*মোহন বাগানৰ জয়যাত্ৰা, গুৱাহাটীতো আশাহত ইষ্ট বেংগল* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 11 January 2025

*মোহন বাগানৰ জয়যাত্ৰা, গুৱাহাটীতো আশাহত ইষ্ট বেংগল*

 




মোহন বাগান ঃ ১ [জেমী মেকলাৰেন ২ মিনিট]

ইষ্ট বেংগল ঃ ০


*গুৱাহাটী, ১১ জানুৱাৰী ঃ* মোহন বাগান ছুপাৰ জায়েণ্ট দলে শনিবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ কলকাতা ডাৰ্বি মেচত ইষ্ট বেংগল এফ চিক একমাত্ৰ গলত পৰাস্ত কৰি শীৰ্ষস্থান অক্ষুন্ন ৰখাৰ লগতে অপৰাজেয় ধাৰাও অব্যাহত ৰাখিলে৷


খেলৰ দুই মিনিটতে গল কৰি মোহন বাগানে প্ৰত্যাশিত আৰম্ভনি কৰিবলৈ সক্ষম হয়৷ আশীষ ৰায়ে চেণ্টাৰৰ পৰা মৰা শ্বট ইষ্ট বেংগলৰ বক্সৰ ভিতৰত আয়ত্ব কৰি জেমী মেকলাৰেনে দক্ষতাৰে বিপক্ষৰ দুৰ্গত বল সোমাই দিয়ে৷ মেচত মোহন বাগানৰ অধিপত্য ইয়াৰ পৰাই আৰম্ভ হয়৷ বিপৰীতে নিস্তেজ ইষ্ট বেংগল৷


২১ মিনিটত মোহন বাগানে অগ্ৰগতি বৃদ্ধি কৰাৰ সুযোগ পাইছিল কিন্তু গল কৰাত ব্যৰ্থ হয় মনবীৰ সিং৷ প্ৰথমাৰ্ধত এটা গলতে সন্তুষ্ট থাকে জোচে মলিনাৰ দল৷ দ্বিতীয়াৰ্ধত মোহন বাগানে খেলৰ ছন্দ একেদৰে ধৰি ৰখাৰ বিপৰীতে ইষ্ট বেংগলে প্ৰত্যাক্ৰমনৰ ৰণনীতিৰে গতিশীল ফুটবল খেলিবলৈ লয়৷


কিন্তু প্ৰথম দহ মিনিটতে দুখন হালধীয়া কাৰ্ড পোৱা ইষ্ট বেংগলে ৬৪ মিনিটত আন এক আঘাতৰ সন্মুখীন হয়৷ বিপক্ষৰ ষ্ট্ৰাইকাৰক বিপদজনকভাবে বাধা দিবলৈ গৈ দ্বিতীয়খন হালধীয়া কাৰ্ড পাই খেলপথাৰৰ পৰা বাহিৰ হয় সৌভিক চক্ৰবৰ্তী৷ ইষ্ট বেংগলে দহ জনৰে খেলি নিজৰ প্ৰধান প্ৰতিদ্বন্দ্বীক বাধা দিবলৈ অপ্ৰান চেষ্টা চলায়৷ ফলত দ্বিতীয়টো গল কৰাত বিফল হয় মোহন বাগান৷ কিন্তু তিনি পইণ্টে শীৰ্ষস্থান আৰু অপৰাজেয় ধাৰা অব্যাহত ৰাখে৷


উল্লেখ্য যে আই এছ এলৰ ইতিহাসত দুয়োটা দলে দহবাৰ মুখামুখি হ’ল আৰু নখন খেলতে মোহন বাগানে জয়লাভ কৰি অপৰাজেয় ধাৰা অব্যাহত ৰাখিলে৷ বিপৰীতে চিৰবৈৰীৰ বিৰুদ্ধে জয়ৰ সোৱাদৰ পৰা আকৌ এবাৰ বঞ্চিত হ’ল ইষ্ট বেংগল৷ মোহন বাগানৰ বিৰুদ্ধে পৰাজয়ৰে আৰু এটা ছিজন সামৰিলে৷


মোহন বাগানে আজি লীগত চতুৰ্থবাৰৰ বাবে ইষ্ট বেংগলৰ বিৰুদ্ধে ডাবল ষ্ট্ৰিক কৰাৰ অনন্য সফলতাও অৰ্জন কৰিলে৷ ইয়াৰপূৰ্বে চলিত লীগৰ প্ৰথম মুখামুখিত ইষ্ট বেংগলৰ বিৰুদ্ধে জয়লাভ কৰা মোহন বাগানে ২০২১-২২, ২০২৩-২৪ আৰু ২০২৪-২৫ চনতো  ক্লাবটোৰ বিৰুদ্ধে আই এছ এলত ডাবলছ জয়ৰ সফলতা লাভ কৰিছিল৷


অগনিত ফুটবলপ্ৰেমীৰ আবেগ আৰু উত্তেজনাৰ দৃষ্টিৰে ভাৰতীয় ফুটবলৰ কলকাতা ডাৰ্বি শ্ৰেষ্ঠ খেল ৰূপে সমাদৃত৷ দীৰ্ঘ বিৰতিৰ পাছত অসমত আজি মোহন বাগান আৰু ইষ্ট বেংগলৰ মেচখন অনুষ্ঠিত হয় যদিও উভয় দল বঞ্চিত হয় দৰ্শকৰ পৰিচিত কোলাহলৰ পৰা৷ হয়তো উভয় দলে প্ৰথমবাৰৰ বাবে ইমান কম দৰ্শকৰ সন্মুখত খেলিলে৷


১৫ খন মেচত ৩৫ পইণ্টৰে শীৰ্ষস্থান অক্ষুন্ন ৰখা মোহন বাগানে পৰবৰ্তী খেলখন জামছেদপুৰ এফ চিৰ বিৰুদ্ধে খেলিব৷ অহা ১৭ জানুৱাৰীত জামছেদপুৰত এই খেল অনুষ্ঠিত হ’ব৷ ইফালে, ইষ্ট বেংগলে অহা ১৯ জানুৱাৰীত ফাটুৰ্ডাত হ’বলগা মেচত এফ চি গোৱাৰ মুখামুখি হ’ব৷ ১৫ খন মেচত ১৪ পইণ্টৰে একাদশ স্থানত থাকিল দল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here