নভোটেল গুৱাহাটীয়ে আগবঢ়াইছে নৱতম বিলাসী আতিথ্যস্থল 'দ্য লোকেল এস্কেপ' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 27 February 2025

নভোটেল গুৱাহাটীয়ে আগবঢ়াইছে নৱতম বিলাসী আতিথ্যস্থল 'দ্য লোকেল এস্কেপ'


 

W7s news,,গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী, ২০২৫: সপ্তাহযোৰা কৰ্মব্যস্ততাৰ শেষত কিছু সুখময় আন্তৰিকতাপূৰ্ণ মুহূৰ্ত উদযাপন কৰিবলৈ দূৰণিবটীয়া যাত্ৰা নকৰাকৈয়ে সকলোকে এক আনন্দমধুৰ বিনোদনমূলক ক্ষণ উপভোগৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে জিএছ ৰোডস্থিত নভোটেল গুৱাহাটীয়ে আগবঢ়াইছে ‘দ্য লোকেল এস্কেপ’। অতুলনীয় বিলাস-বৈভৱেৰে পৰিকল্পিত এই ষ্টেকেচন পেকেজে অতিথিসকলক আৰাম, উদ্দীপনাৰ লগতে চহৰৰ মাজভাগতেই এক বিশিষ্ট ভ্ৰমণৰ সোৱাদ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।


'দ্য লোকেল এস্কেপ'ৰ অংশ হিচাপে অতিথিসকলে ষ্টেণ্ডাৰ্ড চুপিৰিয়ৰ কোঠাত থকাৰ সুবিধা, আড়ম্বৰপূৰ্ণ বুফে ব্ৰেকফাষ্ট, বিলাসী ডিনাৰ বুফেৰ দৰে বিশেষভাৱে প্ৰস্তুত কৰি তোলা কিছু সেৱা উপভোগ কৰাৰ সমান্তৰালকৈ খাদ্য আৰু পানীয়, স্পা, আৰু লণ্ড্ৰী সেৱাত একচেটিয়া ২০% ৰেহাইৰ সুবিধাও লাভ কৰিব। 


এই নতুন পৰিকল্পনা সম্পৰ্কে জি এছ ৰোডস্থিত নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, “নভোটেল গুৱাহাটীত আমি বিলাসীতা আৰু সুবিধাৰ সংমিশ্ৰণ ঘটাই আমাৰ অতিথিসকলক এক অনবদ্য অভিজ্ঞতা প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ‘দ্য লোকেল এস্কেপ’ হৈছে অতিথিসকলক অনায়াসে অথচ আড়ম্বৰপূৰ্ণ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে আমি আৰম্ভ কৰা এক পৰিকল্পনা, য’ত তেওঁলোকে চহৰ এৰি নোযোৱাকৈয়ে শীৰ্ষ-মানদণ্ডপূৰ্ণ আতিথ্য, উৎকৃষ্ট ভোজন অভিজ্ঞতা আৰু সজীৱতা সৃষ্টিকাৰী সেৱা উপভোগ কৰিব পাৰে। আমি সকলোকে নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মদিনৰ পৰা এটা সুপ্ৰাপ্য বিৰতি লৈ বিলাসীতাৰ মাজেৰে কিছুক্ষণ পাৰ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।”


বিশেষ হাৰত উপলব্ধ, প্ৰিমিয়াম ছিংগল অকুপেঞ্চিৰ মূল্য প্ৰতি নিশা ৬,৪৯৯++ (লগতে ১২% কৰ) আৰু প্ৰিমিয়াম ডাবল অকুপেন্সিৰ মূল্য প্ৰতি নিশা ৭,৮৯৯++ (লগতে ১৮% কৰ) ধাৰ্য কৰা হৈছে। এই প্ৰিমিয়াম ষ্টেকেচন পেকেজৰ অন্তৰ্ভুক্তিসমূহ হ'ল-

ষ্টেণ্ডাৰ্ড চুপিৰিয়ৰ কোঠাত থকাৰ সুবিধা

এটা আড়ম্বৰপূৰ্ণ বুফে ব্ৰেকফাষ্ট আৰু বিলাসী ডিনাৰ বুফেৰ সুবিধা

খাদ্য আৰু পানীয়, স্পা আৰু লণ্ড্ৰী সেৱাত ২০% ৰেহাইৰ সুবিধা


‘দ্য লোকেল এস্কেপ’ ষ্টেকেচন পেকেজৰ সময়সীমা ৩০ ছেপ্টেম্বৰ, ২০২৫লৈকে নিৰ্ধাৰিত কৰা হৈছে।অতিথিসকলে আজিয়েই +৯১ ৭৫৭৭৮ ৮৪০১৪ নম্বৰত ফোন কৰি এই বিশিষ্ট সেৱা উপভোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here