শংকৰদেৱ বিদ্যা নিকেতনত, ৰহাত আৰটিআই আৰু এলচিআই ২২ শ্ৰেণীকোঠাৰ প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 12 March 2025

demo-image

শংকৰদেৱ বিদ্যা নিকেতনত, ৰহাত আৰটিআই আৰু এলচিআই ২২ শ্ৰেণীকোঠাৰ প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ

Responsive Ads Here

IMG-20250313-WA0000

 

W7s news,,গুৱাহাটী, ১২ মাৰ্চঃ শৈক্ষিক আন্তঃগাঁথনি বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি মৰিগাঁৱৰ ৰহাৰ শংকৰদেৱ বিদ্যা নিকেতনত ২২টা শ্ৰেণীকোঠা নিৰ্মাণৰ কাম সফলভাৱে সমাপ্ত কৰিছে ৰাউণ্ড টেবুল ইণ্ডিয়া (আৰ টি আই) & লেডিজ চাৰ্কল ইণ্ডিয়াই (এল চি আই)। গুৱাহাটী চাপ্তেৰ ৰাউণ্ড টেবুল ইণ্ডিয়া  (জিজিআৰটি২৪০) আৰু লেডিজ চাৰ্কল ইণ্ডিয়া (জিজিএলচি১৫৮)ৰ নেতৃত্বত গঠিত এই পদক্ষেপৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক উন্নত শিক্ষণ পৰিৱেশ গঢ়ি তোলা।

এই বছৰ নতুনকৈ নিৰ্মাণ কৰা ছটা শ্ৰেণীকোঠা সংযোজন কৰাৰ লগে লগে এতিয়া বিদ্যালয়খনত আৰু প্ৰায় ২৪০ জন ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহন কৰিব পাৰিব, যাৰ ফলত শ্ৰেণীকোঠাৰ জৰুৰী নাটনিৰ সমাধান হৈছে। পূৰ্বতে ছাত্ৰ-ছাত্ৰীসকলে অস্থায়ী আৰু অসুৰক্ষিত গাঁথনিত ঠাই সীমিত হোৱাৰ বাবে অধ্যয়ন কৰিবলগীয়া হৈছিল। যোৱা চাৰি বছৰত আৰ টি আই এণ্ড এল চি আইয়ে ইতিমধ্যে ১৬টা শ্ৰেণীকোঠাৰ ব্লক নিৰ্মাণ কৰিছে, যাৰ ফলত বিদ্যালয়খনৰ উন্নয়নত তেওঁলোকৰ অৱদানৰ এইটো একেৰাহে পঞ্চম বছৰ।

উদ্বোধনী অনুষ্ঠানত জিজিআৰটি ২৪০ৰ অধ্যক্ষ গোবিন্দম আগৰৱাল, জিজিএলচি১৫৮ৰ অধ্যক্ষ শৈলজা আগৰৱাল, এৰিয়া১৪ৰ অধ্যক্ষ চাৰ্কলাৰ ৰেবেকা আগৰৱাল, এৰিয়া১৪ৰ ভাইচ চেয়াৰমেন টেবলাৰ চন্দ্ৰকান্ত ভাৰ্মাকে ধৰি আৰটিআই আৰু এলচিআইৰ অন্যান্য সন্মানীয় সদস্যসকল উপস্থিত থাকে।

আধুনিক শিক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰি প্ৰকল্পটোৱে প্ৰযুক্তিভিত্তিক শিক্ষণৰ সুবিধাৰ বাবে ৬৫ ইঞ্চিৰ ইন্টাৰেক্টিভ পেনেলৰে সজ্জিত স্মাৰ্ট ক্লাছৰুমও প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও এটা ক্ৰীড়া খেলপথাৰ গঢ়ি তোলা হৈছে, য’ত দোলনা আৰু ছি-চ’ৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শাৰীৰিক কাৰ্য্যকলাপক উৎসাহিত কৰা হৈছে। শ্ৰেণীকোঠাৰ আৰাম বৃদ্ধি কৰিবলৈ নতুনকৈ নিৰ্মাণ কৰা সকলো শ্ৰেণীকোঠাতে ছাত্ৰ আৰু শিক্ষক উভয়ৰে বাবে ডেস্ক, বেঞ্চ, ব্লেকবৰ্ড, আৰু বহাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে সজ্জিত কৰা হৈছে।

শিক্ষাৰ জৰিয়তে স্বাধীনতা পদক্ষেপৰ অধীনত আৰ টি আই এণ্ড এল চি আইয়ে সমগ্ৰ ভাৰতবৰ্ষৰ অভাৱগ্ৰস্ত শিশুসকলৰ শৈক্ষিক আন্তঃগাঁথনি উন্নত কৰাৰ দিশত অদম্যভাৱে কাম কৰি আহিছে। যোৱা ২৬ বছৰত আৰ টি আইয়ে সফলতাৰে ৯,২০০+ শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে, যাৰ ফলত ১০.২ মিলিয়ন শিশুৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিছে।

এই পদক্ষেপে গুণগত শিক্ষাৰ লালন-পালন আৰু আৰ্তজনৰ বাবে উজ্জ্বল ভৱিষ্যত গঢ় দিয়াৰ বাবে আৰ টি আই এণ্ড এল চি আইৰ সমৰ্পণৰ প্ৰমাণ হিচাপে থিয় দিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *