গুৱাহাটী প্ৰেছ ক্লাবত 'মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ" শীর্ষক গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 20 December 2024

গুৱাহাটী প্ৰেছ ক্লাবত 'মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ" শীর্ষক গ্ৰন্থ উন্মোচন


 


গ্ৰন্থখনৰ জৰিয়তে এটা নতুন দিগন্তৰ পথ প্ৰশস্ত হ'ব-ড০ দয়ানন্দ পাঠক


W7s news গুৱাহাটী : "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ" শীৰ্ষক গ্ৰন্থখন শুকুৰববাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক বিমল মজুমদাৰে সভাপতিতত্ত্ব কৰা সভাখনত গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ,শংকৰী সাহিত্যৰ পণ্ডিত ড০ দয়ানন্দ পাঠকে কয়-শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। সৰ্ব ভাৰতীয় প্ৰেক্ষাপটত সম্প্ৰতি শংকৰদেৱৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। শংকৰদেৱ 'মাল্টি ডাইমেনচনেল' ব্যক্তিত্বৰ অধিকাৰী  আছিল। সেয়ে বৌদ্ধিক মহলত আগ্ৰহ বৃদ্ধি পাইছে।  ব্যক্তিৰ মাজত থাকিবলগীয়া 'টোটেল পাৰ্চনেলীটি'  আছিল শংকৰদেৱৰ মাজত।গুৰুজনাৰ ব্যক্তিত্বত 'বডী লেংগুৱেজে' বিশেষ গুৰুত্ব লাভ কৰে। শংকৰদেৱৰ ব্যক্তিত্বক সেয়ে  মাধৱদেৱে সংক্ষেপতে 'সৰ্ব গুণাকৰ' বুলি  অভিহিত কৰিছিল।" অসমৰ সমাজ জীৱন সংকটত থকা সময়ত গুৰুজনাৰ প্ৰতি দেশ জুৰি বৃদ্ধি পোৱা আগ্ৰহ তাৎপৰ্যপূৰ্ণ বুলি উল্লেখ কৰি ডঃ পাঠকে কয় যে গুৰুজনাৰ তীৰ্থ ভ্ৰমণৰ কথাটো বেছি চৰ্চা হোৱা নাই। এই বিষয়ত গৱেষণা কেন্দ্ৰীক অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। শংকৰদেৱ চৰ্চাকাৰি গৱেষকসকলে অধ্যয়ন জাৰি ৰাখিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে গৱেষণাত লাভ কৰা ধনাত্মক-ঋণাত্মক তথ্যৰ দুয়োবিধৰে গুৰুত্ব আছে। গুৰুনানক আৰু শংকৰদেৱৰ মাজত ৮০ শতাংশ মিল থকাৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। এনে এটা বিষয়ৰ গৱেষণাধৰ্মী কাম কৰা বাবে তেওঁ প্ৰভাত দাসক ধন্যবাদ জনায়। গ্ৰন্থখনৰ জৰিয়তে এটা নতুন দিগন্তৰ পথ প্ৰশস্ত হ'ব বুলি তেওঁ আশা ব্যক্ত কৰে।'সভাত বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে প্ৰভাত চন্দ্ৰ দাসৰ বিষয়ে উল্লেখ কৰি কয় যে শংকৰী সংস্কৃতিৰ বিষয়ে গ্ৰন্থ ৰচনাত তেওঁ মনোনিবেশ কৰি আহিছে। শংকৰী সংস্কৃতি বিকাশৰ বাবে প্ৰভাত দাসে অহৰহ লাগি আছে। 'শংকৰদেৱ চাৰ্কুল' প্ৰস্তুত কৰাত এই গ্ৰন্থখনে সহায় কৰিব। শংকৰদেৱ যলৈকে গৈছে, তাতে এটা এটা নামঘৰ হ'ব লাগে। গুৰুৰ নামত আমি কিছুমান কথা ত্যাগ কৰিব লাগিব। ভিন্ন পন্থা- ভিন্ন ফৈদৰ ভেদ ভাবৰ পৰা আমি আঁতৰি আহিব লাগিব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক, সাংস্কৃতিককর্মী গোপাল জালানে কয় যে গ্রন্থ খনে জাতীয় জীৱনত গুৰুত্বপূৰ্ণ স্থান পাব বুলি আশাবাদী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰিব বিচৰা সকলৰ বাবে এই গ্ৰন্থখনে সহায় কৰিব বুলি  তেওঁ আশা প্ৰকাশ কৰে। বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰি আমাক যি সাৰ বস্তু দিছিল, তাক গ্ৰন্থখনত সন্নিবিষ্ট হৈছে। আজি সত্ৰসমূহত সাঁচিপতিয়া পুথি বহুত আছে কিন্তু সেইবোৰ সত্ৰতে আবদ্ধ হৈ আছে। সেয়ে প্ৰকাশিত গ্ৰন্থবোৰে গুৰুজনাৰ বিষয়ে ৰাইজক জ্ঞান দিব বুলি তেওঁ মন্তব্য কৰে। প্ৰকাশক কণিকা পাঠকে কয় যে গুৰুজনাই কলৈ কলৈ গৈছিল আমি বহু কথাই নাজানো। কিন্তু এই গ্ৰন্থখন পঢ়ি আমি বহু কথাই জানিব পাৰিম। অনুষ্ঠানত সমজুৱাৰ হৈ অৱসৰপ্ৰাপ্ত বতৰ বিজ্ঞানী হৰগোবিন্দ পাঠকসহ কেবাগৰাকীও ব্যক্তিয়ে মত প্ৰকাশ কৰে। অনুষ্ঠানৰ শেষত লেখক প্ৰভাত দাসে গ্ৰন্থখনৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰে। সভাপতিৰ মন্তব্যত ডঃ বিমল মজুমদাৰে কয় যে তীৰ্থ ভ্ৰমনেহে মানুহক স্থায়ী ভাবে আনন্দ দিব পাৰে।শংকৰদেৱ একপ্ৰকাৰ জাতিতকৈও উৰ্দ্ধত। শংকৰদেৱক আমি যিমানেই চৰ্চা কৰিছো, সিমানেই গুৰুজনাৰ মাহাত্ম্য উজলি উঠিছে।সভাত বিশিষ্ট লেখক থানেশ্বৰ মালাকৰ,  লেখক, সাংস্কৃতিককর্মী গোপাল জালান, বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামী,শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সভাপতি তথা ভক্ত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা বঁটা প্ৰাপক কণিকা পাঠককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ অৱসৰ প্ৰাপ্ত বিষয়া অৱনী ৰঞ্জন পাঠকে সভাখন আঁত ধৰাৰ লগতে উদ্দেশ্যে ব্যাখ্যাও কৰে। সভাত ড০ হৰগোবিন্দ পাঠক,ভবেন্দ্ৰ নাথ দুৱৰী,প্ৰাক্তন আৰক্ষী বিষয়া পি চি বৰদলৈ, বিষ্ণু ডেকাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিক  সম্বৰ্ধনা জনোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ, পুৰী প্ৰকল্পৰ সভাপতি কণিকা পাঠকে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন  লিখি উলিয়াইছে বিশিষ্ট লেখক প্ৰভাত চন্দ্ৰ দাসে। । শলাগৰ শৰাই আগবঢ়াই অৱনী ৰঞ্জন পাঠকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here