অসমৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত সংস্কৃতি, দুঃসাহসিক কৰ্ম আৰু শান্তিৰ উদযাপন কৰক! - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 20 December 2024

অসমৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত সংস্কৃতি, দুঃসাহসিক কৰ্ম আৰু শান্তিৰ উদযাপন কৰক!


 

W7s news,,ভাৰত– ব্ৰহ্মপুত্ৰ নদীৰ প্ৰাণোচ্ছল পটভূমিত স্থাপন কৰা প্ৰাণৱন্ত ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ বাবে সাজু হওক। ব্ৰহ্মপুত্ৰৰ পাৰ লাচিত ঘাটত তিনিমহীয়া মহোৎসৱ  ২০২৪ ৰ ১৫ ডিচেম্বৰৰ পৰা ২০২৫ৰ ১৫ মাৰ্চলৈ অনুষ্ঠিত হ’ব। শান্তি আৰু দুঃসাহসিক কৰ্মৰ দুৰন্ত সংযোজনৰ বাবে প্ৰস্তুত হওক, বৈভৱশালী নৈখন হৈছে উদযাপনৰ কেন্দ্ৰভূমি৷ যি বিলীন হৈ যোৱা অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিয়ে৷ লগতে চহকী সাংস্কৃতিক পৰম্পৰাক ৰোমাঞ্চকৰ দুঃসাহসিক অভিযান আৰু বিলাসী বাসস্থানৰ সৈতে মিশ্ৰণ ঘটায়৷

এই মহোৎসৱত গ্লেম্পিং, জল ক্ৰীড়া, লাইভ কনচাৰ্ট, ৰন্ধনৰ ঐতিহ্য আৰু হস্তশিল্পৰ প্ৰদৰ্শনীৰ দৰে একাধিক ৰোমাঞ্চকৰ কাৰ্যাৱলী অন্তৰ্ভুক্ত আছে৷ দু:সাহসী ক্ৰীড়া পছন্দ কৰাসকলে স্পীডবট ৰাইড, কায়াকিং,  ওখোৰা-মোখোৰা ভূখণ্ডত যাত্ৰা, ৰিভাৰ ৰাফটিং, ৱাটাৰ ৰোলাৰ, আৰ্চাৰী, বাঞ্জি জাম্পিং, জেট স্কিয়িং আৰু বহু আনন্দময় অভিজ্ঞতাৰ দৰে কাৰ্যাৱলীৰ আনন্দ উপভোগ কৰিব পাৰে। স্থানীয় শিল্পী, সংগীতজ্ঞ আৰু কলা-কুশলীসকলে পৰম্পৰাগত সংগীত-নৃত্যৰ জৰিয়তেও নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব৷ অৰ্থাৎ অনুষ্ঠানটোৱে সাংস্কৃতিক অভিজ্ঞতাকো সমৃদ্ধ কৰিব।

বিশ্ৰাম বিচৰাসকলৰ বাবে এই উৎসৱে তিনিটা শ্ৰেণীৰ টেণ্টৰ সৈতে বিলাসী গ্লেম্পিং অভিজ্ঞতা প্ৰদান কৰে৷ এইসমূহ হৈছে ৰয়েল টেণ্ট, প্ৰিমিয়াম টেণ্ট আৰু ডিলাক্স টেণ্ট। প্ৰতিটো বিকল্পই আৰামদায়ক আৰু ষ্টাইলিছ ৰিট্ৰিট প্ৰদান কৰে৷ যি আধুনিক সুবিধা আৰু প্ৰাণোচ্ছল নদীৰ দৃশ্যৰ সৈতে স্বয়ংসম্পূৰ্ণ। কাৰ্নিভেল খেলপথাৰৰ সিপাৰে গুৱাহাটীৰ মনোমোহা পৰ্যটনস্থলী অন্বেষণৰো সুবিধা আছে। কামাখ্যা মন্দিৰ দৰ্শন কৰক, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বিচিত্ৰ বন্যপ্ৰাণীৰে সন্মুখীন হওক বা উমানন্দ মন্দিৰ দৰ্শনৰ সময়ত হৈ পৰক নিশ্চিন্ত৷

আগ্ৰহীসকলৰ সুবিধাৰ্থে গুৱাহাটী বিমানবন্দৰ লাচিত ঘাটৰ পৰা মাত্ৰ ২২.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত৷ টেক্সি আৰু প্ৰিপেইড অটো-ৰিক্সা সহজে উপলব্ধ। লগতে কাৰ্নিভেল স্থানৰ পৰা মাত্ৰ ২.৪ কিলোমিটাৰ দূৰত্বত গুৱাহাটী ৰে’লৱে ষ্টেশ্যন আৰু বিভিন্ন পৰিবহণ বিকল্পৰ জৰিয়তে সহজে প্ৰৱেশৰ সুবিধা আছে৷

অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়- “মহিমাময়, শক্তিশালী আৰু মনোমোহা ব্ৰহ্মপুত্ৰ কেৱল এখন নদীয়েই নহয়; ই অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ হৃদস্পন্দন। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল কেৱল এক অনুষ্ঠান নহয়; অসমৰ সজীৱ সংস্কৃতি, সুন্দৰ খাদ্য, ৰোমাঞ্চকৰ দুঃসাহসিক অভিযান আৰু আমাৰ ৰাজ্যৰ সংস্কৃতি তথা ব্ৰহ্মপুত্ৰৰ চিৰকালীন আকৰ্ষণৰ উদযাপন। এই উৎসৱ আমাৰ ৰাজ্যৰ চহকী ঐতিহ্য প্ৰদৰ্শন আৰু সমগ্ৰ বিশ্বৰ ভ্ৰমণকাৰীক আদৰণি জনোৱাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে৷ নদী পৰ্যটনত নিমজ্জিত অভিজ্ঞতাৰে কাৰ্নিভেলে অসমৰ পৰ্যটন পৰিৱেশতন্ত্ৰৰ বিকাশত অৰিহণা যোগোৱাৰ সমান্তৰালকৈ অবিস্মৰণীয় স্মৃতিৰ প্ৰতিশ্ৰুতি দিছে। এই মোহনীয় উৎসৱৰ অংশ হ’বলৈ আৰু আমাৰ সুন্দৰ ৰাজ্যখনৰ অভিনৱ আশ্চৰ্যৰ অভিজ্ঞতা লাভ কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছো।”

অসম পৰ্যটন উন্নয়ন নিগমৰ আই আৰ এছৰ পৰিচালন সঞ্চালক পদ্মপানি বৰাই কয়- ‘ব্ৰহ্মপুত্ৰ কাৰ্নিভেল হৈছে এক সজীৱ উদযাপন, যি ব্ৰহ্মপুত্ৰ নৈৰ পাৰত দুঃসাহসিক কৰ্ম আৰু সংস্কৃতিক একত্ৰিত কৰে। এই অনুষ্ঠানটোৱে ৰোমাঞ্চকৰ কাৰ্যকলাপৰ সংমিশ্ৰণেৰে ৰোমাঞ্চকৰ অভিজ্ঞতা সৃষ্টি কৰে, যি কেতিয়াও পাহৰিব নোৱাৰি। আজীৱন স্মৃতি কঢ়িয়াই ফুৰিবলৈ আপোনজনৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰক৷’

ব্ৰহ্মপুত্ৰ কাৰ্নিভেলে অসমৰ যাদুকৰী আহ্বান অনুভৱ কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে। আপুনি সাংস্কৃতিক প্ৰভাৱত নিমজ্জিত হ’ব বিচাৰে বা উৎকণ্ঠাৰ বাবে অপেক্ষাৰত  অথবা কিছুদিন স্বেচ্ছা নিৰ্বাসনৰ বাবেই ইচ্ছুক, তেন্তে এই উৎসৱত সকলোৰে বাবে বহু মাধ্যম আছে।

তথ্য পত্ৰ :

তাৰিখ : ১৫ ডিচেম্বৰ, ২০২৪– ১৫ মাৰ্চ, ২০২৫

স্থান : লাচিত ঘাট, গুৱাহাটী, অসম

কাৰ্যাৱলী : সাংস্কৃতিক পৰিৱেশন, পৰম্পৰাগত নৃত্য প্ৰদৰ্শন, স্থানীয় আৰু জাতীয় খাদ্য, দুঃসাহসিক ক্ৰীড়া (স্পীডবট, কায়াকিং, এটিভি), দৰ্শনমূলক ভ্ৰমণ (কামাখ্যা মন্দিৰ, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, উমানন্দ মন্দিৰ)৷

আশ্ৰয়ৰ ব্যৱস্থা : ৰয়েল টেণ্ট, প্ৰিমিয়াম টেণ্ট আৰু ডিলাক্স টেণ্টৰ সৈতে গ্লেম্পিং অভিজ্ঞতা৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here