বি বৰুৱা কলেজক বিকশিত ভাৰত যুৱ সংসদৰ সফল সমাপ্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 26 March 2025

বি বৰুৱা কলেজক বিকশিত ভাৰত যুৱ সংসদৰ সফল সমাপ্তি



W7s news গুৱাহাটী : কামৰূপ (ম), দৰং আৰু মৰিগাওঁৰ অধীনত জিলা পৰ্যায়ৰ বিকশিত ভাৰত যুৱ সংসদ ৰ সফলতাৰে বি বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত মাৰ্চ ২২ৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হয়। এই অনুষ্ঠান বি বৰুৱা মহাবিদ্যালয় আৰু নেহৰু যুব কেন্দ্ৰ, কামৰূপ (ম)ৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুস্হানত বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যেন্দ্ৰ নাথ বর্মন উপস্থিত থাকি আনুষ্ঠানিকভাৱে কাৰ্যসূচী উদ্বোধন কৰে। যুৱ সংসদত এন এছ এছৰ উত্তৰ-পূৱ সংমণ্ডলৰ  সঞ্চালক জেংজিলঙ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এন.এচ.এচ.ৰ  প্ৰগ্ৰাম অফিচাৰ ড° সত্যব্ৰত বৰুৱাই যুৱ সংসদীয় সকলক উষ্ম আদৰণি জনায় আৰু এনে মঞ্চই যুৱপ্ৰজন্মৰ মাজত নেতৃত্বদান, নাগৰিক দায়িত্ব আৰু নীতিগত জ্ঞান গঢ়ি তুলিবলৈ কেনেকৈ সহায় কৰে, সেই বিষয়ে আলোকপাত কৰে।

মুঠ ১৫০ জন অংশগ্ৰহণকাৰীয়ে এই যুৱ সংসদত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি “এখন দেশ এটা নিৰ্বাচন” বিষয়ত তেওঁলোকৰ জ্ঞান, বিতাৰ্কিক দক্ষতা আৰু দৃষ্টিভংগী প্ৰকাশ কৰে। অনুষ্ঠানত নেহৰু যুব কেন্দ্ৰ, কামৰূপ (ম)ৰ যুৱ বিষয়া চয়ন শুক্লবৈদ্য আৰু বি বৰুৱা মহাবিদ্যালয়ৰ আই.কিউ.এ.চি. সমন্বয়ক ড° দিগন্ত চৌধুৰী প্ৰমুখ্যে বিশিষ্ট  অতিথিসকল উপস্থিত থাকে। যুৱ সংসদ প্ৰতিযোগিতাৰ অন্তত, ১০ জন অংশগ্ৰহণকাৰী নিৰ্বাচিত হয়, যিয়ে কামৰূপ (ম), দৰং আৰু মৰিগাঁও জিলাক প্ৰতিনিধিত্ব কৰি ২৬ মাৰ্চত অসম বিধানসভাত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ যুৱ সংসদত অংশগ্ৰহণ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here