"
প্ৰিয়নাৰী ড মন্দিৰা বৰুৱাৰ দ্বাৰা ৰচিত দুখন কিতাপ "থলুৱা বনদৰবেৰে ঘৰুৱা চিকিৎসা" আৰু "অসমীয়া খাদ্যৰ জুতিত ঔষধি গুণ" কিতাপ দুখনৰ শুভ উন্মোচন কৰা হয়
W7s news,,গুৱাহাটী ৯ ডিচেম্বৰ : সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ "সাতসৰী" উদ্যোগত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হোৱা ৫ দিনীয়া "ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ" সফল সামৰণি পৰে।
সাতসৰী সভানেত্ৰী প্ৰিয়নাৰী ড: মন্দিৰা বৰুৱাৰ আহ্বান" আমাৰ স্বাস্থ্য আমাৰ সম্পদ" শ্ল'গানৰ প্ৰতি আহ্বান জনায় আটাইকেইদিনেই অসম তথা ভাৰতৰ লগতে বিদেশৰ বহুতো আয়ুৰ্বেদিক ডাক্তৰ আৰু বনৌষধিৰ কবিৰাজে আৰোগ্য মেলাত অংশগ্ৰহণ কৰে।
মেলাত দিহানাম, বিয়া নাম, জ্যোতি সংগীত প্ৰতিযোগিতা আৰু ৰাভা সংগীত প্ৰতিযোগিতাৰ লগতে বনৌষধিৰ অনলাইন প্ৰতিযোগিতা, কবিতা প্ৰতিযোগিতা আৰু শিশু সকলৰ মাজতো চিত্ৰাংকন প্ৰতিযোগিতাত অনুষ্ঠিত কৰা হয়। সকলো প্ৰতিযোগিতাৰ লগতে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাৰ সভাপতিত্ব কৰে প্ৰিয়নাৰী ড: মন্দিৰা বৰুৱাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জেষ্ঠ বিজ্ঞানী ডঃ: হেমেন হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰে কুমুদ দাসে কৰে।
ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ বাকৰিত সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ সভানেত্ৰী প্ৰিয়নাৰী ড মন্দিৰা বৰুৱাৰ দ্বাৰা ৰচিত দুখন কিতাপ "থলুৱা বনদৰবেৰে ঘৰুৱা চিকিৎসা" আৰু "অসমীয়া খাদ্যৰ জুতিত ঔষধি গুণ" কিতাপ দুখনৰ শুভ উন্মোচন কৰা হয়। কিতাপ দুখনৰ উন্মোচন কৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত অৰুণাচলৰ পদ্মশ্ৰী ৱাই জে লেগুৱে আৰু ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ মূখ্য পৰামৰ্শদাতা ময়নাক পাত্ৰদেৱে।
মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থকা ৱাই জে লেগুৱে তেখেতৰ ভাষনত সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ সভানেত্ৰী প্ৰিয়নাৰী ড: মন্দিৰা বৰুৱাৰ প্ৰচেষ্টা আৰু কষ্টৰ ভূয়সী প্ৰশংসা কৰে। মন্দিৰা বৰুৱা এটা অনুষ্ঠান বুলি কৈ তেখেতৰ দৰেই সকলো মহিলা সাহসী হ'বলৈ পৰামৰ্শ আগবঢ়ায়। এটা সময়ত দায়িত্বৰ খাতিৰত নিজেও মহিলা হিচাপে কেনেকৈ সংঘাটৰ সন্মুখীন হৈছিল তাৰ এক চমু বিশ্লেষণ আগবঢ়ায় উপস্থিত সকলোৰে মন মোহিত কৰে। সভাত ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ ওপৰত আধাৰিত আলোচনী "সাতসৰী আৰোগ্যম " উন্মোচন কৰে ড: দয়ান্দ পাঠকে। মৃনালী ভৰালীৰ দ্বাৰা সম্পাদিত আৰু উৎপলা বৰুৱাৰ সভানেত্ৰী হিচাপে থকা "সাতসৰী আৰোগ্যমৰ" কাৰ্যবাহী সম্পাদক হিচাপে দায়িত্বত থাকে ঝৰ্ণা দত্ত বৰা আৰু সহযোগী হিচাপে থাকে দীপা দত্ত বৰা।
পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা উদ্বোধক ড° কাবুল শইকীয়াই বন্তি প্ৰজ্বলন কৰে, ময়ুৰী দত্ত (গায়ক) আৰু নন্দিনী কাশ্যপ (অভিনেত্ৰী)। পৰম্পৰাগত বৈদ্যসকলক সম্বৰ্ধনা জনোৱা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড: দয়া নন্দ পাঠক, ডঃ বিষ্ণু প্ৰসাদ শৰ্মা, ডঃ কে পি শৰ্মা, ডঃ কাবুল শইকীয়া, থানেশ্বৰ মালাকাৰ, অৰ্পন দত্ত, গণেশ টামুলী বৰ্ণালী শৰ্মা, নীলমণি বৰা। বিয়ানাম, দিহানাম, জ্যোতি সংগীত,ৰাভাগীত , সাজপাৰ প্ৰতিযোগিতা, অনলাইন কবিতা প্ৰতিযোগিতা, বনৌষধিৰ বিধান প্ৰতিযোগিতা আৰু শিশু সকলৰ চিত্ৰাংকন প্ৰতিযোগিতা সমূহৰ বটা প্ৰদান কৰা হয়।
ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ থলীত অনুষ্ঠিত কৰা সমূহ প্ৰতিযোগিতাৰে সকলো বিজয়ীকে মানপত্ৰ, কিতাপৰ টোপোলা, মেমেন্ট' আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। সাতসৰী প্ৰিয়নাৰী ড: মন্দিৰা বৰুৱাই মেলাখন সফল কৰা কাৰণে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো আয়ুৰ্বেদিক চিকিৎসক, অংশগ্ৰহণকাৰী, সংগঠনৰ সকলো সদস্য আদিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
No comments:
Post a Comment