আজীৱন শিক্ষণৰ বাবে এক শক্তিশালী ভেটি
W7s news,,গুৱাহাটী,২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ ৰিহাবাৰীৰ মিলনপুৰত ফাৰ্ষ্টক্ৰাই ইনটেলিঅ'টছ প্ৰিস্কুলৰ নতুন শাখা আজি মুকলি কৰা হয়। প্ৰতিষ্ঠাপক ৰোহিত শ্বাহ আৰু দীপ শিখা শ্বাহৰ উপস্থিতিত এই শাখাটো উদ্বোধন কৰে মুখ্য অতিথিসকলে গুৱাহাটী পৌৰ নিগমৰ ৩০ নং. ৱাৰ্ডৰ পাৰিষদ বিনীতা দত্ত চৌধুৰীয়ে। দীনদয়াল শ্বাহ আৰু ডা: আৰ পি ছ’নীৰ পৰা অনুপ্ৰাণিত, আৰু অষ্ট্ৰেলিয়াত দশকৰো অধিক অভিজ্ঞতাৰে সমৰ্থিত এশিশুৰ শিক্ষণ যাত্ৰাৰ এক আনন্দময় আৰু সমৃদ্ধিশালী আৰম্ভণি আগবঢ়ায়।
এই উপলক্ষে ভাষণ দি দীপ শিখা শ্বাহে কয়ে গৱেষণা সমৰ্থিত, খেলা ভিত্তিক পদ্ধতি ইণ্টেলি-চি পাঠ্যক্ৰমে জ্ঞানমূলক, সামাজিক, আৰু আৱেগিক বৃদ্ধিৰ পোষকতা কৰা লগতে শিশুসকলক ভৱিষ্যতৰ সফলতাৰ বাবে প্ৰস্তুত কৰে। সুলভ মাচুলৰ গাঁথনিৰ সৈতে প্ৰিস্কুলে অভিভাৱকৰ বাবে উচ্চ অনুভূত মূল্য নিশ্চিত কৰে।
তেওঁ আৰু কয় যে কেম্পাছটোত শীততাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠা, ২৪/৭ চিচিটিভি চোৱাচিতা, আৰু শিশুৰ বাবে অনুকূল আন্তঃগাঁথনি আছে, যাৰ ফলত এক নিৰাপদ আৰু লালন-পালনমূলক পৰিৱেশৰ সৃষ্টি হৈছে। দোলনা আৰু স্লাইড থকা বাগিচা এখনত বাহিৰৰ কাৰ্য্যকলাপে শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ উপৰিও প্ৰজেক্টৰ ৰুমৰ সৈতে টেক লাৰ্নিঙে শিশুসকলক ইন্টাৰেক্টিভ, মাল্টিমিডিয়া ভিত্তিক শিক্ষণৰ সৈতে পৰিচয় কৰাই দিয়ে, ডিজিটেল সাক্ষৰতা আৰু সৃষ্টিশীলতা বৃদ্ধি কৰে।
নামভৰ্তিৰ বাবে গুৱাহাটীৰ ৰেহাবাৰীৰ ফাৰ্ষ্টক্ৰাই ইনটেলিঅ'টছ প্ৰিস্কুললৈ যাব পাৰিব।
No comments:
Post a Comment