নাৰায়ণ নগৰত লায়ন্স উমাঙে উদ্যোগত অত্যাধুনিক ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 29 January 2025

নাৰায়ণ নগৰত লায়ন্স উমাঙে উদ্যোগত অত্যাধুনিক ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ


 

মেয়ৰ মৃগেন শৰণীয়াই ক্লাবৰ সামূহিক সেৱাক প্ৰশংসা কৰে


W7s news,,গুৱাহাটী, ২৯ জানুৱাৰী।সামাজিক সেৱাৰ ক্ষেত্ৰত লায়ন্স ক্লাব অৱ গুৱাহাটী উমাঙে পুনৰবাৰ প্ৰমাণ কৰিলে যে মহিলা ক্লাবেও যে মহান সেৱা কৰিব পাৰে। নাৰায়ণ নগৰৰ হাৰিয়ানা ভৱনৰ সন্মুখত আৰু ৰাজহুৱা নামঘৰৰ সমীপত এটা অত্যাধুনিক ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰে লায়ন্স উমাঙে। এই সামূহিক সেৱাৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছিল ৰাজস্থান লাইম উদ্যোগৰ মুৰব্বী তথা উদ্যোগপতি-সামাজকৰ্মী জগদীশ ভাৰুকা। গুৱাহাটী পৌৰ নিগমেও সম্পূৰ্ণ সহায় আগবঢ়ায়।


উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱা গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই মহিলা ক্লাব লায়ন্স উমাঙৰ কাম-কাজৰ অন্তৰেৰে প্ৰশংসা কৰি কয় যে এই স্থানত দীৰ্ঘদিন ধৰি ৰাজহুৱা শৌচাগাৰৰ প্ৰয়োজন আছিল। অত্যাধুনিক ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰি লায়ন্স উমাঙৰ সমাজ সেৱাৰ দিশত এক গুৰুত্বপূৰ্ণ কাৰ্য কৰিছে।


বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় সঞ্চালক ৰাজ কুমাৰ আগৰৱালা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সঞ্চালক কিশোৰ কুমাৰ ভাৰ্মা, লায়ন্স জিলা ৩২২জি'ৰ জিলাপাল সীমা গোৱেংকা, ভিডিজি (প্ৰথম) পংকজ পোদ্দাৰ, সত্ৰাধিকাৰ সনাতন দাস আৰু আন বহু গণ্যমান্য ব্যক্তি উপস্থিতিত ৰাজহুৱা শৌচাগাৰ উদ্বোধন কৰা ৰাজহুৱা শৌচাগাৰটো উদ্বোধন কৰে লায়ন্সৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সঞ্চালিকা সংগীতা জাতিয়াই।


ৰাজহুৱা শৌচাগাৰ প্ৰকল্পৰ অধ্যক্ষ শ্ৰীমতী ঋতু বাংকাই কয় যে সত্ৰাধিকাৰ সনাতন দাসৰ নেতৃত্বত গঠিত নাৰায়ণ নগৰত অৱস্থিত ৰাজহুৱা নামঘৰৰ সহযোগতহে এই সামূহিক সেৱা প্ৰকল্প সম্ভৱ হৈছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু বাংকা এণ্ড এছ’চিয়েটছৰ মুৰব্বী তথা প্ৰখ্যাত স্থপতিবিদ সন্তোষ বাংকাই এই ৰাজহুৱা শৌচাগাৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


উদ্বোধনী অনুষ্ঠানত লায়ন্স উমাঙৰ সভানেত্ৰী  পয়াল চদ্ধাই আদৰণি ভাষণ প্ৰদান কৰে। এই উপলক্ষে আমন্ত্ৰিত অতিথিসকলেও তেওঁলোকৰ ভাষণত ক্লাবৰ সেৱামূলক কামৰ সম্পূৰ্ণ হৃদয়েৰে প্ৰশংসা কৰে আৰু এই প্ৰকল্পৰ দ্বাৰা বৃহৎ সংখ্যক লোক উপকৃত হ’ব বুলি কয়। এই উপলক্ষে ৰাজস্থান লাহিম উদ্যোগৰ হৈ সুমিত গয়েল আৰু সন্দীপ মহেশ্বৰী উপস্থিত থাকে। ক্লাবৰ সম্পাদক স্বাতী চৌধুৰীয়ে জনোৱা মতে, উপস্থিত সকলো অতিথিকে ক্লাবৰ হৈ আদৰণি জনোৱা হয়। কোষাধ্যক্ষ ববিতা আগৰৱালাই কয় যে এই উপলক্ষে লায়ন্স ক্লাবৰ বিভিন্ন শাখাৰ বিষয়াসকলৰ উপৰিও বৃহৎ সংখ্যক ক্লাবৰ সদস্য উপস্থিত থাকে। জনসংযোগ বিষয়া সুনীতা পৰীকে কয় যে অনুষ্ঠানটো সফল কৰি তোলাত সকলো সদস্যই পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here