পূৰবী ডেইৰীৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত দুগ্ধক্ষেত্ৰত দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণ কৰাৰ লক্ষ্যৰে এন ডি ডি বি আৰু ৱামুলৰ চুক্তি স্বাক্ষৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 27 February 2025

পূৰবী ডেইৰীৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত দুগ্ধক্ষেত্ৰত দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণ কৰাৰ লক্ষ্যৰে এন ডি ডি বি আৰু ৱামুলৰ চুক্তি স্বাক্ষৰ

 

জৈৱিক কৃষি আৰু দুগ্ধ সম্প্ৰসাৰণত অসমৰ উল্লেখযোগ্য অগ্ৰগতিঃ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ


W7s news,,গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী, ২০২৫: ‘এডভাণ্টেজ আছাম ২.০’ৰ মঞ্চত সূচনা হৈছে অসমৰ কৃষি আৰু দুগ্ধ উদ্যোগৰ এক নতুন দিগন্ত। ২৬ ফেব্ৰুৱাৰীত স্বাক্ষৰিত দুখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে কৃষকৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে।

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণ কৰাৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (NDDB) আৰু পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (WAMUL)ৰ মাজত স্বাক্ষৰিত হৈছে এক ঐতিহাসিক চুক্তি। প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে এই সম্প্ৰসাৰণ প্ৰকল্পই উদ্যোগটোৰ বৰ্তমানৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা


দৈনিক ১.৫ লাখ লিটাৰ (LLPD)ৰ পৰা ৩ লাখ লিটাৰ প্ৰতিদিনলৈ বৃদ্ধি কৰিব। ইয়াৰ ফলত বজাৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰাত সহজ হ’ব আৰু উচ্চমানৰ দুগ্ধজাত সামগ্ৰীৰ যোগান নিশ্চিত হ’ব।

এই নতুন সম্প্ৰসাৰণৰ অধীনত বিভিন্ন কিন্বিত দুগ্ধজাত সামগ্ৰীৰ উৎপাদন ক্ষমতা প্ৰতিদিনে ২০ মেট্ৰিক টন (MTPD)ৰ পৰা ৫০ মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ উপৰিও প্ৰতিদিনে ২০ টন লিটাৰ (TLPD) ক্ষমতাসম্পন্ন আধুনিক আইচক্ৰীম উদ্যোগো স্থাপন কৰা হ’ব। এই পদক্ষেপে দুগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু যোগান শৃংখল শক্তিশালী কৰাই নহয়, দুগ্ধপালকসকলৰ বাবে অধিক লাভজনক বজাৰ নিশ্চিত কৰিব, যাতে তেওঁলোকে উন্নত প্ৰযুক্তিৰ সুবিধা লৈ অধিক উপাৰ্জন কৰিব পাৰে। 

উল্লেখ্য যে, অসম চৰকাৰৰ সহযোগিতা মন্ত্ৰী যোগেন মহন, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে অসমৰ দুগ্ধ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে কাম কৰিব, যিয়ে উন্নত আন্তঃগাঁথনি সৃষ্টিৰ উপৰিও কৃষকৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিব। এই চুক্তিত স্বাক্ষৰ কৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক ড০ ভি শ্ৰীধৰ আৰু পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে পাৰিদাই।

NCOL আৰু NEDFLৰ যৌথ উদ্যোগঃ জৈৱিক প্ৰদৰ্শন ফাৰ্ম তথা খাদ্য উদ্ভাৱন কেন্দ্ৰ স্থাপন

আন এক গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ অংশ হিচাপে অসম চৰকাৰ আৰু NDDBৰ যৌথ উদ্যোগত নেচনেল ক’অপাৰেটিভ ফৰ অৰ্গেনিকছ লিমিটেড (NCOL) আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুড লিমিটেড (NEDFL) সন্মিলিত হৈ অসমত জৈৱিক প্ৰদৰ্শন ফাৰ্ম তথা খাদ্য উদ্ভাৱন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে NCOLৰ পৰিচালন সঞ্চালক বিপুল মিট্টাল আৰু NEDFLৰ পৰিচালন সঞ্চালক সত্য ব্ৰত বসুৱে।

প্ৰস্তাৱিত কেন্দ্ৰটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলৰ বাবে জৈৱিক কেঁচামালৰ প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু বিপণনৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও এই কেন্দ্ৰটোৱে এটা প্ৰদৰ্শনী ফাৰ্ম হিচাপে কাম কৰিব, য’ত জৈৱিক কৃষিৰ উত্তম পদ্ধতি, উদ্ভাৱনী প্ৰযুক্তি, আৰু অৰ্থনৈতিক জীৱনমুখিতাক প্ৰসাৰিত কৰা হ’ব। এই প্ৰকল্পৰ লক্ষ্য হৈছে অহা দুবছৰত কমেও ১০০০ কৃষকক জৈৱিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ দিয়া, বজাৰযোগ্য জৈৱিক সামগ্ৰী বিকশিত কৰা, আৰু বৃহৎ পৰিসৰৰ বাণিজ্যিকীকৰণৰ পথ প্ৰশস্ত কৰা।

উল্লেখ্য যে, নেশ্যনেল ক’অপাৰেটিভ ফৰ অৰ্গেনিকছ লিমিটেড (NCOL) হৈছে ভাৰত চৰকাৰৰ সহযোগিতা মন্ত্ৰালয়ৰ তত্বাৱধানত পৰিচালিত এক সংস্থা। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (NDDB) হৈছে এই প্ৰকল্পৰ মূল প্ৰচাৰক। ইয়াৰ উপৰিও এই প্ৰকল্পৰ প্ৰচাৰক সদস্যৰ ভিতৰত ৰাষ্ট্ৰীয় গ্ৰাহক সমবায় সংঘ (NCCF), নেচনেল এগ্ৰিকালচাৰ ক’অপাৰেটিভ মাৰ্কেটিং ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (NAFED), গুজৰাট ক’অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন লিমিটেড (GCMMF) আৰু নেচনেল ক’অপাৰেটিভ ডেভলপমেণ্ট কৰ্প’ৰেচন (NCDC) অন্যতম।

এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে জৈৱিকভাৱে প্ৰমাণিত প্ৰক্ৰিয়াকৰণ কেন্দ্ৰৰ অভাৱ আৰু সীমিত জ্ঞান প্ৰচাৰৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা। NEDFLৰ বিস্তৃত কৃষক নেটৱৰ্কৰ জৰিয়তে এই পদক্ষেপে জৈৱিক কৃষিক সমবায় দুগ্ধ উৎপাদনৰ সৈতে সংযোগ কৰি এক বহনক্ষম পৰিৱেশ সৃষ্টি কৰাৰ আশা কৰা হৈছে।

দুয়োটা প্ৰকল্পই গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে কৃষকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে অসমৰ চহকী কৃষি আৰু দুগ্ধ উদ্যোগৰ সম্ভাৱনাক ব্যৱহাৰ কৰি উৎপাদনশীলতা বৃদ্ধি, বজাৰ সংযোগ উন্নত কৰা, আৰু স্থানীয় অৰ্থনীতি আৰু অধিক শক্তিশালী কৰা।

জৈৱিক প্ৰদৰ্শন ফাৰ্ম তথা খাদ্য উদ্ভাৱন কেন্দ্ৰৰ জৰিয়তে কৃষকসকলে জৈৱিক কৃষি সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ সুবিধা লাভ কৰিব। আনহাতে পূৰবী ডেইৰীৰ সম্প্ৰসাৰণে অঞ্চলটোৰ দুগ্ধ উদ্যোগক যথেষ্ট শক্তিশালী কৰিব। এই পদক্ষেপসমূহে অসমৰ কৃষি আৰু সমবায় খণ্ডৰ বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে, যাৰ ফলত কৃষক আৰু গ্ৰাহক উভয়ৰে বাবে দীৰ্ঘম্যাদী সুবিধা নিশ্চিত হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here