৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 29 January 2025

৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে*


 *


W7s news,গুৱাহাটী; ২৮ জানুৱাৰী, ২০২৫: উত্তৰ-পূব ভাৰতৰ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ পথ প্ৰদৰ্শক মেগা এণ্টাৰটেইনমেণ্টে ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালেৰ দিন ঘোষণা কৰিছে। বহু প্ৰত্যাশিত এই অনুষ্ঠানটো অহা ৩১ জানুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটীৰ আইটিএ সাংস্কৃতিক প্ৰকল্পৰ চৌহদত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, এই প্ৰতিযোগিতাত উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যৰ ৫৭ গৰাকী প্ৰতিযোগীয়ে তিনিটা আকাংক্ষিত বিজয়ীৰ খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।


উল্লেখ্য যে, মেগা মিছ নৰ্থ ইষ্ট (এমএমএনই) হৈছে ফেশ্বন উদ্যোগী অভিজিৎ সিংহাৰ সৃজনশীল পৰিকল্পনাৰে বাস্তৱ ৰূপ লাভ কৰা এক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনিৰ প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেইনমেণ্টে আৰু বিপণন কৰিছে মেগা এক্টিভেচনে। 


অভিজিৎ সিংহাৰ দূৰদৰ্শী নেতৃত্বত মেগা মিছ নৰ্থ ইষ্টে প্ৰতি বছৰে প্ৰতিযোগিতাৰ জগতত নতুন নতুন মাইলৰ খুঁটি স্থাপন কৰি আহিছে। এই বিশেষ অনুষ্ঠানটোৰ সন্দৰ্ভত মন্তব্য কৰি মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিৎ সিংহাই কয়, “২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট উদযাপন কৰি মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰতিযোগীসকলে নিজৰ দক্ষতা শানিত কৰি ইতিবাচক প্ৰভাৱ পেলাব পৰাকৈ যোৱা দুটা দশকত আমাৰ মঞ্চখন বিশ্বব্যাপী প্ৰতিভাৰ পীঠস্থান হিচাপে পৰিগণিত হৈছে। এই সময়ছোৱাত আমি অগণন মহিলাই সফল কেৰিয়াৰ আৰম্ভ কৰা, সমাজক অনুপ্ৰাণিত কৰা, আৰু বাধা অতিক্ৰম কৰা দেখিছোঁ। উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি প্ৰতি বছৰে আৰু অধিক দৃঢ় হৈ আহিছে, যিয়ে তেওঁলোকৰ বিকাশ, আত্মবিশ্বাস আৰু সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে।”


লিভনৰ সৈতে এই সহযোগিতা সন্দৰ্ভত মন্তব্য কৰি মেৰিকো লিমিটেডৰ মুখ্য বিপণন বিষয়া সোমাশ্ৰী বসু অৱস্থিয়ে কয়, “লিভন নৱপ্ৰজন্মৰ বাবে সদায় এক বিশ্বাসযোগ্য হেয়াৰ ষ্টাইলিং সংগী হৈ আহিছে, যিয়ে তেওঁলোকক নিজৰ অনন্য ষ্টাইল আত্মবিশ্বাসেৰে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। মেগা মিছ নৰ্থ ইষ্টৰ সৈতে আমাৰ অংশীদাৰিত্ব হৈছে আমাৰ ব্ৰেণ্ডৰ ধাৰণা #SalonHairOnTheGoৰ নিখুঁত প্ৰতিফলন, যিয়ে কয় যে আমি যিকোনো ঠাইতে আৰু যিকোনো সময়তে প্ৰকাশভংগী আৰু ব্যক্তিত্বৰ স্বাধীনতাক উদযাপন কৰো। এই সহযোগিতাই উত্তৰ-পূবৰ সজীৱ সংস্কৃতি আৰু সৌন্দৰ্য্যক প্ৰতিফলিত কৰে, আৰু আমি এই সন্মানীয় প্ৰতিযোগিতাখনৰ ২১ সংখ্যক সংস্কৰণৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছো। এইবাৰ এই মঞ্চৰ লক্ষ্য হৈছে বিজয়ীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় সুযোগৰ দুৱাৰ মুকলি কৰা, যাতে তেওঁলোকে নিজৰ প্ৰতিভাক বিশ্ব মঞ্চত প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰে।”


উল্লেখ্য যে, এইবাৰ এমএমএনইক সমৰ্থন আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ ইনক্ৰেডেবল ইণ্ডিয়া পদক্ষেপৰ অধীনত। এই অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ স্বৰ্গীয় সৌন্দৰ্য্যক এক বিশেষ অভিযানৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ব, য’ত প্ৰতিযোগীসকলে নিজৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰি অঞ্চলটোক বিশ্ব মঞ্চত অধিক জনপ্ৰিয় কৰি ওলাৰ প্ৰয়াস কৰিব।


এই অনুষ্ঠানত প্ৰসাধন অংশীদাৰ হিচাপে নেয়াহ, আতিথ্য অংশীদাৰ হিচাপে হোটেল ডাইস্ক’ অ'লে এলো, আৰু পানীয় অংশীদাৰ হিচাপে কোকা-কোলাই সহযোগ কৰিছে। গুৱাহাটীস্থিত জনসংযোগ প্ৰতিষ্ঠান লাইফছ পাৰ্পলে অনুষ্ঠানটোৰ আনুষ্ঠানিক জনসংযোগ অংশীদাৰ হিচাপে সহযোগ কৰাৰ লগতে বিজয়ীসকলক তেওঁলোকৰ কাৰ্যকালত সুনাম ব্যৱস্থাপনাৰ পৰামৰ্শও প্ৰদান কৰিব।


এই বিশেষ অনুষ্ঠানটোৰ আন্তৰ্জাতিক গুৰুত্ব অধিক বৃদ্ধি কৰিবলৈ গ্ৰেণ্ড ফিনালেত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব মিষ্টাৰ ইণ্টাৰনেশ্যনেল ২০২৪ৰ বিজয়ী স্পেইনৰ ফ্ৰান জাফ্ৰা। তেওঁৰ উপস্থিতিয়ে এই অনুষ্ঠানৰ বিশ্বব্যাপী গুৰুত্ব আৰু স্বীকৃতি বহুগুণে বঢ়াই তুলিব।


প্ৰণিধানযোগ্য যে, এমএমএনইৰ তিনিওগৰাকী বিজয়ীক সমান মৰ্যাদাৰে খিতাপ প্ৰদান কৰা হ’ব। এই প্ৰতিযোগিতাৰ বিজয়ীসকলে ভাৰতক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভৰ সমান্তৰালভাৱে ৫০ হাজাৰ টকাৰো অধিক মূল্যৰ পুৰস্কাৰো লাভ কৰিব। তদুপৰি, ভ্ৰমণৰ সুযোগ, মেগা এণ্টাৰটেইনমেণ্টৰ পেছাদাৰী প্ৰতিনিধিত্ব, ব্ৰেণ্ড এংগেজমেণ্ট, শ্বুট, যুৱ আৰু ফেশ্বন ইভেণ্টত উপস্থিতি আদি বহুতো বিশেষ সুযোগো তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ’ব।


এক চমকপ্ৰদ গ্ৰেণ্ড ফিনালেৰ জৰিয়তে অন্ত পৰিব ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ প্ৰতিভাসম্পন্ন চূড়ান্ত প্ৰতিযোগীসকলে সন্মানীয় খিতাপৰ বাবে অংশগ্ৰহণ কৰিব। গুৱাহাটীত অনুষ্ঠিত এক নিবিড় গ্ৰুমিং আৰু প্ৰশিক্ষণ সমাৱেশৰ অন্তত নিৰ্বাচিত প্ৰতিযোগীসকলে মঞ্চত নিজৰ সৌন্দৰ্য্য, প্ৰতিভা আৰু অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰিব। এই সন্ধিয়াটো হ’ব আড়ম্বৰ, সৱলীকৰণ আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতিমূৰ্তি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here