মিলিজ কিউৰেচন মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 28 March 2025

মিলিজ কিউৰেচন মুকলি


 


W7s news,,**গুৱাহাটী, ২৮ মাৰ্চ, ২০২৫:** কবিতা বৰুৱা মেধিৰ মিলিজ কিউৰেচন নামৰ বুটিক এখন কালি ছয়মাইলৰ জয়ানগৰত নতুন ৰূপত মুকলি কৰা হয় ৷  ইয়াত হাতেবোৱা ৰেচমৰ শাৰী, মেখেলা-চাদৰ আৰু পৰম্পৰাগত সাজ-পোছাকৰ এক অনন্য সংগ্ৰহ পোৱা যাব।  

বুটিকখনৰ উদ্বোধনী অনুষ্ঠানত কবিতা বৰুৱা মেধীয়ে কয়, “এই প্ৰয়াস আমাৰ বয়নশিল্পীসকলৰ শিল্পগত ঐতিহ্যক জীয়াই ৰখাৰ লগতে সাজপাৰক যুগোপযোগী ৰূপ দিয়া। পুৰণি আৰ্হি আৰু শৈলীসমূহক আধুনিকতাৰ সৈতে সম্পৃক্ত কৰি নতুন প্ৰজন্মৰ বাবে এক সুকীয়া শৈল্পিক অভিজ্ঞতা সৃষ্টি কৰাটোৱেই আমাৰ লক্ষ্য।” 

 বুটিকখনত গ্ৰাহকসকলে শিল্পীসকলৰ সৈতে প্রত্যক্ষ সাক্ষাৎ, বয়ন প্ৰক্ৰিয়াৰ জীৱন্ত প্ৰদৰ্শনী, ব্যক্তিগত ষ্টাইলিং সেৱা আৰু ২০২৫ চনৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা “ৰেচমী ঐতিহ্য” শীৰ্ষক নতুন সংগ্ৰহৰ সৈতে পৰিচিত হ’ব পাৰিব। মেধীয়ে জনোৱা মতে, অসমীয়া পাট-মুগাৰ সমৃদ্ধিশালী শিল্পক বিশ্বমঞ্চলৈ লৈ যোৱাৰ লগতে স্থানীয় শিল্পীসকলৰ অৰ্থনৈতিক স্বাৱলম্বনত সহায় কৰাৰ লক্ষ্যৰে বুটিকখন মুকলি কৰা হৈছে ।  

বুটিকখন সপ্তাহত প্ৰতিদিনে দিনৰ ১০ বজাৰপৰা সন্ধিয়া ৭ বজালৈ খোলা থাকিব।

উদ্বোধনী অনুষ্ঠানত সৃজনী প্ৰডাকচনৰ স্বত্বাধিকাৰী, কবি-সমাজকৰ্মী স্বপ্নালী মহন্ত আৰু আৰোহণ ফাউণ্ডেচনৰ চি এম ডি ডঃ সীমা কাশ্যপে অংশগ্ৰহণ কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here