ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত উপভোগ কৰক মোগল দৰবাৰৰ ৰাজকীয় সোৱাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 28 February 2025

ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত উপভোগ কৰক মোগল দৰবাৰৰ ৰাজকীয় সোৱাদ

 


বিশ্ববিখ্যাত চেফ ৱাকিলৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ বিশেষ মোগলাই খাদ্যসম্ভাৰৰ আয়োজন


W7s news গুৱাহাটী : ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলৰ বাবে লৈ আনিছে ৰাজকীয় খাদ্যৰ এক অনন্য অভিজ্ঞতা। ৰেডিচন ব্লু গুৱাহাটীৰ মহা আয়োজনত খাদ্যৰসিক অতিথিসকলে মোগল দৰবাৰ ফুড ফিষ্টৰ জৰিয়তে সোৱাদ ল’ব পাৰিব মোগল খাদ্যৰ বিবিধতা আৰু বিলাসীতাৰ।

২৮ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈকে অতিথিসকলে বিখ্যাত চেফ ৱাকিল আহমেদ কুৰেশ্বিৰ দ্বাৰা প্ৰস্তুত কৰা বিশেষ ব্যঞ্জনসূচীৰ সোৱাদ ল’ব পাৰিব, যিয়ে মোগলাই ৰুচিৰ ক্ষেত্ৰত থকা তেওঁৰ নিপুণতা প্ৰদৰ্শনৰ বাবে বিশেষভাৱে এই মহাভোজত অংশগ্ৰহণ কৰিব। 

মোগল দৰবাৰ ফুড ফিষ্টত অতিথিসকলৰ বাবে থাকিব ৰসাল কাবাব, সুগন্ধি বিৰিয়ানী, সুস্বাদু গ্ৰেভি, আৰু বিলাসী মুখৰোচকৰ এক অসাধাৰণ খাদ্যৰ অভিজ্ঞতা। ব্যঞ্জনসূচীৰ বিশেষ আকৰ্ষণ হ’ব গালৌতি কাবাব, মুৰ্ঘ্ চাপ, নল্লী নিহাৰী, ডম পুখ্ত বিৰিয়ানী আৰু শ্বাহী টুকড়া। মোগলাই খাদ্যৰ প্ৰকৃত সোৱাদ প্ৰদানৰ বাবে প্ৰতিবিধ ব্যঞ্জন পৰম্পৰাগত ৰন্ধন কৌশল আৰু ৰাজকীয় মছলাৰ নিখুঁত মিশ্ৰণেৰে প্ৰস্তুত কৰা হ’ব।

এই বিশেষ খাদ্য উৎসৱক লৈ নিজৰ উচ্ছ্বাস ব্যক্ত কৰি পৰিচালনা বিভাগৰ উপাধ্যক্ষ দীনেশ কাপৰিয়ে কয়, “মোগল খাদ্য হৈছে চহকী পৰম্পৰা, অনন্য সোৱাদ আৰু সূক্ষ্ম ৰন্ধন পদ্ধতিৰ এক মিশ্ৰণ। এই খাদ্য উৎসৱত আমি মোগল দৰবাৰৰ ৰাজকীয় খাদ্যৰ অভিজ্ঞতা পুনৰ সৃষ্টি কৰিব বিচাৰিছো, য'ত অতিথিসকলে পৰম্পৰা আৰু বিলাসীতাৰ সোৱাদ উপভোগ কৰিব পাৰিব।"

ইফালে, ৰেডিচন ব্লু গুৱাহাটীৰ সাধাৰণ প্ৰবন্ধক অংকুৰ মেহৰোত্ৰাই কয়, ''মোগল দৰবাৰ ফুড ফিষ্টত মোগল খাদ্যৰ চহকী সোৱাদৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱা হৈছে। আমাৰ চেফসকলে এনে এখন ব্যঞ্জনসূচী প্ৰস্তুত কৰিছে, যিয়ে ৰাজকীয় ভোজৰ প্ৰকৃত সাৰমৰ্ম অটুট ৰাখি চহকী মছলা, কম জুইত লাহে-লাহে সিজোৱা মাংস আৰু সুগন্ধি গ্ৰেভিৰ নিখুঁত সংমিশ্ৰণৰ সৈতে এক অতুলনীয় খাদ্যৰ অভিজ্ঞতা অতিথিসকলক দিব।"

ৰেডিছন ব্লু গুৱাহাটীৰ বৈচিত্ৰময় খাদ্য উৎসৱ আয়োজন কৰাৰ পৰম্পৰাৰ সন্দৰ্ভত ৰেডিচন ব্লু গুৱাহাটীৰ কাৰ্যবাহী চেফ, চেফ কাৰ্তিকেয়ানে কয়, "আমি আমাৰ অতিথিসকলৰ বাবে সমগ্ৰ বিশ্বৰ বিভিন্ন অঞ্চলৰ সুস্বাদু খাদ্য আগবঢ়াব বিচাৰো।  ৰেডিচন ব্লু গুৱাহাটী প্ৰামাণিক সোৱাদ আৰু অনন্য খাদ্য অভিজ্ঞতাৰ একমাত্ৰ গন্তব্যস্থান হোৱাত আমি সুখী। প্ৰতিটো উৎসৱৰ যোগেদি, আমি আমাৰ অতিথিসকলক উন্নতমানৰ খাদ্যৰ সৈতে পৰিচয় কৰাই দিবলৈ চেষ্টা কৰোঁ, যিবোৰ আধুনিক ৰুচিৰ বাবে উদ্ভাৱন কৰাৰ লগতে পৰম্পৰা ৰক্ষা কৰিবলৈ আগ্ৰহী আমাৰ বিশেষজ্ঞ চেফসকলে অতি যত্নেৰে প্ৰস্তুত কৰে।”

উল্লেখ্য যে, ৰেডিছন ব্লু গুৱাহাটীয়ে বিলাসী খাদ্যৰ ক্ষেত্ৰত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰি আহিছে আৰু এই খাদ্য উৎসৱ হৈছে ৰেডিছন ব্লু গুৱাহাটীৰ চহৰখনৰ খাদ্যপ্ৰেমীসকলক এক অনন্য ব্যঞ্জনসম্ভাৰৰ অভিজ্ঞতা প্ৰদানৰ বাবে দিয়া প্ৰতিশ্ৰুতিৰ আন এক নিদৰ্শন।


উৎসৱৰ সময়ঃ ২৮ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চ

স্থানঃ দ্য গ্ৰেট কাবাব ফেক্টৰী, ৰেডিচন ব্লু গুৱাহাটী

আসন সংৰক্ষণৰ বাবে যোগাযোগ কৰকঃ +৯১ ৬৯০১২ ৫৩৫২৭ নম্বৰত

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here