উত্তৰ-পূব ভাৰতত ৫জি প্ৰযুক্তিক আগুৱাই নিয়াৰ বাবে ভাৰত চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ উত্তৰ-পূব পৰিষদৰ (এন ই চি) ৰ আৰ্থিক সহযোগিতা তথা নেৰকৰ্ম্ছ আৰু অমন্ত্য টেকন’লজিছৰ উদ্যোগত আয়োজিত এন ই আৰ টেক হেকাথন ২০২৫ ৰ প্ৰতিযোগিতাত ৫৭ টা দলৰ অংশগ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 12 March 2025

উত্তৰ-পূব ভাৰতত ৫জি প্ৰযুক্তিক আগুৱাই নিয়াৰ বাবে ভাৰত চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ উত্তৰ-পূব পৰিষদৰ (এন ই চি) ৰ আৰ্থিক সহযোগিতা তথা নেৰকৰ্ম্ছ আৰু অমন্ত্য টেকন’লজিছৰ উদ্যোগত আয়োজিত এন ই আৰ টেক হেকাথন ২০২৫ ৰ প্ৰতিযোগিতাত ৫৭ টা দলৰ অংশগ্ৰহণ


 

   


W7s news,,গুৱাহাটী,– নৰ্থ ইষ্টাৰ্ণ ৰিজনেল কমিউনিটি ৰিচ’ৰ্চ মেনেজমেণ্ট ছ’চাইটিয়ে যোৱা ১১ মাৰ্চ, ২০২৫ তাৰিখে সফলতাৰে এন ই আৰ টেক হেকাথন ২০২৫ৰ সামৰণি মাৰে৷ অনুষ্ঠানটোত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু ষ্টাৰ্টআপক প্ৰতিনিধিত্ব কৰা ৫৭ টা দলৰ অংশগ্ৰহণ পৰিলক্ষিত হয়। ভাৰত চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ উত্তৰ-পূব পৰিষদৰ (এন ই চি) অধীনস্থ সংস্থা নেৰকৰ্ম্ছৰ "সামাজিক প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে ৫জি ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় বৈজ্ঞানিক গৱেষণাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান" শীৰ্ষক প্ৰকল্পৰ অধীনত অমন্ত্য টেকন'লজিছে এই হেকাথন আয়োজন কৰে।


উত্তৰ-পূব পৰিষদৰ (এন ই চি) মাননীয় সদস্য  লংকি ফাংচো ডাঙৰীয়াই উক্ত অনুষ্ঠান উদ্বোধন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ৫জিৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে। "উত্তৰ-পূৰ্বাঞ্চলত প্ৰযুক্তিগত বিকাশৰ অপৰিসীম সম্ভাৱনা আছে আৰু ৫জি হৈছে এই সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে প্ৰয়োজনীয় চাবিকাঠী। এন ই আৰ টেক হেকাথন ২০২৫-এ উদ্যমশীল উদ্ভাৱকসকলক উন্নত প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰৰ সুবিধা আগবঢ়োৱাৰ লগতে অঞ্চলটোৰ এক উন্নত ভৱিষ্যতৰ বাবে প্ৰভাৱশালী সমাধান গঢ়ি তুলিবলৈ এখন উৎকৃষ্ট মঞ্চ প্ৰদান কৰে।"  শ্ৰী লংকি ফাংচোৱে কয়।


অনুষ্ঠানটোত অন্যান্য অতিথি আৰু প্ৰযুক্তি জগতৰ শীৰ্ষ নেতৃবৃন্দৰ লগতে আই চি টি, নেৰকৰ্ম্ছৰ মেনেজাৰ  ডনাল্ড মাওলোট, কহিমাৰ নাগালেণ্ড ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ (এন আই এম এছ আৰ)ৰ সঞ্চালক ডাঃ (অধ্যাপক) সৌম্য চক্ৰৱৰ্তী, অমন্ত্য টেকন'লজিছৰ সহ-প্ৰতিষ্ঠাপক আৰু চি বি অ' শ্ৰীযুত অমিত গুপ্তা তথা ইনকা চিনাৰ্জিছৰ চি ই অ’ শ্ৰী ৰাজ নৰুলা উপস্থিত আছিল। 


"এন ই আৰ টেক হেকাথন ২০২৫-ৰ দৰে পদক্ষেপৰ জৰিয়তে, নেৰকৰ্ম্ছে এক উদ্ভাৱনীমূলক সংস্কৃতি গঢ়ি তুলিছে য'ত যুৱ মনবোৰে বাস্তৱ-বিশ্বৰ সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰিব পাৰে। আমাৰ লক্ষ্য হৈছে প্ৰতিভাৰ উপযুক্ত ব্যৱহাৰেৰে ৰাজহুৱা স্বাৰ্থজড়িত গৱেষণা কাৰ্যত সহযোগীতা আগবঢ়াই সামূহিক জীৱন উন্নত কৰাৰ লগতে স্থায়ী সামাজিক প্ৰভাৱ সৃষ্টিকাৰী সমাধান বিকশিতকৰণৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ ডিজিটেল বিভাজন দূৰ কৰা।" আই চি টি, নেৰকৰ্ম্ছৰ মেনেজাৰ শ্ৰীযুত ডনাল্ড মাওলোটে কয়।


"৫জিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাত্মক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি অমন্ত্য টেকন'লজিছ দৃঢ়বিশ্বাসী। আঠখন ৰাজ্যতে উপলব্ধ আমাৰ ৫জি পৰীক্ষাগাৰৰ জৰিয়তে, আমি উদ্ভাৱকসকলক কৃষি, স্বাস্থ্যসেৱা, স্মাৰ্ট চিটিৰ উপৰিও প্ৰকৃতাৰ্থত এটি সমস্যা সমাধানকাৰী সুচল ব্যৱস্থা গঢ়ি তুলিবলৈ সকলো প্ৰকাৰৰ সুবিধা তথা প্ৰয়োজনীয় ক্ষমতা প্ৰদান কৰিছো। এন ই আৰ টেক হেকাথন ২০২৫ হৈছে পৰিসৰৰ বাহিৰলৈ গৈ আৰ্থ-সামাজিক বিকাশ গঢ় দিয়া আৰু অঞ্চলটোৰ বাবে উপযোগী এক সংযোগকাৰী ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰস্তুত কৰা এখন মঞ্চ।" অমন্ত্য টেকন'লজিছৰ সহ-প্ৰতিষ্ঠাপক আৰু চিবিঅ' অমিত গুপ্তাই কয়। 


ড° সৌম্য চক্ৰৱৰ্তীয়ে কয়, "উত্তৰ-পূব ভাৰতৰ এই অভিনৱ পদক্ষেপৰ লক্ষ্য হৈছে বিভিন্ন ব্যক্তি আৰু দলৰ অভূতপূৰ্ব উদ্ভাৱনীমূলক চিন্তাসমূহ পোহৰলৈ অনা। নাগালেণ্ডত, দূৰৱৰ্তীতা আৰু সীমিত কাৰিকৰী তথা ৫জি সাক্ষৰতাই যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। অৱশ্যে, অমন্ত্য আৰু নেৰকৰ্ম্ছৰ সহযোগিতামূলক দৃষ্টিভংগীয়ে উদ্ভাৱকসকলক এই সমস্যাবোৰৰ সমাধান উলিয়াবলৈ অনুপ্ৰাণিত আৰু শক্তিশালী কৰিব।"


প্ৰতিযোগিতাৰ পিছত, এন ই আৰ টেক হেকাথন ২০২৫-ৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়:

গ্ৰেণ্ড প্ৰাইজ বিজয়ী (১০ লাখ টকা): ইণ্ডিমিট

ৰানাৰ্ছ-আপ পুৰস্কাৰ বিজয়ী (প্ৰত্যেকৰ বাবে ২ লাখ টকাকৈ): এগ্ৰিচিওৰ, নিবিয়া ডিভাইচেছ, নিউট্ৰিক্সেৰিক


নিৰ্বাচিত দলসমূহে তেওঁলোকৰ প্ৰকল্পবোৰৰ জৰিয়তে সমস্যা সমাধানৰ দক্ষতা প্ৰদৰ্শন কৰি সম্ভাৱ্য বাস্তৱ জগতত ইয়াৰ প্ৰয়োগ প্ৰদৰ্শন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here