এই ট্যুৰটোৱে নিজৰ আইকনিক যাত্ৰাৰ সমাপনত উপনীত হৈ তিনিগৰাকী দূৰদৰ্শী ডিজাইনাৰ ন’টঅ’ৱানৰ নীতিন বাল চৌহান, অভিষেক পাটনী আৰু পৱন সচদেৱ, ৰেপাৰ কৃষ্ণা এণ্ড কৰ্মা লগতে শ্ব’ষ্টপাৰ ঈশান খাট্টৰৰ সৈতে গুৱাহাটীলৈ ‘দ্য অ’ৱান এণ্ড অনলি’ জগতখন লৈ আহিছে৷
W7s news,,গুৱাহাটী, মাৰ্চ, ২০২৫: ব্লেণ্ডাৰচ্ প্ৰাইড ফেশ্বন ট্যুৰটোৱে নিজৰ অভিনৱ ‘‘প্লে এন-ভ’গ’’ অৱধাৰণাৰে চহৰখনক হাই ফেশ্বনৰ খেলপথাৰলৈ ৰূপান্তৰিত কৰি গুৱাহাটীত এক অবিস্মৰণীয় প্ৰদৰ্শনৰ জৰিয়তে এই সংস্কৰণটোৰ সামৰণি মাৰে৷ গুৱাহাটীৰ জীৱন্ত আৰু আড়ম্বৰপূৰ্ণ গ্ৰীণউড ৰিজ’ৰ্টৰ আশ্চৰ্য্যজনক পটভূমিত সম্পন্ন হোৱা এই অনুষ্ঠানত শ্ব’ষ্টপাৰ হিচাপে চমৎকাৰী ঈশান খাট্টৰৰ উপস্থিতিৰ সৈতে ডিজাইনাসকলৰ ভিতৰত ন’টঅ’ৱানৰ নীতিন বাল চৌহান, অভিষেক পাটনী লগতে পৱন সচদেৱৰ সাহসী, পৰীক্ষামূলক সংগ্ৰহসমূহৰ সৈতে এক পৰিমাৰ্জিত পাৰ্শ্বৰেখাৰে এট-লেইজৰ-ৰ পুনৰ্কল্পিত কৰা হয়৷
ফেশ্বন ডিজাইন কাউন্সিল অৱ ইণ্ডিয়া (এফডিচিআই)-ৰ সহযোগত ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন ট্যুৰ-য়ে ভাৰতৰ ফেশ্বন লেণ্ডস্কেপক যুগান্তকাৰী শ্ব’কেছসমূহৰ জৰিয়তে পুনৰ সংজ্ঞায়িত কৰি তুলিছে৷ এই সমন্বয়ে গুৱাহাটীত শিখৰত উপনীত হৈ নতুন মাপকাঠীসমূহ নিৰ্ধাৰণ কৰাৰ লগতে ভ্ৰমণৰ মৰ্যাদাক উদ্যোগৰ ট্ৰেণ্ডছেটাৰ হিচাপে দৃঢ় কৰি তুলিলে৷
ডিজাইনাৰসকলে পৰীক্ষামূলক চিলোৱাট, ভিভিড ৰঙৰ লগতে অভাৰছাইজ ফিট, অসমতাপূৰ্ণ কাট আৰু বল্ড গ্রাফিক্সৰ সৈতে ষ্টেটমেন্ট টুকুৰাসমূহৰ জৰিয়তে অত্যাধুনিক আৰামৰ সতেজ প্ৰাপ্তি প্ৰদান কৰি এট-লেইজৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল৷
অভিষেক পাটনীৰ ‘ৰেচাৰ ০১’-ৰ দ্বাৰা ন’টঅ’ৱানৰ সংকলনে সংগীতৰ প্ৰভাৱৰ দ্বাৰা অনুপ্ৰাণিত দৃঢ়, নষ্টালজিক টুকুৰাসমূহৰ জৰিয়তে ফেশ্বনৰ ছন্দক পুনৰ সংজ্ঞায়িত কৰি ষ্ট্ৰীটৱেৰক ৰকষ্টাৰ ছিকৰ সৈতে একত্ৰিত কৰি তুলিছিল৷
পৱন সচদেৱাৰ সংগ্ৰহ দ্য ডিছ-এলাইনড-য়ে প্ৰিমিয়াম সামগ্ৰী আৰু কৌশলৰ মিশ্ৰণৰ সৈতে নিয়ন্ত্ৰিত বিশৃংখলতাৰে পৰম্পৰাগত ফেশ্বনক বিঘ্নিত কৰিছিল৷
নীতিন বাল চৌহানৰ চামুণ্ডা সংগ্ৰহে হাতেৰে অংকন কৰা শিল্পকৰ্মই এই প্ৰাণৱন্ত সংগ্ৰহত এক অভিনৱ স্পৰ্শ যোগ কৰি পৰম্পৰা আৰু আধুনিকতাৰ মিশ্ৰণ ঘটাই ৰাজপথৰ বাবে মধ্যযুগীয় কৱচৰ পুনৰ কল্পনা কৰিছিল৷
এই প্ৰদৰ্শনটোক সঁচাকৈয়ে যিটোৱে পৃথক কৰি তুলিছিল সেয়া আছিল ইয়াৰ অগতানুগতিক ৰাণৱে উপস্থাপন৷ শ্ব’ষ্টপাৰ ঈশান খাট্টৰক পৱন সচদেৱৰ ডিজাইনে স্তম্ভিত কৰি তুলিছিল, আনহাতে ক্ৰমে ন’টঅ’ৱানৰ অভিষেক পাটনি লগতে নীতিন বালৰ সৃষ্টিকৰ্মত কৃষ্ণা এণ্ড কৰ্মা-য়ে বিদ্যুৎচকিত প্ৰদৰ্শনসমূহ আগবঢ়াই অনুষ্ঠানটোক নতুন উচ্চতালৈ উন্নীত কৰি তুলিছিল৷
পেৰনড ৰিকাৰ্ড ইণ্ডিয়াৰ চীফ মাৰ্কেটিং অফিচাৰ তথা গ্ল’বেল বিজনেছ ডেভেলপমেণ্টৰ হেড কাৰ্তিক মহিন্দ্ৰা-য়ে কয়, ‘‘গুৱাহাটীৰ সৈতে আমি ব্লেণ্ডাৰচ্ প্ৰাইড ফেশ্বন ট্যুৰৰ এতিয়ালৈকে হোৱা আটাইতকৈ প্ৰতিষ্ঠিত সংস্কৰণটোৰ সামৰণি মাৰিলোঁ৷ প্ৰতিখন চহৰৰ সৰ্বত্ৰ আমি দূৰদৰ্শী ডিজাইনাৰ আৰু শ্ব’ষ্টপাৰসকলক লৈ যুগান্তকাৰী ফেশ্বন শ্ব’কেছসমূহৰ জৰিয়তে সৃষ্টিশীল গণ্ডীসমূহৰ পুনৰ্কল্পনা কৰিছিলোঁ৷ যিহওঁক, গুৱাহাটীয়ে সম্পন্ন হোৱা আমাৰ ‘প্লে এন-ভ’গ’-ৰ ফাইনেলখনে আমাৰ দৃষ্টিভংগীৰ চৰমসীমাক প্ৰতিনিধিত্ব কৰিছিল, য’ত ফেশ্বন, কলা আৰু স্বতঃস্ফূৰ্ততাই অপ্ৰত্যাশিত পথেৰে একত্ৰিত হৈ পৰিছিল৷ এই সংস্কৰণৰ অন্ত পৰাৰ লগে লগে প্ৰতিটো অভিজ্ঞতাই ফেশ্বনৰ গতিশীল বিৱৰ্তনক আলোকিত কৰি তুলি ‘দ্য অ’ৱান এণ্ড অনলি’ প্লেটফৰ্মক উদ্ভাৱন আৰু প্ৰতিস্থিতিৰ চূড়ান্ত সন্মিলন হিচাপে আগতে কেতিয়াও নোহোৱা ধৰণেৰে দৃঢ় কৰি তুলিছিল৷’’
ডিজাইনাৰ নীতিন বাল চৌহান-য়ে শ্ব’টোৰ ওপৰত নিজৰ চিন্তাধাৰা ব্যক্ত কৰি কয় যে, “ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন ট্যুৰ-য়ে ফেশ্বনৰ জৰিয়তে নিজকে প্ৰকাশ কৰাৰ বাবে এক শক্তিশালী মঞ্চ হিচাপে প্ৰমাণিত হ’ল৷ ‘প্লে এন-ভ’গ’-ৰ জৰিয়তে আমি হাই ফেশ্বনক কলাত্মক উপাদানসমূহৰ সৈতে মিহলাই গতানুগতিক নীতি-নিয়মসমূহক প্ৰত্যাহ্বান জনাইছিলো৷ এই প্ৰদৰ্শনটোৱে সীমাবদ্ধতাক ঠেলি দিয়াৰ সুযোগ দিছিল, আৰু দৰ্শকে এই সাহসী প্ৰয়োগক আকোৱালি লোৱা দেখিবলৈ পোৱাটো সঁচাকৈয়ে উৎসাহবৰ্ধক হৈ পৰিছিল৷’’
ন’টঅ’ৱানৰ প্ৰতিষ্ঠাপক ডিজাইনাৰ অভিষেক পাটনী-য়ে প্ৰকাশ কৰে যে, ‘‘ন’টঅ’ৱানত আমি সদায় হাই-এণ্ড নান্দনিকতাৰ সৈতে ষ্ট্ৰীটওৱেৰৰ প্ৰভাৱসমূহক একত্ৰিত কৰি সমসাময়িক ফেশ্বনক পুনৰ সংজ্ঞায়িত কৰাত বিশ্বাস কৰিছিলোঁ৷ ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন ট্যুৰ-য়ে ডিজাইনসমূহৰ দৰেই গতিশীল অভিজ্ঞতা সৃষ্টি কৰি আমাৰ অত্যাধুনিক, সাহসী আৰু অগতানুগতিক এট-লেইজৰ দৃষ্টিভংগীক জীৱন্ত কৰি তুলিবলৈ নিখুঁত মঞ্চ প্ৰদান কৰিছিল৷’’
ডিজাইনাৰ পৱন সচদেৱ-য়ে প্ৰদৰ্শনটোৰ ওপৰত ভাৱধাৰা ব্যক্ত কৰি কয়, ‘‘গুৱাহাটীত ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন ট্যুৰৰ অন্তিম ষ্টপৰ অংশ হ'বলৈ পাই মই সন্মানিত হৈছিলো৷ মোৰ সংগ্ৰহে এট-লেইজৰ-ৰ ভাৱনাহীন চেতনাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু মই ষ্টাইলিছ হোৱাৰ লগতে আৰামদায়ক দুয়োধৰণৰ টুকুৰাসমূহৰ সৃষ্টি কৰি এক ঝংকাৰ উৎপন্ন কৰিছিলোঁ৷ দৰ্শকে প্ৰদৰ্শনটো উপভোগ কৰাৰ বাবে মই ৰোমাঞ্চিত হৈ পৰিছিলোঁ!’’
শ্ব’ষ্টপাৰ ইশান খাট্টৰ-য়ে কয়, ‘‘ফেশ্বন হৈছে আত্মবিশ্বাস, প্ৰকাশ আৰু এটা অভিবক্তি আগবঢ়োৱা৷ ৱাকিং ফৰ ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন ট্যুৰ-ৰ গুৱাহাটী প্ৰদৰ্শনটো আছিল অবিশ্বাস্য - প্ৰদৰ্শটোৰ প্ৰতিটো উপাদান আছিল সাহসী, নিৰ্ভীক শৈলীৰ উদযাপন আৰু মই ইয়াৰ অংশ হ’বলৈ পাই ৰোমাঞ্চিত হৈ পৰিছো৷’’
ৰেপাৰ কৃষ্ণা-য়ে প্ৰকাশ কৰে, ‘‘ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন ট্যুৰ কেৱল এটা ফেশ্বন অনুষ্ঠান নাছিল – এয়া সংগীত, সুৰ, প্ৰবলতা আৰু আত্মপ্ৰকাশৰ গতিশীল উদযাপন আছিল৷ প্ৰতিটো দিশতে সৃষ্টিশীলতা প্ৰবাহিত হোৱা গুৱাহাটীত পৰিৱেশন কৰাটো একেবাৰে অতিবাস্তৱ যেন অনুভৱ হৈছিল৷ ভিৰৰ শক্তি লগতে ফেশ্বন আৰু সংগীতৰ মাজৰ সমন্বয়ে ইয়াক সঁচাকৈয়ে অবিস্মৰণীয় কৰি তুলিছিল৷’’
ৰেপাৰ কৰ্মা-য়ে কয়, ‘‘গুৱাহাটীত ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন ট্যুৰ-ৰ অভিজাত সমাপ্তিৰ অংশ হোৱাটো সঁচাকৈয়ে এক বিদ্যুৎচকিত অভিজ্ঞতা আছিল, য’ত আমি আমাৰ ছন্দ আৰু গীতৰ কথাসমূহৰ মাজেৰে নিশাৰ ভাইবক প্ৰসাৰিত কৰিবলৈ পাইছিলোঁ৷ প্ৰতিটো ৰূপতে অভিনৱতাক উদযাপন কৰা এনে এক সন্মানীয় মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ পোৱাটো এক গৌৰৱৰ কথা আছিল৷’’
‘‘ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন ট্যুৰৰ কিউৰেটৰ হিচাপে, এয়া কেনেদৰে আইকনিক আৰু এন ভ’গ অভিজ্ঞতাসমূহৰ ‘দ্য অ’ৱান এণ্ড অনলি’ প্লেটফৰ্ম হিচাপে গঢ় লৈ উঠিছিল সেয়া প্ৰত্যক্ষ কৰাটো ৰোমাঞ্চকৰ আছিল৷ প্ৰতিটো ধাৰণাই ফেশ্বন, গ্লেমাৰ আৰু সৃষ্টিশীলতাৰ এক সুকীয়া ব্যাখ্যা উপস্থাপন কৰি আপোনাক ব্লেণ্ডাৰ্ছ প্ৰাইডৰ অসাধাৰণ জগতখনলৈ আমন্ত্ৰণ জনাই এক নিমজ্জিত পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিছিল৷’’ আশীষ ছোনী-য়ে এইদৰে প্ৰকাশ কৰে কয়৷
এফডিচিআই-ৰ চেয়াৰমেন সুনীল চেঠী-য়ে প্ৰকাশ কৰে যে, “এফডিচিআই-য়ে ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন ট্যুৰৰ সৈতে সহযোগিতা কৰি ফেশ্বনৰ দুয়োটা শক্তিশালী প্ৰতিষ্ঠানক একত্ৰিত কৰিবলৈ পাই ৰোমাঞ্চিত হৈছিল, যিয়ে ইয়াৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে বিদ্যমান আমাৰ দায়বদ্ধতাক বিকশিত কৰিছিল৷ আমি এনে এটা আকৰ্ষণীয় নতুন সংস্কৰণৰ সৃষ্টি কৰিলোঁ যিয়ে গোলকীয় ফেশ্বনৰ সদা বিকশিত স্পন্দনক গ্ৰাস কৰি দেশজুৰি দৰ্শকসকলক আকৰ্ষিত কৰিলে৷’’
No comments:
Post a Comment