*
W7s news,,গুৱাহাটী, ২ মাৰ্চ: ছিগাল থিয়েটাৰৰ প্ৰযোজনাত ২ মাৰ্চত মঞ্চস্থ কৰা হ'ল এখন নতুন নাটক 'শ্লীপী'। ৰুছ নাট্যকাৰ তথা গল্পকাৰ এণ্টন চেখ'ভৰ বহু সমাদৃত গল্প 'শ্লীপী'ৰ আধাৰত, ভাগীৰথী বাই কাদমৰ তত্ত্বাৱধানত আৰু আকাশ শইকীয়াৰ পৰিচালনাত নাটকখন মঞ্চস্থ কৰা হয়। মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ জুৰণি পথত থকা ছিগাল ষ্টুডিঅ’ত নাটকখন মঞ্চস্থ কৰা হয়। এঘণ্টীয়া নাটখনৰ নাট্যৰূপ আৰু মঞ্চসজ্জা পৰিচালক আকাশ শইকীয়াৰ। বি পাল্কীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰে। নাটখনত অভিনয় কৰা আন আন অভিনয় শিল্পীসকল হ'ল মনময়ূৰী বৰ্মন, অৰ্বাব ওমৰ, ধ্ৰুৱ কুমাৰ ডেকা আৰু দেৱ শংকৰ নাথ। সংগীত সিদ্ধাৰ্থ দত্তৰ। আলোকসজ্জা আফটাব হুছেইনৰ। হিন্দী আৰু ইংৰাজী ভাষাত এই 'ডাৰ্ক থীম'ৰ নাটকখন পৰিৱেশন কৰা হয়।
No comments:
Post a Comment