গুৱাহাটীত মোহন বাগানৰ বিৰুদ্ধে আত্মসমৰ্পন নৰ্থ ইষ্ট ইউনাইটেডৰ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 8 December 2024

গুৱাহাটীত মোহন বাগানৰ বিৰুদ্ধে আত্মসমৰ্পন নৰ্থ ইষ্ট ইউনাইটেডৰ*

 



নৰ্থ ইষ্ট ইউনাইটেড ঃ ০ 

মোহন বাগান ঃ ২ [মনবীৰ সিং ৬৯ মিনিট, ক’লাকো ৭১ মিনিট ]


*গুৱাহাটী, ৮ ডিচেম্বৰ ঃ* গলৰ বন্যা বোৱাই ছিজনৰ আৰম্ভনি কৰাৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে অপ্ৰত্যাসিতভাবে ক্ৰমাগত দ্বিতীয়খন মেচতো গল কৰাত বিফল হ’ল৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ দেওবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা মেচত মোহন বাগান ছুপাৰ জায়েণ্টে ২-০ গলত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেডক৷


উল্লেখ্য যে ইয়াৰপূৰ্বে কলকাতাত খেলা প্ৰথম লেগৰ মেচতো মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড৷ কিন্তু গুৱাহাটীৰ দলটোৰ বাবে পৰাজয়তকৈয়ো চিন্তাৰ বিষয় হ’ল যি শক্তিৰে দলে লীগত আত্মপ্ৰকাশ কৰিছিল সেয়া হঠাতে বিপৰ্যয় হৈ পৰিছে৷ যোৱা মেচতো কলকাতাৰ আনটো দল ইষ্ট বেংগলৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেডে গল কৰিব পৰা নাছিল৷ আনহাতে, দলৰ তাৰকা আজাৰায়ে ক্ৰমাগত তিনিখন মেচত গল কৰাত ব্যৰ্থতাও দলৰ বাবে আন এক মহাচিন্তা৷


আজি খেলৰ প্ৰথমাৰ্ধ গলশূণ্যৰূপে সমাপ্ত হয় যদিও দ্বিতীয়াৰ্ধত মোহন বাগানে চেম্পিয়নৰ দৰেই খেলি প্ৰথমে গল কৰাৰ সফলতা লাভ কৰে৷ খেলৰ ৬৯ মিনিটত আশীষ ৰায়ৰ পৰা বল লাভ কৰি বস্কৰ বাওফালৰ পৰা মনবীৰ সিঙে গল কৰি মোহন বাগানক অগ্ৰগতি দিয়ে৷


নৰ্থ ইষ্ট ইউনাইটেডে এই আঘাতৰ পৰা মুক্তি পোৱাৰ পূৰ্বে মোহন বাগনে এক মিনিট পাছতে দ্বিতীয়টো গল কৰি তিনি পইণ্ট নিশ্চিত কৰিবলৈ সক্ষম হয়৷ লিষ্টন ক’লাকোৱে [৭১ মিনিট] আলহী দলৰ হৈ দ্বিতীয়টো গ’ল কৰে৷ এই গলতো সহায় কৰে আশীষে৷ প্ৰথম গল বাওফালৰ পৰা কৰা মোহন বাগানে দ্বিতীয়টো গল সোফালৰ পৰা কৰি নৰ্থ ইষ্ট ইউনাইটেডৰ ৰক্ষণ বিভাগৰ দূৰ্বলতা তথা সুৰুঙা মুকলি কৰি দিয়ে৷


আজিৰ জয়ৰে ডিফেণ্ডিং চেম্পিয়ন মোহন বাগানে পুনৰ শীৰ্ষস্থানত উপনীত হৈছে৷  দহখন মেচৰ সাতখনত জয় তথা এখনত পৰাস্ত হৈ ২৩ পইণ্ট লাভ কৰা দলে এতিয়ালৈ লীগত দুখন মেচ ড্ৰ খেলিছে৷ কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে দলে আগ্ৰাসন অব্যাহত ৰাখিলে৷ এঘাৰখন মেচৰ নখনতে জয়লাভ কৰিলে কলকাতাৰ দলটোৱে৷


ইফালে, নৰ্থ ইষ্ট ইউনাইটেডে ঘৰত যোৱা দুখন মেচৰ সফলতাৰ পাছত আজি আশা কৰিও পইণ্ট লাভ কৰিব নোৱাৰিলে৷ এঘাৰখন মেচৰ চাৰিখনত জয় তথা তিনিখন ড্ৰ আৰু চাৰিখনত পৰাস্ত হৈ ১৫ পইণ্ট লাভৰে তালিকাৰ ষষ্ঠ স্থানত আছে গুৱাহাটীৰ দলটো৷


নৰ্থ ইষ্ট ইউনাইটেডে দীঘলীয়া বিৰতিৰ পাছত অহা ২৩ ডিচেম্বৰত হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে জি এম চি বালাযোগী এথলেটিকো ষ্টেডিয়ামত পৰবৰ্তী মেচখন খেলিব৷ ইফালে, মোহন বাগান পৰবৰ্তী মেচত মুখামুখি হ’ব কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ৷ অহা ১৪ ডিচেম্বৰত এই মেচ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ষ্টেডিয়ামত হ’ব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here