~ এয়া হ’ব ২০২৪ চনৰ অক্টোবৰ মাহত এলান ৱাকাৰৰ অভিলেখ সৃষ্টিকাৰী, নিজৰ কেৰিয়াৰৰ সৰ্ববৃহৎ ভ্ৰমণ হিচাপে পৰিগণিত হোৱা, ১,৬০,০০০ অনুৰাগীক সামৰি লোৱা ৯খন চহৰজোৰা ভাৰত ভ্ৰমণৰ পিছৰ পৰ্যায় ~
~ টিকট বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হ'ব ২৮ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ভাৰতীয় সময় অনুসৰি ১২ বজাত, কেৱল বুকমাইশ্ব’ত ~
W7s news,,ৰাষ্ট্ৰীয়, ২৭ ফেব্ৰুৱাৰী, ২০২৫: ইলেক্ট্ৰনিক সংগীতজগতৰ ভোটাতৰাস্বৰূপ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এলান ৱাকাৰে ২০২৪ চনৰ অক্টোবৰ মাহত ৯খন চহৰ সামৰি কৰা ৱাকাৰৱৰ্ল্ড ভ্ৰমণৰ পিছত স্পেচবাউণ্ডৰ সহযোগিতাত ভাৰতলৈ মহাপ্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰিছে। এইবাৰ ২০২৫ চনৰ এপ্ৰিল মাহত ভাৰতৰ চাৰিখন নতুন চহৰলৈ প্ৰথমবাৰৰ বাবে তেওঁৰ স্বকীয় শব্দ আৰু বিদ্যুৎসঞ্চাৰিত সুৰধ্বনিৰ স্ৰোত বোৱাই নিবলৈ সাজু হৈছে! ১,৬০,০০০তকৈয়ো অধিক অনুৰাগীৰ সাক্ষ্য বহনকাৰী ৱাকাৰৱৰ্ল্ড ট্যুৰৰ জৰিয়তে অভিলেখ সৃষ্টি কৰাৰ পিছত ৱাকাৰে এতিয়া গুৱাহাটী, ভুৱনেশ্বৰ, হায়দৰাবাদ আৰু জয়পুৰত সুৰৰ মায়াজালেৰে সকলোকে মুহি এক অবিস্মৰণীয় লাইভ অভিজ্ঞতা প্ৰদান কৰাৰ যো-জা চলাইছে।
দ্য এলান ৱাকাৰ: ৱাকাৰৱৰ্ল্ড ইণ্ডিয়া ট্যুৰ ১৭ এপ্ৰিল, ২০২৫ তাৰিখে গুৱাহাটীত আৰম্ভ হৈ ১৮ এপ্ৰিলত হায়দৰাবাদ, ১৯ এপ্ৰিলত ভুৱনেশ্বৰ আৰু ২০ এপ্ৰিল, ২০২৫ তাৰিখে জয়পুৰ সমাপ্ত হ'ব। শুক্ৰবাৰ, ২৮ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ভাৰতীয় সময়মতে দুপৰীয়া ১২ বজাৰ পৰা ভাৰতৰ আগশাৰীৰ মনোৰঞ্জনস্থলী বুকমাইশ্ব'ত টিকট বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব। উল্লেখযোগ্য যে, টিকটৰ মূল্য মাত্ৰ ৯৯৯/- টকাৰ পৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।
ৱাকাৰৰ ৱাকাৰৱৰ্ল্ড গ্লোবেল ট্যুৰৰ অংশ হিচাপে কৰা অন্তিমটো ভাৰত ভ্ৰমণ সঁচাকৈয়ে ঐতিহাসিক আছিল। মুম্বাই, বেংগালুৰু, দিল্লী এনচিআৰ, আহমেদাবাদ, কোচি, হায়দৰাবাদ, পুনে, শ্বিলং আৰু চেন্নাইকে ধৰি মুঠ ৯খন চহৰ সামৰি লোৱা এই ভ্ৰমণে অভূতপূৰ্ব সমৰ্থন আৰু অতুলনীয় শক্তিৰে দেশৰ সৰ্বাধিক বিক্ৰী হোৱা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অভিলেখ ভংগ কৰে।
ভাৰতীয় অনুৰাগীসকলক দিয়া এই অসাধাৰণ প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৱাকাৰে মাত্ৰ ছমাহৰ ভিতৰতে বাৰখনতকৈও অধিক চহৰত অনুষ্ঠান পৰিৱেশন কৰিব, যি কৃতিত্ব পূৰ্বতে কোনো আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ নামত খোদিত হোৱা নাই।এই অভূতপূৰ্ব সাফল্যই সমগ্ৰ ভাৰতত গোলকীয় প্ৰতিভাৰ প্ৰৱেশক সুচল কৰি তোলাৰ ক্ষেত্ৰত স্পেচবাউণ্ডৰ বৈপ্লৱিক দৃষ্টিভংগীক তুলি ধৰিবলৈ সক্ষম হৈছে, যিয়ে বিশ্বমানৰ মনোৰঞ্জনৰ ধাৰাটোক কেৱল প্ৰধান মেট্ৰ’সমূহৰ মাজতেই সীমাবদ্ধ কৰি নাৰাখি আন চহৰসমূহলৈয়ো সম্প্ৰসাৰিত কৰিছে। এটা বছৰৰ ভিতৰতে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম ভাৰতক সামৰি লোৱা ৱাকাৰৰ দ্ৰুত প্ৰত্যাৱৰ্তনপূৰ্ণ ভ্ৰমণ কাৰ্যসূচী আৰু উল্লেখনীয় সম্প্ৰসাৰণে ভাৰতীয় বজাৰৰ সৈতে আন্তৰ্জাতিক শিল্পীসকল কেনেদৰে জড়িত হয় তাৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে।
স্পেচবাউণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া কৰণ সিঙে কয়, "এলান ৱাকাৰৰ ৱাকাৰৱৰ্ল্ড ভ্ৰমণে আমাৰ বজাৰত আন্তৰ্জাতিক শিল্পীসকলৰ বাবে সম্ভাৱনাৰ এখন বিশাল আকাশ প্ৰদৰ্শিত কৰিছে। আমি যোৱা বছৰ ভ্ৰমণটোৰ প্ৰতি অনুৰাগীসকলৰ অভূতপূৰ্ব সঁহাৰি দেখিয়েই এনে এক সম্ভাৱনাপূৰ্ণ পৰিসীমাক আৰু অধিক সম্প্ৰসাৰিত কৰাৰ প্ৰত্যাহ্বানটো গ্ৰহণ কৰিছিলোঁ। এই সম্প্ৰসাৰণে ভাৰতৰ বিভিন্ন অঞ্চলত গোলকীয় প্ৰতিভাৰ প্ৰৱেশাধিকাৰ সফল কৰি তোলাৰ ক্ষেত্ৰত আমাৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকালত সাধাৰণতে উপেক্ষিত হৈ ৰোৱা বজাৰসমূহলৈ ৱাকাৰক অনাৰ অসাধাৰণ সফলতাই আমাৰ এই বিশ্বাসক প্ৰমাণ কৰে যে বিশ্বমানৰ মনোৰঞ্জন কেৱল মেট্ৰ’সমূহতেই সীমাবদ্ধ হৈ থকাটো উচিত নহয়। আমি সমগ্ৰ ভাৰতত বিস্তাৰিত হৈ থকা অনুৰাগীসকলৰ মাজলৈ অধিকসংখ্যক আন্তঃৰাষ্ট্ৰীয় শিল্পীক আগবঢ়াই লৈ যোৱাৰ এই যাত্ৰা অব্যাহত ৰাখিবলৈ বদ্ধপৰিকৰ৷ আমাৰ দৃষ্টিভংগীক আঁকোৱালি ল’বলৈ আৰু সমগ্ৰ দেশৰ অনুৰাগীসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ৱাকাৰে প্ৰদৰ্শন কৰা ইচ্ছাই ভাৰতীয় দৰ্শকৰ সৈতে তেওঁ গঢ়ি তোলা নিবিড় সম্পৰ্কটিক প্ৰতিফলিত কৰে। এয়া গ্ল’বেল ট্যুৰিং চাৰ্কিটত ভাৰতৰ স্থিতি সলনি কৰাৰ ক্ষেত্ৰত আমি আৰম্ভ কৰা অভিযানৰ আৰম্ভণিহে মাথোঁ৷”
এই বৈশিষ্টপূৰ্ণ ভ্ৰমণ সম্প্ৰসাৰণৰ জৰিয়তে স্পেচবাউণ্ডে ভাৰতৰ প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে প্ৰমাণ কৰি দেখুৱাইছে যে ব্যাপক ৰূপত সমগ্ৰ ভাৰত ভ্ৰমণ কাৰ্যসূচীয়ে এখন সাংস্কৃতিক সেঁতু সৃষ্টি কৰাৰ লগতে ই দৰ্শনীয়ভাৱে সফলতা লাভৰো বৃহত্তৰ সম্ভাৱনা বহন কৰে।
প্ৰচলিত ভ্ৰমণপথৰ বিপৰীতে, এক বিস্তাৰিত ভ্ৰমণসূচীৰে ইমান সোনকালে উভতি আহিবলৈ ৱাকাৰে প্ৰদৰ্শন কৰা ইচ্ছাই মাথো ভাৰতীয় অনুৰাগীসকলৰ প্ৰতি থকা তেওঁৰ আগ্ৰহকেই নহয়, বৰঞ্চ এক নতুন স্বৰ্ণিল মানদণ্ডও প্ৰতিষ্ঠা কৰিছে, যাৰ জৰিয়তে তুলনাত্মকভাৱে এতিয়া আন আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলক জুখিব পৰা যাব। এই ভ্ৰমণে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ নিয়মাৱলীক নৱৰূপেৰে প্ৰতিষ্ঠিত কৰি প্ৰমাণ কৰি দিছে যে সঠিক শিল্পী আৰু দৃষ্টিভংগীৰ সহযোগীতাত দেশজোৰা ভ্ৰমণ কাৰ্যসূচী কেৱল সম্ভৱেই নহয়, আনকি অসাধাৰণভাৱে সফলো হ’ব পাৰে!
এজন অতি সাধাৰণ প্ৰযোজকৰ পৰা ইলেক্ট্ৰনিক সংগীতৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে পৰিগণিত হোৱা নৰৱেৰ এলান ৱাকাৰে তেওঁৰ প্ৰগ্ৰেছিভ হাউছ, ১৯৯০ৰ দশকৰ ট্ৰেন্স আৰু মেল’ডিক ডাবষ্টেপৰ স্বকীয় মিশ্ৰণেৰে বিশ্বব্যাপী দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। তেওঁৰ যুগান্তকাৰী একক 'ফেডেড'-এ ৩.১ বিলিয়নতকৈও অধিক ইউটিউব ভিউজ লাভ কৰিছে। আনহাতে 'চিং মি টু স্লিপ', 'এলোন', 'অল ফলছ ডাউন' আৰু 'ডাৰ্কচাইড'ৰ দৰে জনপ্ৰিয় সৃষ্টিসমূহে মাল্টি-প্লেটিনাম প্ৰমাণপত্ৰ অৰ্জন কৰাৰ লগতে বিশ্বজুৰি শীৰ্ষস্থান দখল কৰিছে। ৱাকাৰৰ সংগীত প্ৰতিভাই এমটিভি ইউৰোপিয়ান মিউজিক এৱাৰ্ড, আইহাৰ্টৰেডিঅ' মিউজিক এৱাৰ্ড আৰু একাধিক স্পেলেমান্প্ৰিজন বঁটাসহ বহু উল্লেখনীয় সন্মান লাভ কৰিছে। ইয়াৰ উপৰি, তেওঁৰ সহযোগিতামূলক মনোভাৱে তেওঁক কিংবদন্তি ষ্টিভ অকিৰ পৰা শাস্ত্ৰীয় সুৰকাৰ হান্স জিমাৰলৈকে বিভিন্ন শিল্পীৰ সৈতে সফল অংশীদাৰীত্বত বিভিন্ন সৃষ্টিশীল কৰ্মৰাজি সম্পাদন কৰাত সহায় কৰিছে। সাংগীতিক সাফল্যৰ উপৰিও, ৱাকাৰে ইলেক্ট্ৰনিক সংগীতৰ আটাইতকৈ নিষ্ঠাৱান অনুৰাগী সম্প্ৰদায়বোৰৰ অন্যতম, "ৱাকাৰ" গঢ়ি তুলিছে, যাৰ ভাৰতত এক শক্তিশালী ভেঁটি আছে, আৰু যি তেওঁৰ নিমজ্জিত, প্ৰযুক্তি-চালিত প্ৰদৰ্শন আৰু ইডিএমৰ পৰিৱেশত এক চিনাকি প্ৰতীক হৈ পৰা তেওঁৰ ৰহস্যময়, হুডযুক্ত ব্যক্তিত্ব দুয়োটাৰে প্ৰতি আকৰ্ষিত।
এবছলুট মিক্সাৰ্ছৰ দ্বাৰা উপস্থাপিত আৰু হুণ্ডাইৰ দ্বাৰা পৰিচালিত, টিউবৰ্গ জিৰ’ পেকেজড ড্ৰিংকিং ৱাটাৰ এলান ৱাকাৰৰ ৱাকাৰৱৰ্ল্ড ইণ্ডিয়া ভ্ৰমণ সংগীত, শক্তি আৰু অত্যাধুনিক সৃষ্টিৰ এক অবিস্মৰণীয় উদযাপন হ’ব, যিয়ে অনুৰাগীসকলক বিশ্বৰ অন্যতম চিনাকি ইলেক্ট্ৰনিক শিল্পীৰ মায়াৰে সন্মোহিত কৰি তুলিব। অত্যাধুনিক ভিজুৱেল, নিমজ্জিত শব্দৰ আৰু বিদ্যুৎসঞ্চাৰিত পৰিৱেশৰ সৈতে এই ভ্ৰমণে পূৰ্বতকৈ অধিক উৎসাহপূৰ্ণ হোৱাৰ প্ৰতিশ্ৰুতি দিছে। এই বিশেষ অভিজ্ঞতাৰ অংশ হোৱাৰ সুযোগ নেহেৰুৱাব – বুকমাইশ্ব’ত আপোনাৰ টিকট সংগ্ৰহ কৰক আৰু এলান ৱাকাৰৰ জগতখনত নিজকে বিলীন কৰিবলৈ সাজু হওক!
আগন্তুক ভ্ৰমণ আৰু উৎসাহপূৰ্ণ অনুষ্ঠান সম্পৰ্কীয় আপডেটৰ বাবে অফিচিয়েল চেনেলসমূহৰ সৈতে সংযোজিত হৈ থাকক:
• ইনষ্টাগ্ৰাম: @sunburnfestival
• এক্স (পূৰ্বতে টুইটাৰ): @SunburnFestival
• ফেচবুক: SunburnFestival
No comments:
Post a Comment