এডভান্টেজ আছাম ২.০ ত অংশগ্ৰহণ কৰি অসমৰ বিকাশৰ প্ৰতি দায়বদ্ধতাক পুনৰাবৃত্তি কৰিছে পেপছিকো ইণ্ডিয়াই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 27 February 2025

এডভান্টেজ আছাম ২.০ ত অংশগ্ৰহণ কৰি অসমৰ বিকাশৰ প্ৰতি দায়বদ্ধতাক পুনৰাবৃত্তি কৰিছে পেপছিকো ইণ্ডিয়াই

 

W7s news,,পেপছিকো ইণ্ডিয়াই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু বহনক্ষম উন্নয়নৰ পোষকতাৰ প্ৰতি থকা দায়বদ্ধতাক অধিক শক্তিশালী কৰি অংশগ্ৰহণ কৰে এডভান্টেজ আছাম ২.০ - বিনিয়োগ আৰু আন্তঃগাঁথনিৰ সন্মিলন ২০২৫ত ।

এই সন্মিলনত পেপছিকো ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি পেপছিকো ইণ্ডিয়াৰ যোগান শৃংখলৰ মুৰব্বী ৰিংকেশ সতীজাই কয়, “পেপছিকো ইণ্ডিয়াই অসমৰ সৈতে ইয়াৰ সহযোগিতা অধিক মজবুত কৰিছে, আৰু আমি ৰাজ্যখনৰ প্ৰগতিশীল অৰ্থনৈতিক উন্নয়নত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।  আকৰ্ষণীয় বিনিয়োগ নীতি আৰু সমৃদ্ধ ব্যৱসায়িক জলবায়ুৱে অসমক আমাৰ দীৰ্ঘম্যাদী সম্প্ৰসাৰণৰ বাবে এক মূল কেন্দ্ৰবিন্দু কৰি তুলিছে, য’ত নলবাৰীত আগত সময়ছোৱাত গ্ৰীণফিল্ড ফুডছ মেনুফেকচাৰিং প্ৰকল্প স্থাপনৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে । এই নতুন প্ৰকল্পৰ জৰিয়তে আমি অসমৰ পৰিৱেশ তন্ত্ৰত পৰিৱৰ্তনশীল প্ৰভাৱৰ আশা কৰিছোঁ, যিয়ে আমাৰ ‘প্ৰগতিৰ অংশীদাৰিত্ব’ক শক্তিশালী কৰি কৃষকৰ জীৱিকাৰ উন্নতি সাধন কৰিব, ৰাজ্য চৰকাৰৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰিব, আৰু অঞ্চলটোত চাকৰি সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন, আৰু বহনক্ষম বিকাশত অৰিহণা যোগাব।

পেপছিকোৱে ২০২৪ত অসমৰ নলবাৰীত খাদ্য উৎপাদন কাৰখানা স্থাপনৰ বাবে ₹৭৭৮ কোটি টকা বিনিয়োগ কৰাৰ  কথা  ঘোষণা কৰিছিল । ৪৪.২ একৰ ভূমিত বিস্তৃত এই উদ্যোগটোৱে ২০২৫ চনতে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ৰাজ্যখনৰ ৫০০ লোকৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হ’ব ।  নলবাৰী গ্ৰীণফিল্ডৰ সুবিধাই কৃষকৰ জীৱিকা বৃদ্ধিৰ বাবে পেপছিকোৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব, আৰু অনাগত বছৰবোৰত ৫ হাজাৰৰো অধিক কৃষক উপকৃত হ’ব ।  উন্নত প্ৰযুক্তি, উচ্চমানৰ বীজ, আৰু সুলভ যন্ত্ৰৰ জৰিয়তে এই পদক্ষেপে অসমৰ পৰা আলুৰ উৎস ৫০,০০০ টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে, যিয়ে আইকনিক লেইজ চিপছৰ উৎপাদনত সহায় কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here