আই এছ এলত আজি হায়দৰাবাদৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড এফ চি* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 22 December 2024

আই এছ এলত আজি হায়দৰাবাদৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড এফ চি*

 



*হায়দৰাবাদ, ২২ ডিচেম্বৰ ঃ* ক্ৰমাগত দুখন মেচত পৰাজয় স্বীকাৰ তথা গল কৰাটো বিফল হোৱা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ সোমবাৰে হ’বলগা মেচত হায়দৰাবাদ এফ চিৰ মুখামুখি হ’ব৷ হায়দৰাবাদৰ জি এম চি বালাযোগী এথলেটিকো ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচখন নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে আন এক অগ্নিপৰীক্ষা৷ কাৰণ দলে যি ৰণনীতিৰে আৰম্ভনি কৰিছিল হঠাতে সেই শক্তি হেৰুৱাইছে৷


ইফালে, যোৱা নখন মেচত গুৱাহাটীৰ দলটোৰ বিৰুদ্ধে অপৰাজেয় হৈ আছে হায়দৰাবাদ৷ ছখনত জয় আৰু তিনিখন ড্ৰ৷ হায়দৰাবাদৰ এয়াই যিকোনো দলৰ বিৰুদ্ধে দীঘলীয়া সৰ্বশ্ৰেষ্ঠ সফলতা৷ বিপৰীতে, যোৱা মেচত গুৱাহাটীত মোহন বাগান আৰু ইয়াৰপূৰ্বে ইষ্ট বেংগলৰ বিৰুদ্ধে কলকাতাত গল কৰাত ব্যৰ্থ হোৱা নৰ্থ ইষ্ট ইউনাইটেডে কাইলৈ ছন্দ বিচাৰি পাব নে নাই সেয়া এইসময়ত দলৰ প্ৰশিক্ষক পেড্ৰ’ বেনালিৰ বাবে চিন্তা আৰু প্ৰত্যাহ্বান৷

 

উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে এঘাৰখন মেচৰ চাৰিখনত জয় তথা সমসংখ্যক মেচত পৰাজয় আৰু তিনিখন ড্ৰ খেলি ১৫ পইণ্টৰে তালিকাৰ অষ্টম স্থানত আছে৷ বিপৰীতে হায়দৰাবাদ দলে এঘাৰখন মেচৰ আঠখনতে পৰাস্ত হৈছে৷ দুখন জয় তথা এখন ড্ৰ খেলা দলটোৱে সাত পইণ্ট লাভ কৰি তালিকাৰ বাৰ নম্বৰ স্থানত আছে৷ যোৱা চাৰিখন মেচত দলটো পৰাজয়ৰ সন্মুখীন হোৱাত কাইলৈ গৃহভূমিত খেলিলেও চাপত থাকিব হায়দৰাবাদ৷


কিন্তু হায়দৰাবাদৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক শ্বমীল চেম্বাকাথে কাইলৈৰ মেচৰ বাবে দলৰ খেলুৱৈসকলক ইতিবাচক মনোভাৱ আৰু দৃঢ় মানসিকতা ৰখাৰ আহ্বান জনাইছে৷ ‘আমাৰ চাৰিটা প্ৰশিক্ষণ হৈছে৷ যিদৰে ভবা হৈছিল সেইদৰেই হৈছে আৰু খেলুৱৈসকলে ভাল সঁহাৰি দিছে৷’ আজি সাংবাদমেলত চেম্বাকাথে কয়৷


ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে সংবাদমেলত ঘৰুৱা দলটোৰ শক্তিৰ ওপৰত আলোকপাত কৰি কয় ‘আমি বিপক্ষক সহজভাৱে লোৱা উচিত নহয়৷ আমি এই মেচৰ বাবে কিছুদিনৰ পৰাই প্ৰস্তুতি চলাই আছো৷ দুটা পৰাজয়ৰ পিছত আমাৰ বাবে এয়া× এক অতি গুৰুত্বপূৰ্ণ খেল৷ আমি ইয়াক সহজভাৱে লোৱা উচিত নহয় কিয়নো হায়দৰাবাদ বহু সুযোগ সৃষ্টি কৰা দল৷’


আই এছ এলত এই পৰ্যন্ত দূয়োটা দল দহখন মেচত মুখামুখি হৈছে আৰু হায়দৰাবাদ এফ চিয়ে ছখনত জয় তথা তিনিখন ড্ৰ’ খেলিছে৷ বিপৰীতে, নৰ্থইষ্ট ইউনাইটেডে মাত্ৰ এবাৰ জয়লাভ কৰিছে৷ কাইলৈৰ মেচত যদি নৰ্থ ইষ্ট ইউনাইটেডে তিনি পইণ্ট সংগ্ৰহৰ লক্ষ্যৰে খেলে তেন্তে দলৰ তাৰকা ষ্টাইকাৰ আজাৰায়ে গল কৰাৰ ছন্দলৈ ঘুৰি আহিব লাগিব৷ 


উল্লেখ্য যে প্ৰথম আঠখন মেচত পোন্ধৰটা গল কৰি অভিলেখ গঢ়া মৰক্কোৰ খেলুৱৈজনে যোৱা তিনিখন মেচত গল কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে, আক্ৰমণ তীব্ৰ কৰাৰ বাবে গুইলেৰ্মো ফাৰ্ণাণ্ডেজৰ ভুমিকাও গুৰুত্বপূৰ্ণ হ’ব৷ বিপৰীতে বেনালীৰ বাবে ৰক্ষণ বিভাগকো সক্ৰিয় ৰখাটো তিনি পইণ্ট অৰ্জনৰ দিশত অন্যতম ৰণনীতি হ’ব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here