W7s news,,গুৱাহাটী, ৮ ডিচেম্বৰঃ ২০০২ চনৰ পৰা বিশ্বমানৰ চিমেণ্ট প্ৰস্তুত কৰা কামধেনু চিমেণ্টে সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যত বহুমহলীয়া অট্টালিকা, বান্ধ, দলং আদি নিৰ্মাণৰ বাবে কোম্পানীটোৰ সামগ্ৰীৰ ব্যাপক ব্যৱহাৰ কৰা হয়। শেহতীয়াকৈ কামধেনু চিমেণ্টে গুৱাহাটীৰ সোণাপুৰৰ মেছাৰ্ছ ৰাজশ্ৰী এনাৰ্জি ৰিচ’ৰ্চৰ সৈতে যৌথ উদ্যোগৰ জৰিয়তে অসমৰ বজাৰত প্ৰৱেশ কৰিছে। এই উপলক্ষে কামধেনু চিমেণ্ট লিমিটেড' ৰ অধ্যক্ষ প্ৰদীপ আগৰৱালে অসমত অনুষ্ঠিত হোৱা চেনেল পাৰ্টনাৰ গেট-টুগেদাৰ আৰু এডুকেচন মিটত ডিলাৰসকলক সম্বোধন কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ দাবী পূৰণৰ বাবে গৌৰৱ প্ৰকাশ কৰে। অনুস্থানত সঞ্চালক সুনীল আগৰৱাল, অমন গুপ্তাই ব্যাখ্যা কৰে যে সামগ্ৰীসমূহ গ্ৰাহকক যোগান ধৰাৰ পূৰ্বে পৰীক্ষাগাৰত কঠোৰ ভৌতিক আৰু ৰাসায়নিক পৰীক্ষা কৰা হয়। তেওঁ ষ্টিল আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। ৰাজশ্ৰী এনাৰ্জি ৰিচ’ৰ্চৰ সঞ্চালক প্ৰদীপ গুপ্তা, ৰাজেশ মিট্টলে কয় যে চিমেণ্ট, চিৰামিক, ৰিফ্ৰেক্টৰী, কাঁচ আৰু ৰিয়েল এষ্টেটৰ খণ্ডসমূহত আমাৰ দুটা দশকৰো অধিক সময়ৰ বিশাল অভিজ্ঞতা আছে।
কামধেনু চিমেণ্টৰ অনুমোদন কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান আৰু সুনামধন্য নিৰ্মাণ গৃহৰ লগতে উত্তৰ প্ৰদেশ ৰাজকীয় নিৰ্মাণ নিগম, পি.ডব্লিউ.ডি., জম্মু আৰু কাশ্মীৰ, উত্তৰ ৰেলৱে আৰু জম্মু আৰু কাশ্মীৰ গ্ৰাম্য উন্নয়ন নিগম।
কোম্পানীটোৰ ৰেডি মিক্স কংক্ৰিটৰ অনুমোদন ডি এছ আই আই ডি চি, গুৰুগ্ৰামৰ পৌৰ নিগম, ফৰিদাবাদ পৌৰ নিগম, এইচ এছ আই আই ডি চি, জলসিঞ্চন আৰু বন বিভাগ, আৰু হুডা আদিয়েও অনুমোদন জনাইছে।
ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় (পৰ্টেল ছিনিয়ৰ নং ৮৪)ত পঞ্জীয়নভুক্ত চিমেণ্ট কোম্পানী হিচাপে কামধেনু চিমেণ্টে নিশ্চিত কৰে যে ইয়াৰ সামগ্ৰীসমূহে উচ্চতম মানদণ্ড পূৰণ কৰে। কোম্পানীটোৰ ৪৫০০ বিতৰক/ডিলাৰ/ষ্টকিষ্টৰ বিশাল নেটৱৰ্ক আছে, যাৰ ফলত জম্মু আৰু কাশ্মীৰ, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, দিল্লী/এনচিআৰ, উত্তৰ প্ৰদেশ, বিহাৰ, অসম, ঝাৰখণ্ড, উৰিষ্যা, আৰু পশ্চিম বংগ কে ধৰি ভাৰতৰ বহু ৰাজ্যত ইয়াৰ সামগ্ৰীসমূহ যুক্তিসংগত মূল্যত উপলব্ধ কৰা হৈছে।
No comments:
Post a Comment