২০২৫ ৰ ১১ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ নভোটেল গুৱাহাটীৰ দ্য স্কোয়েৰত উপভোগ কৰক পৰম্পৰাগত অসমীয়া খাদ্যৰ সোৱাদ
W7s news,গুৱাহাটী, ১০ জানুৱাৰী, ২০২৫: অসমীয়াৰ বাপতিসাহোন মাঘ বিহুৰ বতৰত নভোটেল গুৱাহাটীয়ে অতিথিসকলৰ বাবে লৈ আহিছে অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰাৰ এক অনন্য সুযোগ। ভোগালী বিহুৰ এই বতৰত ২০২৫ চনৰ ১১ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ সন্ধিয়া ৭ বজাৰ পৰা গুৱাহাটীৰ জি এছ ৰোডস্থিত নভোটেল গুৱাহাটীৰ দ্য স্কোয়েৰত আয়োজন কৰা হৈছে ‘ভোগালী বিহু থিম ডিনাৰ’ৰ। অসমীয়া খাদ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।উল্লেখ্য যে, সমৃদ্ধি আৰু ঐক্যৰ প্ৰতীক ভোগালী বিহু প্ৰতি বছৰে আড়ম্বৰপূৰ্ণ ভোজ আৰু পৰম্পৰাগত সুস্বাদু খাদ্যৰে পালন কৰা হয়। নভোটেল গুৱাহাটীয়ে এই উৎসৱৰ মনোভাৱক সজীৱ কৰি তুলি তেওঁলোকৰ বিশেষ মেনুৰ জৰিয়তে অতিথিসকলক আগবঢ়াইছে অসমৰ আটাইতকৈ প্ৰামাণিক সোৱাদ। অতিথিসকলে ইয়াত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সোৱাদেৰে ভৰা ব্যঞ্জন যেনে, অমিতা খাৰ, জাতিলাও খাৰ, মাটি মাহ দাইল, কলডিল আলু, গুটি আলু আৰু লাই শাক ভাজি, কোমোৰাৰে বনোৱা হাঁহৰ মাংস, ছাগলী মাংসৰ জোল, তিল দিয়া কুকুৰা মাংস, জহা চাউলৰ পোলাও আৰু অন্য বহুতো সুস্বাদু অসমীয়া ব্যঞ্জনৰ জুতি ল’ব পাৰিব। অসমীয়া খাদ্যৰ প্ৰকৃত শিপা আৰু পৰিচয়ক উজ্জ্বল কৰি তোলা এই আটাইবোৰ ব্যঞ্জন স্থানীয় সামগ্ৰীৰে প্ৰস্তুত কৰা হ’ব। অসমৰ পৰম্পৰাগত সোৱাদ আৰু ইয়াৰ খাদ্য সম্ভাৰৰ সমৃদ্ধি সম্পূৰ্ণৰূপে ধৰি ৰখা এক অনন্য অভিজ্ঞতা লাভ কৰিব অতিথিসকলে।
নভোটেল গুৱাহাটীৰ এই ভোগালী আয়োজনৰ পৰিপ্ৰেক্ষিতত অতিথিসকলক বিহুৰ পৰিৱেশৰ অনুভৱ প্ৰদান কৰিবলৈ দ্য স্কোয়াৰক জীপাল আৰু পৰম্পৰাগত সজ্জাৰে সজাই তোলা হ’ব। ইয়াৰোপৰি এই বিশেষ ৰন্ধন অভিজ্ঞতাক আৰু অধিক বিশেষ কৰি তুলিবলৈ অসমীয়া লোকসংগীতৰ লাইভ পৰিবেশন কৰা হ’ব, যিয়ে অতিথিসকলক এক পূৰ্ণাংগ সাংস্কৃতিক মাদকতা প্ৰদান কৰিব।
ইফালে, অতিথিসকলক নিজৰ খাদ্য বিকল্প বাছনিত সহায়ক হোৱাকৈ দ্য স্কোয়েৰত পৰিৱেশন কৰা হ’ব বিভিন্ন আমিষ আৰু নিৰামিষ উভয় ধৰণৰ অসমীয়া খাদ্য।
এই আয়োজন সন্দৰ্ভত উল্লাস ব্যক্ত কৰি নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, ''ভোগালী বিহু হৈছে খাদ্য, সমাজ আৰু পৰম্পৰা উদযাপনৰ এক উৎসৱ। আমাৰ ভোগালী বিহু থিম ডিনাৰৰ জৰিয়তে আমি আমাৰ অতিথিসকলক অসমৰ প্ৰামাণিক ৰুচি আৰু সুগন্ধি উপভোগ কৰাৰ সুযোগ দিয়াৰ লগতে উৎসৱৰ সাংস্কৃতিক সজীৱতাক উদযাপনৰ বাবে এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছোঁ।"
দ্য স্কোয়েৰত উপস্থিত থাকি এইবাৰৰ ভোগালী বিহুত উপভোগ কৰক অসমৰ পৰম্পৰাগত সোৱাদ আৰু হৃদয়ৰ পৰা উদযাপন কৰক অসমীয়া বিস্তৃত খাদ্য সম্ভাৰৰ সমৃদ্ধি আৰু বিবিধতা। আসন সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে যোগাযোগ কৰক- +৯১ ৭৫৭৭৮ ৮৪০২২ নম্বৰত।
No comments:
Post a Comment