বাদুংদুপ্পা কলাকেন্দ্ৰৰ উদ্ভাৱনীমূলক থিয়েটাৰৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 12 December 2024

বাদুংদুপ্পা কলাকেন্দ্ৰৰ উদ্ভাৱনীমূলক থিয়েটাৰৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন


 

১৫ ডিচেম্বৰৰ পৰা “আণ্ডাৰ দ্য শাল ট্ৰী”-ৰ ১৫ সংখ্যক সংস্কৰণ


W7s news,,গুৱাহাটী; ১২ ডিচেম্বৰ, ২০২৪: অসমৰ গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰই “আণ্ডাৰ দ্য শাল ট্ৰী” নাট্য মহোৎসৱৰ ১৫ সংখ্যক সংস্কৰণৰ জৰিয়তে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। পৰিৱেশ অনুকূল ব্যৱস্থাপনা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে পৰিচিত এই মহোৎসৱটি ২০২৪ চনৰ ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।

১৯৯৮ চনত প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংদুপ্পা কলাকেন্দ্ৰটি শিল্প আৰু প্ৰকৃতিৰ সহ-অস্তিত্বৰ পথ প্ৰদৰ্শক হৈ আহিছে। নিবিড় শাল গছৰ মাজত অনুষ্ঠিত এই মহোৎসৱ শূন্য কাৰ্বন-ফুটপ্ৰিণ্টৰ বাবে পৰিচিত। বাঁহ আৰু খেৰেৰে নিৰ্মিত বহা ঠাইৰ পৰা আৰম্ভ কৰি মাইক্ৰ’ফোন অবিহনে সৃষ্টিশীলতাৰ পৰিবেশন কৰালৈকে এই সমগ্ৰ কাৰ্যসূচীৰ প্ৰতিটো দিশেই বহনক্ষমতাৰ প্ৰতি ইয়াৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

নাট্য উদ্ভাৱন আৰু অদম্য পৰীক্ষণৰ ২৫ বছৰ সম্পূৰ্ণ কৰা বাদুংদুপ্পাৰ এই বছৰৰ মহোৎসৱৰ বিষয়বস্তু হৈছে পশ্চাৎ অৱলোকন আৰু সমূহীয়া স্মৃতি সম্বন্ধীয়। পৰিচালন সঞ্চালক মদন ৰাভাই এই যাত্ৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, “এয়া হৈছে ২৫ বছৰীয়া প্ৰত্যাহ্বান আৰু সাফল্যৰ এক যাত্ৰা। আমাৰ পৃষ্ঠপোষকসকলৰ মৰম আৰু সমৰ্থনেই আমাক আগুৱাই লৈ গৈছে। এই বিস্ময়কৰ যাত্ৰাৰ স্মৰণাৰ্থে আমাৰ সৈতে যোগদান কৰিবলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছো।” 

এই মহোৎসৱত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত নাট্যদলৰ দ্বাৰা চাৰিটা ভিন্ন ভাষাৰ নাট প্ৰদৰ্শন কৰা হ’ব। বাদুংদুপ্পাৰ যাত্ৰাকালত অতীত হৈ ৰোৱা আদৰৰ স্মৃতিসমূহ পুনৰ সজীৱ কৰি তুলিবলৈ এক বিশেষ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে, য’ত এই যাত্ৰাক সমৰ্থন কৰা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। 

প্ৰখ্যাত চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মই ১৫ ডিচেম্বৰত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব। তাৰ পিছতে ধনঞ্জয় ৰাভাৰ পৰিচালনা আৰু নাট্যকাৰ মদন ৰাভাৰ দাদন ৰাজা (ৰাভা) মঞ্চস্থ কৰা হ’ব। বিয়লি পবিত্ৰ ৰাভাৰ দ্বাৰা পৰিচালিত আৰু দাপোন দ্য মিৰ’ৰৰ দ্বাৰা পৰিবেশিত মংগলী (বড়ো) মঞ্চস্থ কৰা হ’ব।

১৬ ডিচেম্বৰত চেন্নাইৰ পাৰ্চ থিয়েটাৰৰ ৰাজীৱ কৃষ্ণনৰ পৰিচালিত তামিল নাট কিন্ধন চাৰিথিৰম মঞ্চস্থ হ’ব, তাৰ পিছত কলকাতাৰ অনুচিন্তন আৰ্ট চেণ্টাৰৰ ড° গৌৰৱ দাসৰ পৰিচালনাত কিষাণ ৰাজ (হিন্দী) মঞ্চস্থ হ’ব।

অন্তিম দিনা, অৰ্থাৎ ১৭ ডিচেম্বৰত, ৰাভা লোক-প্ৰদৰ্শনেৰে অনুষ্ঠান আৰম্ভ হ’ব আৰু বাদুংদুপ্পা কলাকেন্দ্ৰৰ ২৫ বছৰীয়া যাত্ৰাৰ ওপৰত এক মুকলি আলোচনাৰে সামৰণি পৰিব। প্ৰতিটো সন্ধিয়াৰ প্ৰদৰ্শনৰ পিছত একুৰা জুই ধৰি তাৰ চাৰিওফালে আলোচনা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব, যাৰ জৰিয়তে দৰ্শক, শিল্পী তথা বিদ্বান ব্যক্তিসকলৰ মাজত কলাত্মক আদান-প্ৰদানৰ পোষকতা কৰা হ’ব।

এই মহোৎসৱত শিল্প আৰু বহনক্ষমতাক একত্ৰিত কৰা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই প্ৰৱৰ্তন কৰা “পৰিচ্ছন্ন নাট”ৰ বিশিষ্ট ধাৰণাকো স্মৰণ কৰা হ’ব। যোৱা কেইবাবছৰো ধৰি এই মহোৎসৱে সমগ্ৰ ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, ব্ৰাজিল, পোলেণ্ড, শ্ৰীলংকা, বাংলাদেশৰ দৰে দেশৰ নাট্যগোষ্ঠীক আদৰণি জনাই বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে।

ৰূপালী জয়ন্তী উদযাপনৰ অংশ হিচাপে বাদুংদুপ্পা প্ৰকাশনে নিজৰ উল্লেখযোগ্য যাত্ৰা নথিভুক্ত কৰি কেইবাখনো গ্ৰন্থ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়, অসম চৰকাৰ, আই অ’ চি এল, আৰু বঙাইগাঁও শোধনাগাৰে সহযোগ কৰা এই মহোৎসৱ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে শিল্পৰ চিৰস্থায়ী শক্তিৰ এক সাক্ষ্য।  

সভাপতি চিনা ৰাভা, সম্পাদক লক্ষীকান্ত ৰাভা, আৰু পৰিচালন সঞ্চালক মদন ৰাভাই নাট্যপ্ৰেমীসকলক এই মহত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ২০১৮ চনত মৃত্যুবৰণ কৰা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here