গুৱাহাটীত ৰয়েল ষ্টেগ বুমবক্সৰ মন্ত্ৰমুগ্ধকৰ অনুষ্ঠান: আৰমান মালিক, নিকিতা গান্ধী, ইক্কা আৰু ডি জে যোগীৰ আইকনিক পৰিবেশন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 3 March 2025

গুৱাহাটীত ৰয়েল ষ্টেগ বুমবক্সৰ মন্ত্ৰমুগ্ধকৰ অনুষ্ঠান: আৰমান মালিক, নিকিতা গান্ধী, ইক্কা আৰু ডি জে যোগীৰ আইকনিক পৰিবেশন

 



চাৰিখন চহৰ ভ্ৰমণ কৰিবলগা ৰয়েল ষ্টেগ বুমবক্স – দা অৰিজিনেল ছাউণ্ড অৱ জেনেৰেচন লাৰ্জে শিল্প, সংস্কৃতি আৰু গেমিং অভিজ্ঞতাৰ সৈতে সংমিশ্ৰণ কৰিছে বলিউডৰ সুৰ আৰু হিপ-হপ বীটক


W7s newsগুৱাহাটী : ‘লিভিং ইট লাৰ্জ’ মনোভাৱ উদযাপন কৰি ছিগ্ৰামৰ ৰয়েল ষ্টেগে অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম কমপ্লেক্সত ১ মাৰ্চত দৰ্শনীয় অনুষ্ঠানৰ জৰিয়তে বহু প্ৰত্যাশিত ৰয়েল ষ্টেগ বুমবক্সৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। পূৰ্বৰ সংস্কৰণসমূহৰ অসাধাৰণ সফলতাৰ ওপৰত ভিত্তি কৰি আৰম্ভ কৰা এইবাৰৰ উৎসৱে সংগীত আৰু গেমিং মনোৰঞ্জনৰ শ্ৰেষ্ঠত্বক একত্ৰিত কৰি সীমাবদ্ধতাক আৰু অধিক আগুৱাই নিব। ভাৰতৰ একাংশ জনপ্ৰিয় শিল্পীৰ অনুষ্ঠান পৰিবেশনৰ অভিজ্ঞতা লাভ কৰিবলৈ হাজাৰ হাজাৰ উৎসাহী লোকৰ সমাগত সন্ধিয়াটোত উৎসৱমুখৰ হৈ পৰে। অনুষ্ঠানটোৱে স্পন্দনশীল সংগীত, মনোমোহা পৰিবেশন, আৰু অতুলনীয় শক্তিৰ এক অবিস্মৰণীয় নিশাৰ অভিজ্ঞতা আগবঢ়ায়।


গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম কমপ্লেক্সৰ বৃহৎ খেলপথাৰখনে বহুৰঙী ইনষ্টলেচন, নিমজ্জিত কলা প্ৰদৰ্শন, ধুনীয়াকৈ সজাই ৰখা খাদ্যৰ অভিজ্ঞতা, আৰু ইন্টাৰেক্টিভ জ’নৰ সৈতে সজীৱ হৈ পৰিছিল, যিয়ে সংগীতৰ বাহিৰেও নানান দিশ উদযাপনৰ সুবিধা আগবঢ়াইছিল। ডি জে যোগীৰ ইলেক্ট্ৰিফায়িং পৰিবেশনেৰে আৰম্ভ হোৱা সন্ধিয়াটোৱে গোটেই নিশাটোৰ বাবে দৰ্শকৰ মন প্ৰফুল্লিত কৰি ৰাখে। ৰেপ আইকন ইক্কাই তেওঁৰ ইলেক্ট্ৰিফায়িং বিটসমূহ প্ৰদান কৰাৰ লগে লগে দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰে, ইয়াৰ পিছতে পাৱাৰহাউছ কন্ঠশিল্পী নিকিতা গান্ধীয়ে যাদুকৰী কন্ঠৰে দৰ্শকক মোহাচ্ছন্ন কৰে। গ্ৰেণ্ড ফিনালেত সংগীতৰ গুৰু আৰমান মালিকে এক দৰ্শনীয় অনুষ্ঠান  পৰিবেশনেৰে বিভিন্ন সংগীত ধাৰাৰ মিশ্ৰণক নিখুঁতভাৱে মূৰ্ত কৰি তোলে, যিয়ে জেনেৰেচন লাৰ্জৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতাৰ পৰিবেশ সৃষ্টি কৰে।


গায়ক-গীতিকাৰ আৰমান মালিকে কয়, “সংগীত সদায় জনসাধাৰণৰ সৈতে মোৰ সংযোগ স্থাপনৰ এক মাধ্যম হৈ আহিছে, সেয়া লাগিলে য’ৰ পৰাই নহওক আৰু তেওঁলোকে যি ভাষা কওক কিয়। যোৱা বছৰ সমগ্ৰ দেশতে ৰয়েল ষ্টেগ বুমবক্সৰ বাবে পৰিবেশন কৰাটো মোৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা আছিল, য’ত প্ৰতিখন চহৰৰ দৰ্শকৰ মৰম দেখি সঁচাকৈয়ে অভিভূত হৈ পৰিছিলো। ইয়াতে মই আচৰিত মানুহক লগ পাইছিলো, বিভিন্ন সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিছিলো, আৰু সংগীতে সকলোকে কেনেকৈ একত্ৰিত কৰে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছিলো।”


গায়িকা নিকিতা গান্ধীয়ে লগতে কয়, “ব্যক্তিগতভাৱে মোৰ বাবে ৰয়েল ষ্টেগ বুমবক্স হৈছে সংগীতৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা আৰু সীমা ভংগ পৰিধি ভংগ কৰা এক মাধ্যম। ধাৰাসমূহৰ সংমিশ্ৰণেই হওক বা আলোড়িত কৰা লাইভ পৰিৱেশন প্ৰদান কৰাই হওক, এই মঞ্চই আমাক সৃষ্টিশীল সীমাবদ্ধতাক নতুন ৰূপ দিবলৈ অনুমতি দিয়ে। গুৱাহাটীৰ ৰয়েল ষ্টেগ বুমবক্সত অনুষ্ঠান পৰিৱেশন কৰাটো আছিল এক অবিস্মৰণীয় অভিজ্ঞতা।”


শিল্পী ইক্কাই কয়, “ৰয়েল ষ্টেগ বুমবক্সৰ বিশেষত্ব হ’ল ই প্ৰতিগৰাকী শিল্পীক তেওঁলোকৰ অনন্য সংগীত আৰু প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুযোগ দিয়ে। ই হ’ব সম্পূৰ্ণৰূপে বাস্তৱ কাহিনী আৰু অবিস্মৰণীয় মুহূৰ্ত! এনে নান্দনিক শক্তিৰে গুৱাহাটীত যাত্ৰাৰ অন্ত পেলোৱাটো সঁচাকৈয়ে এক অবিশ্বাস্য অভিজ্ঞতা আছিল।”


ডি জে যোগীয়ে কয়, “ৰয়েল ষ্টেগ বুমবক্স হৈছে সংগীতৰ জৰিয়তে সংগীতপ্ৰেমীক গতিশীল আৰু সজীৱ অনুভৱ প্ৰদান কৰা। এগৰাকী ডি জে হিচাপে মোৰ লক্ষ্য হৈছে বিট আৰু ধাৰাসমূহৰ মিশ্ৰণেৰে এক অবিস্মৰণীয় পৰিৱেশ সৃষ্টি কৰা।”


পাৰ্ন’ড ৰিকাৰ্ড ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া তথা গ্ল’বেল বিজনেছ ডেভেলপমেণ্টৰ মুৰব্বী কাৰ্তিক মহিন্দ্ৰাই কয়, “বিশেষকৈ লাইভ অভিজ্ঞতাত সংগীতৰ সাৰ্বজনীন ভাষাই মানুহক একত্ৰিত কৰি বিশুদ্ধ যাদুৰ মুহূৰ্ত সৃষ্টি কৰিব  পাৰে। ৰয়েল ষ্টেগে সংগীতক ইয়াৰ মূল আবেগ স্তম্ভ হিচাপে উদযাপন কৰি আহিছে।  এতিয়া, আমি ৰয়েল ষ্টেগ বুমবক্সৰ তৃতীয় সংস্কৰণ উন্মোচন কৰাৰ লগে লগে এই প্লেটফৰ্মে অভিজ্ঞতাক এক উত্তেজনাপূৰ্ণ নতুন শব্দৰ মায়াজালেৰে উন্নীত কৰিবলৈ সাজু হৈছে। হিপ-হপৰ স্পন্দনশীল ছন্দৰ সৈতে বলীউডৰ সুৰ মিহলাই, শিল্প আৰু সাংস্কৃতিক অভিজ্ঞতাৰ সৈতে মিহলাই লিভিং ইট লাৰ্জৰ ব্ৰেণ্ড দৰ্শনৰ সঁচা অৰ্থত উদাহৰণ দাঙি ধৰিছে।”


ই এন আই এলৰ মুখ্য কাৰ্যবাহী বিষয়া যতীশ মেহৰিষীয়ে কয়, “ৰয়েল ষ্টেগ বুমবক্স হৈছে সংগীতৰ যাদুৰ জৰিয়তে মানুহক একত্ৰিত কৰাৰ এখন মঞ্চ। ইয়াত উদ্ভাৱনে সংস্কৃতি আৰু পৰম্পৰাক আধুনিকতাৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংমিশ্ৰণ ঘটায়। ই এন আই এলত আমি বিশেষভাৱে সহযোগিতা কৰিবলৈ উৎসাহিত হৈছো, যিয়ে বৈচিত্ৰ্যক উদযাপন কৰে আৰু অবিস্মৰণীয় মুহূৰ্তৰ সৃষ্টি কৰে। এই সংস্কৰণটো হৈছে সংগীতপ্ৰেমীক আনন্দ প্ৰদান কৰাৰ ক্ষেত্ৰত এক পদক্ষেপ ।”


ছিগ্ৰামছ ৰয়েল ষ্টেগ বুমবক্স হৈছে ভাৰতৰ বৈচিত্ৰময় সংগীতৰ সংস্কৃতি উদযাপন, যিয়ে আইকনিক শিল্পী আৰু বিশেষ প্ৰতিভাক একত্ৰিত কৰি শব্দৰ গতিশীলতা সংযোজন কৰে। বছৰ বছৰ ধৰি সংগীত ব্ৰেণ্ডটোৰ বাবে গ্ৰাহকৰ সংযোগৰ এক মূল স্তম্ভ হৈ আহিছে। এই প্লেটফৰ্মে সাহসেৰে বলীউডৰ কালজয়ী সুৰক হিপ-হপৰ সৈতে একত্ৰিত কৰি আজিৰ প্ৰজন্মৰ মূল শব্দ ‘জেনেৰেচন লাৰ্জ’ৰ সৃষ্টি কৰে। এই উৎসৱে আজিৰ যুৱক-যুৱতীসকলৰ সৈতে অনুৰণন ঘটা এক সুকীয়া শব্দৰ মায়াজালৰ সৃষ্টি কৰে।


ৰয়েল ষ্টেগ বুমবক্সে অচিৰেই মুকলি কৰিব অৰিজিনেল ছাউণ্ডট্ৰেক, যিয়ে সুৰীয়া আৰু হিপ-হপ উপাদানৰ মিশ্ৰণ কৰে আৰু ইয়াক ডিজিটেল প্লেটফৰ্মত সংলগ্ন ভিডিঅ’ৰ সৈতে একক হিচাপে মুকলি কৰা হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here