ভাৰতৰ প্ৰথমটো প্ৰকল্পৰ অধীনত উবেৰত মহিলা আৰু প্ৰবীণ সৈনিকসকলক নিয়োগ কৰিবলৈ অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ
W7s news,,গুৱাহাটী, ফেব্ৰুৱাৰী, ২০২৫: দেশৰ আগশাৰীৰ ৰাইড শ্বেয়াৰিং মাধ্যম উবেৰে আজি অসমত কাৰ পুলিং সেৱা উবেৰ সাৰথিৰ আম্ভণি কথা ঘোষণা কৰিছে৷ ইয়াৰ দ্বাৰা ৰাজ্যৰ নগৰীয়া
গতিশীলতাৰ প্ৰয়োজন পূৰণৰ সমান্তৰালকৈ উপাৰ্জনৰ সুযোগ সৃষ্টি হ’ব। ৰাজ্য চৰকাৰৰ বিনিয়োগ সন্মিলন এডভাণ্টেজ অসমৰ উপলক্ষতে উবেৰে মহিলা আৰু প্ৰবীণ সৈনিকসকলৰ বাবে নতুন কাৰ পুলিং পদক্ষেপৰ কথা ঘোষণা কৰে৷ যিসকলে এতিয়া উবেৰৰ প্লেটফৰ্মত নিজৰ ব্যক্তিগত চাৰিচকীয়া বাহনখন অন্তৰ্ভুক্ত কৰি ভ্ৰমণৰ বাবে ওলাই যাব পাৰিব।
উবেৰে অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি আগন্তুক ৩ বছৰত ১২০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ ২০২৩ চনত অসমে মটৰ ভেহিকেল গাইডলাইনৰ অধীনত কাৰ পুলিঙৰ অনুমতি দিয়া প্ৰথমখন ভাৰতীয় ৰাজ্য হিচাপে পৰিগণিত হয়। উবেৰৰ নতুন সাৰথীয়ে অসমৰ বৰ্তমানৰ গতিশীলতা আন্তঃগাঁথনি প্ৰদান কৰে৷ প্ৰযুক্তি বিশেষজ্ঞতা তথা সম্পত্তিক অনুকূল কৰি তোলা শ্বেয়াৰ কৰা গতিশীলতা সমাধান প্ৰদানৰ বিশ্বব্যাপী অভিজ্ঞতাৰ সকলো সুবিধাৰ মিশ্ৰণ ঘটায়৷ উবেৰেও অহা ৩ বছৰত দুচকীয়া টেক্সি সেৱা উবেৰ মট’ৰ জৰিয়তে ২০ হাজাৰ জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছে।
অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী যোগেন মোহনে কয়- ‘অসম চৰকাৰ সংযোগ বৃদ্ধি, পথ যাতায়ত হ্ৰাস আৰু জীৱিকাৰ সৃষ্টি কৰা স্মাৰ্ট গতিশীলতা সমাধান গ্ৰহণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। উবেৰ সাৰথি পদক্ষেপৰ সৰ্বাংগীণ বৃদ্ধি আৰু বহনক্ষম উন্নয়নক লাভান্বিত কৰাৰ আমাৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। অসমে বিনিয়োগ আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে৷
উবেৰ ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ আঞ্চলিক বিকাশৰ মুৰব্বী মনীষ বিন্দ্ৰানিয়ে কয়- ‘অসম চৰকাৰৰ প্ৰগতিশীল দৃষ্টিভংগীক আমি অভিনন্দন জনাইছোঁ৷ যি ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে কাৰ পুলিঙক গ্ৰহণ কৰিছে, গতিশীলতাৰ লক্ষ্যক সমৰ্থন কৰাৰ লগতে নতুন অৰ্থনৈতিক সুযোগ সৃষ্টিৰ ক্ষেত্ৰত এই অঞ্চলত দিক-নিৰ্ণায়ক হোৱাৰ সম্ভাৱনা আছে৷ অসমে বহনক্ষম আৰু সৰ্বাংগীণ বৃদ্ধিৰ বাবে এক মাপ নিৰ্ধাৰণ কৰি আছে আৰু আমি ৰাজ্যৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি গতিশীলতাক অধিক ৰূপান্তৰিত কৰিবলৈ আগ্ৰহী৷ জনসমষ্টিসমূহৰ বাবে ইতিবাচক প্ৰভাৱ পৰিচালিত কৰিবলৈয়ো আমি আগ্ৰহী।”
কাৰ পুলিং প্ৰকল্পৰ অধীনত উবেৰৰ মাধ্যমত গাড়ী চলোৱা প্ৰবীণ আৰু মহিলাসকলৰ সুৰক্ষা মানৰ সৈতে সংগতি ৰাখি কঠোৰ পৰীক্ষা কৰা হ’ব। যাত্ৰী আৰু চালক দুয়োজনেই উবেৰৰ প্ৰযুক্তি-নেতৃত্বাধীন সুৰক্ষা বৈশিষ্ট্যসমূহৰ সুবিধা লাভ কৰিব৷ য’ত আছে ২৪X৭ সুৰক্ষা লাইন, ইন-এপ জৰুৰীকালীন বুটাম, ফোন নম্বৰ বেনামীকৰণ আৰু বহু সুবিধা৷
২০২২ চনত উবেৰ উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্যত উপস্থিত থকা একমাত্ৰ ৰাইড-হেলিং প্ৰতিষ্ঠান হিচাপে পৰিগণিত হয়৷ প্ৰতিষ্ঠানটোৱে স্থান শক্তিশালী কৰি নিৰাপদ, নিৰ্ভৰযোগ্য আৰু সুলভ গতিশীলতাৰ বিকল্প আগবঢ়াইছে।
No comments:
Post a Comment