W7s news,,গুৱাহাটী- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বাষ্ট্রীয় মহিলা আয়োগ (NCW)ৰ পৃষ্ঠপোষকতাত অহা ১২ আৰু ১৩ ডিচেম্বৰ, ২০২৪ তাৰিখে 'অস্বীকৃতিপ্রাপ্ত খণ্ডত মহিলা' শীর্ষক এখন দুদিনীয়া আলোচনা চক্ৰৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়ৰ নগৰ কার্যালয় চৌহদত অনুষ্ঠিত হ'বলগীয়া এই আলোচনা চক্ৰখনৰ লক্ষ্য হ'ল অস্বীকৃতিপ্রাপ্ত খণ্ডত কাম কৰি থকা মহিলাসকলৰ সবলীকৰণ আৰু কল্যাণৰ সৈতে জড়িত বিভিন্ন গুরুত্বপূর্ণ বিষয়ত মতৰ আদান-প্রদান কৰিবলৈ পণ্ডিত, ৰাজহুরা কর্মী, নীতি নিষ্কাৰক আৰু স্টেকহ'ল্ডাৰসকলক মিলিত হোৱাৰ সুযোগ দিয়া।
১২ ডিচেম্বৰৰ দিনা পুৱা ১০.৩০ বজাত আলোচনা চক্র আয়োজক সমিতিৰ অধ্যক্ষ অধ্যাপক জয়দীপ বৰুৱাৰ আদৰণি ভাষণেৰে সভাৰ কাম-কাজ আৰম্ভ কৰা হ'ব। উদ্ধোধনী অনুষ্ঠানত নির্দিষ্ট বক্তাৰ আসন শুৱনি কৰিব অৰুণাচল প্রদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অর্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা বন্দনা উপাধ্যায়ে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা নীলিকা মেহৰোট্রাই এই অনুষ্ঠানত বিশেষ বক্তৃতা প্রদান কৰিব। শিলচৰৰ অসম বিশ্ববিদ্যালয়ব উপাচার্য অধ্যাপক ৰাজীর মোহন পন্তে উদ্বোধনী অনুষ্ঠানটোত মুখ্য অতিথিরূপে উপস্থিত থাকিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বাজেন্দ্র প্রসাদ দাসে সভাপতিৰ আসনৰ পৰা দিয়া ভাষণেৰে এই অনুষ্ঠান সামৰা হ'ব।১৩ ডিচেম্বৰত স্বস্তিবাচনিক অধিৱেশনৰ পাছত আলোচনা চক্ৰখনৰ আহবায়ক ডঃ ৰীতিমণি বৰদলৈৰ শলাগনি ভাষণেৰে এই দুদিনীয়া অনুষ্ঠানৰ ওৰ পৰিব।
No comments:
Post a Comment