আঠগাঁৱৰ গৌশালাত শ্ৰী কৃষ্ণ কথা' ত লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ
W7s news,,গুৱাহাটী, ১০ জানুৱাৰী। শ্ৰী হৰি সৎসঙ্গ সমিতি, পূৰ্বোত্তৰ হৈছে এক সাংস্কৃতিক আৰু আধ্যাত্মিক আন্দোলন যিয়ে কথা আৰু সৎসঙ্গৰ জৰিয়তে মানুহৰ হৃদয়ত ভগৱান ৰাম আৰু কৃষ্ণক প্ৰতিষ্ঠা কৰাৰ কামত নিয়োজিত হোৱাৰ লগতে সনাতন ধৰ্মৰ গুৰুত্বও জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি আছে। এই কথা ক’লে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। আঠগাঁৱৰ শ্ৰী গুৱাহাটী গৌশালাৰ বৃন্দাবন উদ্যান চৌহদত শ্ৰী হৰি সৎসং সমিতি, পূৰ্বত্তৰৰ উদ্যোগত আয়োজিত পাঁচদিনীয়া শ্ৰী কৃষ্ণ কথা চতুৰ্থ দিনা মুখ্য অতিথি হিচাপে ভাষণ দি ৰাজ্যপাল গৰাকীয়ে সংস্কাৰ সুৰক্ষাৰ জৰিয়তে এই কথা কয় কাৰ্যসূচীত সংগঠনটোৱে জনজাতীয় সমাজত ঐশ্বৰিক শক্তিৰ বিষয়ে সজাগতা সৃষ্টি কৰিছে ভক্তিৰ অনুভূতি জাগ্ৰত কৰাৰ কাম বৃহৎ পৰিসৰত কৰা হৈছে। ভগৱানৰ শক্তিৰ জৰিয়তে মানুহক ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’বলৈ অনুপ্ৰাণিত কৰা হৈছে। এই কাম ইমান বৃহৎ পৰিসৰত কৰা হৈছে আৰু সেয়াও চৰকাৰী কোনো সাহায্য অবিহনে কৰা হৈছে, যিয়ে সংস্থাটোৰ বিষয়ববীয়াসকলৰ দেশ আৰু সমাজৰ প্ৰতি সংগঠিত শক্তি আৰু নিষ্ঠাৰ পৰিচয় দিয়ে।
ৰাজ্যপাল মহোদয়ে কয় যে মই সুখী, শ্ৰী হৰি সৎসংগ সমিতি, পূৰ্বোত্তৰ যি প্ৰচেষ্টা চলাই আছে, প্ৰকৃততে মানৱ চৰিত্ৰ গঢ়াৰ দিশত আগবাঢ়িছে। নৱপ্ৰজন্মৰ মাজত মূল্যবোধৰ পৰিপক্কতা শক্তিশালী হৈ আহিছে, যাৰ জীৱন্ত প্ৰমাণ ইয়াত উপস্থিত ব্যাস কথাকাৰ ভগ্নীসকলে প্ৰশিক্ষণ লোৱাৰ পিছত প্ৰতিখন গাঁৱতে সমাজখনক বৃহৎ পৰিসৰত সনাতন ধৰ্মৰ প্ৰতি জাগ্ৰত কৰাৰ বাবে কাম কৰি আছে।
মহামান্য গৰাকীয়ে আৰু কয় যে যেতিয়া সমাজখন বিভিন্ন শ্ৰেণীত বিভক্ত হয় আৰু তেওঁলোকৰ মতাদৰ্শ আৰু বিশ্বাস বেলেগ বেলেগ হয়, তেতিয়া সংঘাতৰ সম্ভাৱনা বৃদ্ধি পায়। শ্ৰী হৰি সৎসঙ্গ সমিটি পূৰ্বোত্তৰৰ সমাজৰ সকলো শ্ৰেণীৰ মাজত সমন্বয়ৰ উদ্দেশ্যেৰে কাম কৰি আছে, অৰ্থাৎ এই সংস্থাটোৱে বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছে। ইয়াত উপস্থিত থকা ল’ৰা-ছোৱালীবোৰো বিভিন্ন জনজাতি সমাজৰ, একেলগে প্ৰশিক্ষণ লৈছিল, একেলগে সাংস্কৃতিক শিক্ষা গ্ৰহণ কৰিছিল, এই ল’ৰা-ছোৱালীবোৰ যে বিভিন্ন জনজাতিৰ বুলি কোনেও ক’ব নোৱাৰে আমি এক সনাতনি দৰাচলতে জনজাতীয় সমাজৰ ল’ৰা-ছোৱালীক কঠাৰ প্ৰশিক্ষণ প্ৰদান কৰি শ্ৰী হৰি সৎসঙ্গ সমিতি, পূৰ্বোত্তৰ এক আদৰ্শ দাঙি ধৰিছে। একেধৰণৰ ৰূপ, একেধৰণৰ পৰিৱেশ আৰু একেধৰণৰ মতাদৰ্শৰে আমি ঐশ্বৰিক কামৰ বাবে আগবাঢ়িছো। এই শিশুসকলে যি কাম কৰি আছে সেয়া জটিল কাম হোৱাৰ পিছতো সহজ নহয়, তেওঁলোকৰ দৃঢ়তা শক্তিয়ে তেওঁলোকৰ লক্ষ্যক বাস্তৱত পৰিণত কৰিছে; এই ল’ৰা-ছোৱালীবোৰৰ আত্মাক ক্ষীণ হ’বলৈ নিদিয়াটো আমাৰ দায়িত্ব;
ইয়াৰ পূৰ্বে ৰাজ্যপাল আচাৰ্যই ব্যাস্পীঠক পূজা কৰি মুখ্য কথক আন্তঃৰাষ্ট্ৰীয় ধৰ্ম বক্তা স্বামী ভূপেন্দ্ৰ ভাই পাণ্ডিয়াৰ পৰা আশীৰ্বাদ লয়। এই উপলক্ষে পৃষ্ঠপোষক শংকৰলাল গোৱেংকা, ৰামাৱতাৰ ভৰতীয়, কৈলাশ লোহিয়া, মাৰ্গদৰ্শক অৰুণ কুমাৰ বাজাজ, সুভাষ আগৰৱাল, ভি এইচ পিৰ সংগঠন মন্ত্ৰী দীনেশ তিৱাৰী, সমিতিৰ সভাপতি অজিত কুমাৰ জানা, শ্ৰীকৃষ্ণ কথা অধ্যক্ষ বিনোদ জছৰছাৰিয়া আৰু অশোক কুমাৰ আগৰৱালা ৰাজ্যপালৰ লগত মঞ্চত উপস্থিত থাকে।
এই সময়ত সংগঠনৰ হৈ আনন্দ পোদ্দাৰ, বিজয় আগৰৱাল, সংগঠন মন্ত্ৰী প্ৰমোদ ৰাজবংশী আৰু লক্ষ্মীনাৰায়ণ বাজাজে ৰাজ্যপালক সম্বৰ্ধনা জনায়। আনহাতে, শ্ৰী গুৱাহাটী গৌশালাৰ হৈ ট্ৰাষ্টী চেয়াৰমেন কৈলাশ লোহিয়া, ট্ৰাষ্টী ইনচাৰ্জ ড° অশোক কুমাৰ ধানুকা, ট্ৰাষ্টী আৰু কাৰ্যনিৰ্বাহক সমিতিৰ অধ্যক্ষ ৰমেশ গোৱেংকাইও ৰাজ্যপাল আচাৰ্যক সম্বৰ্ধনা জনায়।
এই উপলক্ষে সমিতিৰ মাৰ্গদৰ্শক অৰুণ বাজাজে ভাষণত শ্ৰী হৰি সৎসঙ্গ সমিতি পূৰ্বোত্তৰ কেনেদৰে গাঁৱৰ চুকে-কোণে বসবাস কৰা জনজাতি জনগোষ্ঠীৰ ভাই-ভনীসকলক সনাতন ধৰ্ম বিষয়ে সজাগ কৰি তুলিছে সেই বিষয়ে চমুকৈ ব্যাখ্যা কৰে ভাৰতৰ ঐক্য আৰু অখণ্ডতাই ইয়াক ৰক্ষাৰ বাবে কাম কৰি আছে। ইয়াৰ পূৰ্বে শ্ৰী কৃষ্ণ কথা অধ্যক্ষ বিনোদ জছৰাসৰিয়াই তেওঁৰ ভাষণত সকলোকে আদৰণি জনায়। পৃষ্ঠপোষক ৰাম অৱতাৰ ভাৰতীয়ইও নিজৰ মতামত ব্যক্ত কৰে। শেষত কাৰ্যবাহী অধ্যক্ষ শ্যাম সুন্দৰ চৰ্দাই কৃতজ্ঞতা জ্ঞাপন কৰে। এই ভব্য অনুস্থানতি সঞ্চালন কৰে জেষ্ঠ সদস্য প্ৰদীপ ভোৱালকা দেৱে। এই পাচ দিনিয়া ধৰ্মীয় অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন গাঁৱৰ জাতি জনজাতিৰ অংশ গ্ৰহণে আমাৰ অনুষ্ঠানতি সাফল্যমণ্ডিত কৰে।
No comments:
Post a Comment