৯ মাৰ্চত গুৱাহাটীত প্ৰাগ চিনে এৱাৰ্ডছ ২০২৫ ৰীণা বৰালৈ জীৱনজোৰা সাধনা বঁটা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 2 March 2025

demo-image

৯ মাৰ্চত গুৱাহাটীত প্ৰাগ চিনে এৱাৰ্ডছ ২০২৫ ৰীণা বৰালৈ জীৱনজোৰা সাধনা বঁটা

Responsive Ads Here

 

IMG-20250301-WA0061

অচিৰেই মায়া নগৰী মুম্বাইত অনুষ্ঠিত হ’ব প্ৰাগ চিনে এৱাৰ্ডছ 




W7s news  গুৱাহাটী ঃ ৯০ বছৰীয়া সোণোৱালী ইতিহাসেৰে সমৃদ্ধ অসমীয়া চলচ্চিত্ৰ উদ্যোগৱে আজিৰ দিনটোত স্পৰ্শ কৰিছে সফলতাৰ শীৰ্ষ চূড়া ৷ ছবিগৃহত সগৌৰৱেৰে সপ্তাহৰ পিছত পিছত সপ্তাহ ধৰি চলে অসমীয়া ছবি ৷ শিল্পী কলা কুশলীৰ উন্নতমানৰ সৰ্বতোপ্ৰকাৰৰ প্ৰদৰ্শনে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে দৰ্শকক ৷ বছৰটোত নিৰ্মান হৈছে একাধিক বিগ বাজেটৰ ছবি ৷ এই চলচ্চিত্ৰ উদ্যোগটোক আৰু অধিক গতিশিল কৰাৰ লগতে অসমীয়া ছবিজগতক সমৃদ্ধ কৰাৰ মহৎ উদ্দেশ্যৰে এ এম টেলিভিছন প্ৰাইভেট লিমিটেডে ২০০৩ চনৰ পৰাই অনুষ্ঠিত কৰি আহিছে উত্তৰ পূবৰ সৰ্ববৃহৎ “মেগা ইভেন্ট“ প্ৰাগ চিনে এৱাৰ্ডছ ৷ বৰ্তমানলৈকে এ এম টেলিভিছনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ৫২ খনকৈ ছবি ৷  বৰাক ব্ৰহ্মপুত্ৰক সামৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে মেঘালয় , বাংগালুৰু আদিত অনুষ্ঠিত কৰি অহা হৈছে প্ৰাগ চিনে এৱাৰ্ডছ ৷ এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছ ২০২৫ বিশাল পৰিসৰত অনুষ্ঠিত হ’ব গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত ৷ আজি এক সংবাদমেলত প্ৰাগ চিনে এৱাৰ্ডছৰ মুখ্য পৃষ্ঠপোষক তথা প্ৰাগ নিউজৰ অধক্ষ্য তথা পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়নে কয় , এটা ভাল খবৰ এই যে , উত্তৰ পূবৰ প্ৰথমটো নিউজ চেনেল প্ৰাগ নিউজে খোজ পেলালে জন্মৰ ৰূপালী জয়ন্তী বৰ্ষত ৷ ২০০১ চনৰ পৰা যাত্ৰা আৰম্ভ কৰা প্ৰাগ নিউজৰ এই যাত্ৰাত সদায় সহযোগ কৰি অহা সদাশয় দৰ্শকৰ ওচৰত প্ৰাগ পৰিয়াল সদায় চিৰ কৃতজ্ঞ ৷ এই শুভ ক্ষণতে অহা ৯ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰাগ চিনে এৱাৰ্ডছ ২০২৫ ৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ উত্তৰ পূবৰ এই সৰ্ববৃহৎ মেগা ইভেন্টৰ মূল উদ্দেশ্য হ’ল অসম তথা উত্তৰ পূবৰ বিভিন্ন স্থানৰ পৰা নতুন নতুন শিল্পী , কলা কুশলী সৃষ্টি কৰি প্ৰযোজক সকলক নতুন নতুন ছবি নিৰ্মান কৰিবলৈ উৎসাহ জনোৱাৰ লগতে উত্তৰ পূবৰ চলচ্চিত্ৰ উদ্যোগটোক অধিক গতিশীল কৰি তোলাৰ ৷ যাৰ বাবে প্ৰাগ চিনে এৱাৰ্ডছক ৰাজ্যৰ বিভিন্ন সৰু বৰ চহৰলৈ ইতিমধ্যেই প্ৰসাৰিত কৰা হৈছে ৷ অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষত যোৰহাটত অনুষ্ঠিত হোৱা প্ৰাগ চিনে এৱাৰ্ডছ মঞ্চত প্ৰদৰ্শন কৰা হৈছিল চাহ জনগোষ্ঠীৰ সংস্কৃতি ৷ এটি কলি দুটি পাত শীৰ্ষক অনুষ্ঠানত প্ৰদৰ্শন কৰা হৈছিল ঝুমুৰ নৃত্য ৷  এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ মূল থীম হিচাপে নিৰ্বাচিত কৰা হৈছে সত্ৰ নগৰী মাজুলীৰ শিল্পীয়ে  ব্ৰজাৱলী ভাষাত প্ৰদৰ্শন কৰা মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি মুখাশিল্পীৰ ভাওনা ৷ উল্লেখযোগ্য যে , অচিৰেই প্ৰাগ চিনে এৱাৰ্ডছ অনুষ্ঠিত কৰা হ’ব মায়া নগৰী মুম্বাইত ৷  সংবাদমেলত ড° নাৰায়ণে কয় যে , এইবছৰ প্ৰাগ চিনে এৱাৰ্ডছৰ মনোনয়নৰ বাবে যোৱাটো বৰ্ষত ছবিগৃহত মুক্তিলাভ কৰা ছবিকহে বাচনি কৰা হ’ব।  এইবছৰ ২০ খন অসমীয়া ছবি আৰু উত্তৰ পূবৰ অন্য ভাষাৰ ১৬ খন ছবিয়ে মনোয়ন লাভ কৰিছে ৷  এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছ ২০২৫ ৰ জীৱন জোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে মঞ্চ আৰু ছবিজগতৰ বিশিষ্ট অভিনেত্ৰী ৰীণা বৰালৈ ৷ গ্ল’ৱেল আইকন বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট অভিনেতা বাহাৰুল ইছলামক ৷ একেদৰে টপচেম ইয়ং এচিভাৰ বঁটা আগবঢ়োৱা হ’ব যুৱ অভিনেত্ৰী তথা ছবি নিৰ্মাতা সুলক্ষণা বৰুৱাক ৷  উল্লেখযোগ্য যে , ইয়াৰ পূৰ্বে জীৱন জোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে ড° ভুপেন হাজৰিকা , জ্ঞানদা কাকতি , আব্দুল মজিদ , নিপন গোস্বামী , বিজু ফুকন , মৃদুলা বৰুৱা , বিষ্ণু খাৰঘৰীয়া , বিদ্যা ৰাও , মুনীন বৰুৱা , কুলদা কুমাৰ ভট্টাচাৰ্য , ৰুণু দেৱী , অৰিবাম শ্যাম শৰ্মা , মলয়া গোস্বামী , চেতনা দাস, তৌফিক ৰহমান , দীনেশ দাস আদি প্ৰখ্যাত অভিনেতা অভিনেত্ৰী তথা শিল্পীক ৷ আনহাতে পূৰ্বৰ দৰে এইবাৰো ২০২৪ বৰ্ষত চেন্সৰ হোৱা ছবিৰ মাজৰ পৰা অসম তথা উত্তৰ পূবক সামৰি বিভিন্ন শাখাত প্ৰদান কৰা হ’ব বঁটা। এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ মূল আকৰ্ষণ হ’ল বলিউডৰ শিল্পী কণিকা কাপুৰ আৰু গুহৰ খান ৷ লগতে থাকিব অসম তথা উত্তৰ পূবৰ শিল্পীৰ মনোজ্ঞ অনুষ্ঠান । উত্তৰ পূবৰ এই সৰ্ববৃহৎ অনুষ্ঠানটোত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ৷ সংবাদমেলত উপস্থিত থাকে এ এম টেলিভিছনৰ অধ্যক্ষ ডা° অক্ষতা নাৰায়ণ ,উদ্যোক্তা  ৰাজেশ শৰ্মা , ৰাজেশ বৰা, মিন্টু বৰুৱা আৰু উদ্যোগী ঋষিৰাজ বৰকটকী ৷ উল্লেখযোগ্য যে , প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠান ছাত্ৰ ছাত্ৰী সকলে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব ৷ ছাত্ৰ ছাত্ৰী সকলে পৰিচয় পত্ৰ দেখুৱাই প্ৰৱেশ কৰিব পাৰিব অনুষ্ঠানস্থলীত ৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *