W7s news,,গুৱাহাটী/নতুন দিল্লী, 11 মাৰ্চ, 2025: চাৰি দশকৰ উৎকৃষ্টতাৰে পৰীক্ষণ, পৰিদৰ্শন, আৰু প্ৰমাণীকৰণ (টিআইচি) সেৱাৰ ক্ষেত্ৰত ভাৰতীয় বিশ্বাসযোগ্য নেতা অৰিগা ৰিচাৰ্চ প্ৰাইভেট লিমিটেডে অসমৰ খাদ্য, ঔষধ, আৰু চাহ উদ্যোগক শক্তিশালী কৰাৰ লক্ষ্যৰে দুখন উল্লেখযোগ্য বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে I এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ ত অসম চৰকাৰ আৰু চাহ গৱেষণা সন্থাৰ সৈতে স্বাক্ষৰিত এই চুক্তি দুখনে অসমৰ উদ্যোগসমূহৰ বাবে গুণগত নিশ্চয়তা, নিয়ন্ত্ৰণ অনুসৰণ, আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ দিশত এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।
এই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূর্ণ বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে অসমে সীমাহীন সম্ভাৱনাৰ অৱস্থালৈ ৰূপান্তৰিত হোৱাৰ আলোকপাত কৰি ভাৰতৰ অৰ্থনৈতিক বিকাশৰ এক গুৰুত্বপূৰ্ণ চালক হিচাপে কেনেদৰে আগবাঢ়ি গৈছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে I ইয়াৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিনিয়োগকাৰী অনুকূল নীতি, আন্তঃগাঁথনি বৃদ্ধি, আৰু ইজ অৱ ডুইং বিজনেছ (ইঅ’ডিবি)ৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে I . এই অনুষ্ঠানত মূল নীতি নিৰ্ধাৰক আৰু উদ্যোগৰ নেতাসকলকো আকৰ্ষণ কৰা হয়, য’ত অসম এক উদ্যোগ কেন্দ্ৰ হোৱাৰ প্ৰতিশ্ৰুতিৰ ওপৰত, গুৰুত্ব আৰোপ কৰা হয়।
অৰিগা ৰিচাৰ্চে অসম চৰকাৰৰ সৈতে অংশীদাৰিত্ব কৰি খাদ্য, পানীয়, ঔষধ, আয়ুৰ্বেদ, আৰু চিকিৎসা সঁজুলিৰ উন্নত পৰীক্ষাগাৰ স্থাপন কৰিব । গুৱাহাটী বা ডিব্ৰুগড়ত স্থাপন হবলগীয়া এই অত্যাধুনিক সুবিধাৰ ৯ মাহৰ ভিতৰত কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে I ই ঘৰুৱা ব্যৱসায় আৰু ৰপ্তানিচালিত উদ্যোগ দুয়োটাকে পূৰণ কৰিব, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুণগত মানসমূহ মানি চলাটো নিশ্চিত কৰিব।
আন এক গুৰুত্বপূৰ্ণ পদক্ষেপত অৰিগা ৰিচাৰ্চে অসমৰ চাহ পৰীক্ষণ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে চাহ গৱেষণা সংস্থাৰ সৈতে এক ল্যাণ্ডমাৰ্ক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ভাৰতৰ মুঠ চাহ ৰপ্তানিৰ অসমে প্ৰায় ৫০% অৰিহণা যোগায়, তথাপিও ক্ষুদ্ৰ খেতিয়ক আৰু বটলিফ ফেক্টৰী (বিএলএফ)সমূহে প্ৰায়ে সুলভ মূল্যৰ, উচ্চমানৰ পৰীক্ষণ আৰু নিয়ন্ত্ৰণ অনুসৰণ সেৱাৰ সুবিধা লাভৰ বাবে সংগ্ৰাম কৰে।অৰিগা ৰিচাৰ্চত আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আমাৰ পৰিয়ালে ব্যৱহাৰ কৰিব পৰা সামগ্ৰী পৰীক্ষা আৰু প্ৰমাণীকৰণৰ বাবে টি আৰ এৰ মিছনৰ সৈতে সন্মিলীত হৈছো, যিয়ে গ্ৰাহকৰ মংগল আৰু উদ্যোগৰ উৎকৃষ্টতাৰ প্ৰতি আমাৰ সমৰ্পণক শক্তিশালী কৰি তুলিছে।”
এই গুৰুত্বপূৰ্ণ মাইলখুঁটিসমূহৰ বিষয়ে মন্তব্য কৰি অৰিগা ৰিচাৰ্চৰ পৰিচালন সঞ্চালক ড০ সৌৰভ অৰোৰাই কয়,”এই পদক্ষেপত অসম চৰকাৰৰ সৈতে সহযোগিতা কৰি আমি গৌৰৱ অনুভৱ কৰিছো। পৰীক্ষা, পৰিদৰ্শন, আৰু প্ৰমাণীকৰণৰ ক্ষেত্ৰত আমাৰ চাৰি দশকৰ বিশেষজ্ঞতাৰে আমি খাদ্য, ঔষধ, আৰু চিকিৎসা সঁজুলি খণ্ডত গুণগত মান আৰু সুৰক্ষাৰ বাবে নতুন মাপকাঠী স্থাপন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ I চাহ গৱেষণা সংস্থা (TRA)ৰ সৈতে অংশীদাৰিত্ব আমাৰ বাবে পুনৰ এক অতি গৌৰৱৰ মুহূৰ্ত I চাহ খেতিয়ক আৰু ৰপ্তানিকাৰকসকলৰ বাবে নতুন সুযোগ মুকলি কৰাৰ মূল চাবিকাঠি হৈছে শক্তিশালী পৰীক্ষণৰ আন্তঃগাঁথনি I টি আৰ এৰ সৈতে এই অংশীদাৰিত্বই, ক্ষুদ্ৰ আৰু মজলীয়া উৎপাদকসকলক বিশ্বব্যাপী সুৰক্ষা আৰু গুণগত মান পূৰণ কৰাত সহায় কৰিব, যাৰ ফলত অসমে বিশ্ব চাহ নেতা হিচাপে ইয়াৰ স্থান অধিক শক্তিশালী কৰি তুলিব I
তেও আগলৈ কয় যে,‘অৰিগা ৰিচাৰ্চত আমি পিপিপি মডেলৰ অধীনত কাম কৰি আহিছো আৰু গাজিয়াবাদ আৰু ভাৰতৰ অন্যান্য অঞ্চলত ৰাষ্ট্ৰীয় খাদ্য পৰীক্ষাগাৰ পৰিচালনা কৰি আহিছো। এইটো এফ এছ এছ এ আইৰ সহযোগী য’ত এফ এছ এছ এ আইয়ে এন এফ এলৰ দৈনন্দিন পৰিচালনা নিশ্চিত কৰে। এফ এছ এছ এ আইৰ সৈতে পৰীক্ষাগাৰ স্থাপনৰ ক্ষেত্ৰত আমাৰ বিশেষজ্ঞতাই নিয়ন্ত্ৰক আৰু উদ্যোগসমূহক পৰৱৰ্তী পৰ্যায়ৰ আস্থা প্ৰদান কৰে।”
অসম চৰকাৰে নীতিগত সহায় আগবঢ়াব, ক্ষীপ্ৰতাৰে নিষ্কাশন, আৰু সুকলমে কাৰ্যকৰীকৰণ সুনিশ্চিত কৰিব। এই পদক্ষেপৰ সৈতে অসমৰ ইজ অৱ ডুইং বিজনেছ (EoDB) নীতিৰ মিল আছে আৰু ই ভাৰতৰ মেক ইন ইণ্ডিয়া আৰু মেক ফৰ দ্য ৱৰ্ল্ড পদক্ষেপক সমৰ্থন কৰি ৰাজ্যখনক বিশ্বব্যাপী যোগান শৃংখলৰ সৈতে অধিক সংযুক্ত কৰিব।
অৰিগা ৰিচাৰ্চে কঠোৰ আন্তঃৰাষ্ট্ৰীয় নিয়মসমূহ মানি চলাটো নিশ্চিত কৰিবলৈ উৎপাদনকাৰীসকলক, আনকি সৰু আৰু মজলীয়া আকাৰৰ প্লেয়াৰ সকলকো খৰচ-বহনক্ষম, বিশ্বমানৰ পৰীক্ষণ সমাধান প্ৰদান কৰিব Iইয়াৰ দ্বাৰা অসমৰ চাহ উদ্যোগে ইউৰোপীয় ইউনিয়ন, আমেৰিকা, আৰু মধ্যপ্ৰাচ্যৰ দৰে গুৰুত্বপূৰ্ণ বিশ্ব বজাৰলৈ ৰপ্তানি সম্প্ৰসাৰণ কৰিব পাৰিব।
অৰিগা ৰিচাৰ্চে চাহ খেতিয়কসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা, গাঁথনিগত গুণগত নিৰীক্ষণ ব্যৱস্থা ৰূপায়ণ কৰা, উত্তৰ-পূব ভাৰতৰ বহল খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহক সহায় কৰা আদি ক্ষেত্ৰতো টি আৰ এৰ সহায়ক হব I
এই কৌশলগত অংশীদাৰিত্বসমূহে ২০২৩ বিত্তীয় বৰ্ষত ১৯.৫% জি এছ ডি পি বৃদ্ধিৰ দ্বাৰা সমৰ্থিত হৈ অসমৰ পছন্দৰ বিনিয়োগৰ গন্তব্যস্থান হিচাপে উত্থানক শক্তিশালী কৰে।এই কৌশলগত উন্নয়নসমূহে উত্তৰ-পূব ভাৰতৰ চাহ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ উন্নয়নত অপৰিসীম অৰিহণা যোগাব I উত্তৰ-পূব অঞ্চল বিশেষকৈ অসমে ভাৰতৰ চাহ ৰপ্তানিত যথেষ্ট অৰিহণা যোগায়, বছৰি ২০ কোটি কিলোগ্ৰামতকৈ অধিক চাহ ৰপ্তানি হয়, যিয়ে ভাৰতৰ মুঠ চাহ ৰপ্তানিৰ প্ৰায় ৫০% প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছতো বহু ক্ষুদ্ৰ খেতিয়ক আৰু বটলিফ ফেক্টৰীয়ে সুলভ মূল্যৰ, উচ্চমানৰ পৰীক্ষণ আৰু অনুসৰণ সেৱা লাভ কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যাৰ ফলত তেওঁলোকৰ ৰপ্তানিৰ সম্ভাৱনা সীমিত হৈ পৰে।গুণগত নিশ্চয়তা, সুৰক্ষা, আৰু ৰপ্তানি-প্ৰস্তুতিৰ ওপৰত শক্তিশালী গুৰুত্ব দি অৰিগা ৰিচাৰ্চৰ এই পদক্ষেপে সমগ্ৰ অসমৰ মূল উদ্যোগসমূহক অৰ্থনৈতিক বৃদ্ধি, উদ্ভাৱন, আৰু নিয়ন্ত্ৰণৰ উৎকৰ্ষতালৈ আগুৱাই নিব।
No comments:
Post a Comment