কেক'লজী ২০২৫: গুৱাহাটীত ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ভাৰতৰ সৰ্ববৃহৎ কেক আৰু বেকিং এক্সপ’ৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 30 January 2025

কেক'লজী ২০২৫: গুৱাহাটীত ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ভাৰতৰ সৰ্ববৃহৎ কেক আৰু বেকিং এক্সপ’ৰ আয়োজন


 


W7s news,,গুৱাহাটী, ৩০ জানুৱাৰী ২০২৫: কেক প্ৰেমী, বেকিং পেছাদাৰী আৰু উদ্যোগ ক্ৰেতাসকলক এক বিশেষ অভিজ্ঞতা প্ৰদান কৰি প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰতৰ আগশাৰীৰ কেক আৰু বেকিং এক্সপ’ কেক’লজী ২০২৫। অহা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এই সৰ্ববৃহৎ এক্সপ’ই উত্তৰ-পূব ভাৰতৰ বেকিং আৰু আতিথ্য উদ্যোগত এক বৈপ্লৱিক পৰিৱৰ্তন আনি সকলোৰে বাবে এক নতুন দিগন্ত মুকলি কৰিব।

উল্লেখ্য যে, আঠ বছৰ পূৰ্বে মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰা কেক’লজীয়ে বহু সফল সংস্কৰণ অনুষ্ঠিত কৰি বৰ্তমান সময়ত ভাৰতৰ সফল বেকিং এক্সপ’ত পৰিণত হৈছে। গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কেক’লজীয়ে কেক নিৰ্মাতা, ঘৰুৱা বেকাৰ, উদ্যোগৰ পেছাদাৰী, আৰু খাদ্য উদ্যোগীসকলৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰিব, য’ত তেওঁলোকে ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব, জ্ঞান আহৰণ কৰিব পাৰিব আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব।


এই অনুষ্ঠানটো বিশেষভাৱে বেকিং পেছাদাৰী, উদ্যোগ ক্ৰেতা, কেক আৰ্টিষ্ট, হোম বেকাৰ, বেকাৰী কেফে, পেষ্ট্ৰি চেফ, ৰেষ্টুৰেণ্টৰ মালিক, কেটাৰ, হোটেল পাৰ্চেচ মেনেজাৰ, এফ এণ্ড বি মেনেজাৰ, ছুইট এণ্ড স্নেকছ শ্বপৰ মালিক, হোটেল মেনেজমেণ্ট ইনষ্টিটিউট আৰু আন ভিভিন্ন বৈচিত্ৰময় দৰ্শকৰ বাবে প্ৰস্তুত কৰা হৈছে।

এই এক্সপ’ সন্দৰ্ভত উচ্ছ্বাস ব্যক্ত কৰি মুখপাত্ৰ খুষী মালানীয়ে কয়, "অতিথিসকলে ষ্টল আৰু প্ৰদৰ্শনীকে ধৰি একাধিক ৰোমাঞ্চকৰ কাৰ্য্যকলাপৰ বাবে আগ্ৰহী হ'ব পাৰে, য'ত শীৰ্ষ ব্ৰেণ্ডসমূহে তেওঁলোকৰ উপাদান, সঁজুলি আৰু বেকিং সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও বিশেষজ্ঞ বেকাৰ আৰু চেফৰ নেতৃত্বত হাতে-কামে কৰ্মশালা আৰু লাইভ থিয়েটাৰ প্ৰদৰ্শন থাকিব।"

উল্লেখ্য যে, কেক’লজী ২০২৫ কেৱল এক প্ৰদৰ্শনী নহয়, এয়া হৈছে বেকিং আৰু কেক প্ৰস্তুত কৰা অনন্য কলাৰ এক বিশাল উদযাপন। এই অনুষ্ঠানৰ লক্ষ্য হৈছে সকলোৰে বাবে এক সৃষ্টিশীল মঞ্চ সৃষ্টি কৰা, য'ত দৈনন্দিন কেক প্ৰেমী, পেছাদাৰী বেকাৰ, চকলেট বনোৱা কাৰিকৰ, খুচুৰা বিক্ৰেতা, আৰু খাদ্য অনুৰাগীসকলে একত্ৰিত হ'ব পাৰে, শিকিব পাৰে, আৰু নিজৰ দক্ষতাক নিখুঁত কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here