ৰতি থকা অটল প্ৰতিশ্ৰুতি কেইবা বছৰৰ পৰাই দেখি আহিছোঁ। তেখেতৰ দূৰদৰ্শিতা আৰু কঠোৰ পৰিশ্ৰমে অঞ্চলটোত সমবায় ভিত্তিক দুগ্ধ পালনক শক্তিশালী কৰিছে, যাৰ ফলত অনেকে তেখেতৰ পদাংক অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত হৈছে।”

পূৰবী পৰিয়ালৰ হৈ সত্যব্ৰত বসুৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমবায় ভিত্তিক দুগ্ধ পালনক ব্যাপক সহযোগিতা আগবঢ়োৱা আৰু ভাৰত কলিতাৰ দৰে দুগ্ধ খেতিয়কৰ ভূমিকাক স্বীকৃতি প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

লক্ষ্যণীয় যে, পূৰবী ডেইৰী অসমৰ দুগ্ধ বিপ্লৱৰ অন্যতম চালিকা শক্তি হিচাপে পৰিগণিত হৈছে। ভাৰত কলিতাৰ দৰে বঁটা বিজয়ী নেতৃত্বৰ সহায়ত পূৰবীৰ অধীনস্থ কৃষক-নেতৃত্বাধীন সমবায় সমিতিসমূহে হাজাৰ হাজাৰ স্থানীয় কৃষকক জীৱিকাৰ সুবিধা প্ৰদান কৰাৰ লগতে অসমৰ প্ৰিয় ঘৰুৱা দুগ্ধ ব্ৰেণ্ড হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃষকসকলৰ অৰ্থনৈতিক সবলীকৰণৰ দৃষ্টিভংগীৰ সৈতে সহমতেৰে বিকাশ আৰু স্থায়ীত্বৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ পূৰবী ডেইৰীয়ে কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে প্ৰয়াস চলাই আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here