এডভান্টেজ আছাম ২.০ ত অনিল আগৰৱালৰ দায়বদ্ধতা প্ৰকাশ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 28 February 2025

demo-image

এডভান্টেজ আছাম ২.০ ত অনিল আগৰৱালৰ দায়বদ্ধতা প্ৰকাশ

Responsive Ads Here
IMG-20250228-WA0056




W7s news,,গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী, ২০২৫: বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালে এডভান্টেজ আছাম ২.০ ত উপস্থিত থাকি অসমৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি ৰাজ্যখনৰ প্ৰগতিৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে । অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমত অসমৰ বৃদ্ধিৰ পথ , চহকী সাংস্কৃতিক ঐতিহ্য, আৰু সমৃদ্ধিশালী চাহ উদ্যোগকে ধৰি অসমৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰাৰ লগতে ৰাজ্যখনক বিশ্বমানৰ তেল উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ ধাৰণাসমূহৰ ৰূপৰেখা দাঙি ধৰে ।


আগৰৱালে তেল আৰু গেছৰ ক্ষেত্ৰত অসমৰ কৌশলগত সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমেৰিকাৰ দৰে  আৰ্হি অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়ে, য’ত সৰু সৰু তেলকূপে নতুন উদ্যোগ আৰু অন্য উদ্যোগীসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে।তেওঁ মন্তব্য কৰে যে , " কেতিয়াবা সৰু সৰু পদক্ষেপৰ ফলাফল ডাঙৰ হব পাৰে ” । সহজ অনুমতি দ্বাৰা খণ্ডটোৰ আৰ্থিক উন্নতি আৰু সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰিবলৈ অন্বেষণ হোৱাটো অত্যন্ত প্ৰয়োজনীয়। " ঘৰুৱা তেল আৰু গেছ উৎপাদন বৃদ্ধি কৰিলে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু শক্তিৰ ব্যয় কম হ’ব বুলিও তেওঁ কয়।


লগতে তেওঁ উল্লেখ কৰে যে শক্তিৰ বাহিৰেও ভাৰতৰ মুঠ উৎপাদনৰ ৫০%তকৈ অধিক অৰিহণা যোগোৱা অসমৰ চাহ উদ্যোগে বিপুল সম্ভাৱনা সৃষ্টি কৰি আহিছে । তেওঁ কম নিয়ন্ত্ৰণমূলক বাধাৰ সৈতে সৰু আৰু মজলীয়া চাহ বাগিচাক উৎসাহিত কৰা, চাকৰিৰ সৃষ্টি কৰা আৰু বিশ্বৰ বজাৰৰ বাবে থলুৱা চাহ উদ্যোগক প্ৰচাৰৰ প্ৰস্তাৱ আগবঢ়ায়। 


ৰাজ্যখনৰ সজীৱ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আগৰৱালে কয় যে ৮,০০০ চাহ সম্প্ৰদায়ৰ সদস্যই লোকে অংশগ্ৰহন কৰা ঐতিহাসিক ঝুমইৰ বিনন্দিনী অনুষ্ঠান তেওঁ “জীৱনত এবাৰ পোৱা অভিজ্ঞতা” । তেওঁ লিখে, “মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব প্ৰদান কৰি ঢোল বজাই সমগ্ৰ ষ্টেডিয়ামখনক সজীৱ কৰাটো এক সঁচাই অন্যবদ্য।”


বেদান্ত গ্ৰুপৰ সহযোগী কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে ৫০ কোটি টকাৰে বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি নিজৰ স্থিতি প্ৰকাশ কৰিছে । তেল আৰু গেছ অন্বেষণত প্ৰতিদিনে এক লাখ বেৰেল উৎপাদনৰ লক্ষ্য লৈ এক লাখ নতুন চাকৰিৰ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখিছে । 


অংগনবাদী কেন্দ্ৰ , ডিজিটেল শ্ৰেণীকোঠা, হস্ততাঁত দক্ষতা কেন্দ্ৰকে ধৰি কোম্পানীটোৰ চি এছ আৰ পদক্ষেপেও অসমৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব বুলি কোম্পানটো আশাবাদী । এডভান্টেজ আছাম ২.০ য়ে নতুন সুযোগ মুকলি কৰাৰ লগে লগে বেদান্ত গ্ৰপে অসমক এটা ডাঙৰ শক্তি আৰু উদ্যোগিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে আগ্ৰহী বুলি কোম্পানীটোৰ কাৰ্যকৰ্তাই জনায়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *