গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি স্বাক্ষৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 12 March 2025

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি স্বাক্ষৰ


 

গুৱাহাটী:- ১২,২০২৫: গুৱাহাটী বিশ্ববিদ্যালয় তথা বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ,অসমৰ মাজত প্ৰাচীন ঐতিহাসিক সমলসমূহ সংৰক্ষণ কৰাৰ অৰ্থে ১২ মাৰ্চ,২০২৫ ত বুধবাৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ হয়। 


গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ড⁰ ননী গোপাল মহন্ত,পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা তথা বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ,অসমৰ সঞ্চালিকা ড⁰ সংগীতা গগৈৰ উপস্থিতিত স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিৰ মূল লক্ষ্য হব অসমৰ প্ৰাচীন,মধ্য যুগৰ বিভিন্ন ঐতিহাসিক সমলসমূহ ভৱিষ্যত প্ৰজন্মলৈ সঠিক ৰূপত সংৰক্ষণ কৰা। চুক্তি সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে মন্তব্য আগবঢ়ায় যে,"এই চুক্তিয়ে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাবে অসমৰ চহকী ঐতিহাসিক সমলসমূহৰ সৈতে জড়িত হোৱাৰ সুযোগ সৃষ্টি কৰিব।"


উক্ত চুক্তিৰ অংশ হিচাপে বিভিন্ন গৱেষণামূলক অধ্যয়ন,সাঁচিপাত সংৰক্ষণৰ প্ৰসাৰ,সত্ৰ আৰু মন্দিৰৰ মূল্যৱান গ্ৰন্থসমূহ সংৰক্ষিত কৰা,ভাষা সংৰক্ষণ তথা পাণ্ডুলিপি তৈয়াৰৰ বিভিন্ন কৰ্মশালা আদি কাৰ্যসূচী সন্নিবিষ্ট হব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here