গুৱাহাটীত ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱৰ নৱম সংস্কৰণৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 8 December 2024

গুৱাহাটীত ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱৰ নৱম সংস্কৰণৰ সামৰণি

 

 প্ৰবীণ অসমীয়া অভিনেতা প্ৰাঞ্জল শইকীয়াক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান।



W7s news,,গুৱাহাটী, ৮ ডিচেম্বৰ, ২০২৪: কাহিনী কথনৰ যাদু, গাম্ভীৰ্যপূৰ্ণ মতবিনিময় আৰু চিনেমাৰ সকলো ৰূপৰ আন্তৰিক উদযাপনৰ বাবে উৎসৰ্গিত চাৰিটা অবিস্মৰণীয় দিনৰ অন্তত যৱনিকা পৰিল নৱম ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ (বিভিএফএফ)ৰ। ৫ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈকে বিভিএফএফে আখ্যান, উদীয়মান প্ৰতিভা আৰু প্ৰতিষ্ঠিত কণ্ঠৰ এক বৈচিত্ৰময় জাকজমকতাক একত্ৰিত কৰে আৰু ইয়াৰ জড়িয়তে বিভিএফএফে এনে এক মঞ্চ আগবঢ়ায়, য'ত সৃষ্টিশীলতাই সমৃদ্ধ হয়, সংযোগসমূহ প্ৰস্ফুটিত হয় আৰু অৰ্থপূৰ্ণ আদান-প্ৰদানৰ সূচনা হয়।

চলচ্চিত্ৰ নিৰ্মাতা আৰু কাহিনী কথকৰ বৰণীয় প্ৰতিভাক উদযাপন কৰি এক চমতকাৰ সামৰণি অনুষ্ঠানৰ অন্ত পৰে।

কেনি দেওৰী বসুমতাৰীৰ পৰিচালিত বিবো বিনানাও (মোৰ তিনি ভনী)ক শ্ৰেষ্ঠ কাহিনী ছবিৰ বঁটা প্ৰদান কৰা হয়।

বিনোৰঞ্জন ওইনামে মণিপুৰী ছবি লংদৈ আমা (সন্ধিক্ষণ) নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে।

শ্ৰেষ্ঠ চুটি ছবি হিচাপে স্বীকৃতি লাভ কৰে চাঞ্চিচোৱা(প্ৰত্যাশা)ই(গাৰো ফিল্ম)

সমীৰণ ডেকাৰ টীনছ অব ১৯৪২ (১৯৪২ চনৰ কিশোৰ-কিশোৰী)য়ে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে।

জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয় অসমীয়া চিনেমাৰ দীপ্তিমান জ্যোতিষ্ক প্ৰাঞ্জল শইকীয়াক, চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাপ্ৰেমীৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাৰ যুগমীয়া অৱদান অব্যাহত আছে।

চূড়ান্ত দিনটোৰ সূচীৰ আৰম্ভণি হৈছিল প্ৰশংসিত সম্পাদক নীতিন বেইদৰ এক অন্তৰ্দৃষ্টিসম্পন্ন মাষ্টাৰক্লাছ, যিটো মাছান, গালি বয়, ৰাজী, আৰু ৮৩ৰ কামৰ বাবে উদযাপন কৰা হৈছিল। চলচ্চিত্ৰৰ সম্পাদনাৰ জড়িয়তে কাহিনী কথনৰ কলা সম্পৰ্কীয় তেওঁৰ অধিৱেশনে চলচ্চিত্ৰ নিৰ্মাতাসকলক মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰি, তেওঁলোকৰ কলাক উন্নীত কৰিবলৈ তথা শক্তিশালী সৃষ্টি কৰিবলৈ ব্যৱহাৰিক কিটিপ আগবঢ়াই নিৰ্ভৰশীল সম্পাদক-পৰিচালক সম্পৰ্কৰ অন্বেষণ কৰে।

আকৰ্ষণীয় অধিবেশনৰ ধাৰাবাহিকতা অব্যাহত ৰাখি বিখ্যাত চিনেমাটোগ্ৰাফাৰ শ্ৰেয়া দেৱ ডুবে চিনেমাট’গ্ৰাফীৰ ভৱিষ্যতৰ ধাৰাসমূহৰ ওপৰত এক চিন্তা-উদ্দীপক আলোচনা আগবঢ়ায়, য’ত শিল্পকলা আৰু প্ৰযুক্তিয়ে চিনেমাৰ দৃশ্য ভাষাক কেনেদৰে গঢ় দিছে তাৰ ওপৰত এক দূৰদৰ্শী দৃষ্টিভংগী আগবঢ়ায়।

দিনটোৰ আকৰ্ষণীয় সূচীত যোগ দি এমি মনোনীত থ্ৰিলাৰ ধাৰাবাহিক আৰ্যৰ লেখক-পৰিচালক আৰু দ্য নাইট মেনেজাৰৰ শ্ব’ৰানাৰ আৰু পৰিচালক বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সন্দীপ মোদীয়ে দ্য আৰ্ট অৱ মেকিং কন্টেন্ট এক্ৰছ প্লেটফৰ্মছ শীৰ্ষক এক অধিবেশনত নিজৰ বিশেষজ্ঞতা ভাগ-বাটোৱাৰা কৰে। তেওঁ অভিলাষী চলচ্চিত্ৰ নিৰ্মাতা আৰু বিষয়বস্তু সৃষ্টিকৰ্তাসকলক কাহিনী কথনৰ সৃষ্টিশীল আৰু কাৰিকৰী দিশসমূহৰ গভীৰ দৃষ্টিভংগী আগবঢ়াই বিভিন্ন দৰ্শক আৰু মাধ্যমৰ সৈতে কথোপকথনত গল্প ৰচনাৰ সূক্ষ্মতাসমূহ অন্বেষণ কৰে।

উত্তৰ-পূব ভাৰতৰ অভিলাষী চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাপ্ৰেমীসকলে ধাৰাবাহিকভাৱে ভাববিনিময়মূলক কৰ্মশালা আৰু মাষ্টাৰক্লাছৰ জৰিয়তে নিজৰ দক্ষতা পৰিশোধন আৰু চলচ্চিত্ৰ নিৰ্মাণৰ কলাৰ বিষয়ে বুজাবুজি গভীৰ কৰাৰ এক সোণালী সুযোগ লাভ কৰে। চলচ্চিত্ৰ নিৰ্মাণ আৰু চিত্ৰনাট্য লিখাৰ মূল কথাৰ পৰা আৰম্ভ কৰি দীৰ্ঘ আৰ্হিৰ কাহিনী কথনৰ জটিলতালৈকে, সন্মানীয় উদ্যোগৰ পেছাদাৰীসকলৰ নেতৃত্বত এই অধিবেশনসমূহে পৰৱৰ্তী প্ৰজন্মৰ চিনেমাৰ প্ৰতিভাক অনুপ্ৰাণিত কৰি শিক্ষণ আৰু বিনিময়ৰ বাবে এক প্ৰেৰণাদায়ক পৰিৱেশ গঢ়ি তোলে।

থিয়েটাৰৰ পৰা অ’টিটিলৈ অসমীয়া দৃষ্টিভংগী শীৰ্ষক এক শক্তিশালী পেনেল আলোচনাত অসমীয়া অভিনেতা তথা হাৰ্টথ্ৰব ৰবি শৰ্মা আৰু অক্ষতা নাৰায়নে পৰম্পৰাগত নাট্য অভিজ্ঞতাৰ পৰা অ’টিটি প্লেটফৰ্মৰ গতিশীল জগতলৈ পৰিৱৰ্তনৰ সন্ধানেৰে বিৱৰ্তনশীল মনোৰঞ্জনৰ পৰিৱেশত গভীৰভাৱে বিচৰণ কৰে। ব্যক্তিগত অভিজ্ঞতাৰ বৰ্ণনাৰে চলচ্চিত্ৰ নিৰ্মাতা সন্দীপ মোদীয়ে অভিলাষী কাহিনী কথকসকলৰ বাবে অমূল্য অন্তৰ্দৃষ্টি আগবঢ়াই তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰেৰণাদায়ক যাত্ৰাৰ বিষয়ে ভাগ-বাটোৱাৰা কৰে।

দিনটোৰ আৰম্ভণি হৈছিল কালজয়ী ফৰাচী ক্লাছিক দ্য আমব্ৰেলাছ অৱ চেৰবাৰ্গৰেৰে, তাৰ পিছত পইগনেণ্ট এংগামল। শক্তিশালী চুটি ছবিৰ নিৰ্বাচনেৰে চিনেমাৰ সূচী চলি থাকিল, প্ৰত্যেকখন চুটি ছবিয়েই গভীৰ আৱেগ আৰু চিন্তাশীল প্ৰতিফলনৰ উমান দিয়ে। ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰছ ২ ছবিয়ে আন্তৰিক কাহিনী কথনৰ জড়িয়তে দৰ্শকৰ হৃদয় স্পৰ্শ কৰাটো ইয়াৰ ভিতৰত অন্যতম মনোমোহা মুহূৰ্ত হোৱাৰ বিপৰীতে সামৰণি ছবি পয়াল কাপাডিয়াৰ অল উই ইমেজিন এজ লাইট ছবিখনে দৰ্শকক ইয়াৰ উত্তেজক আখ্যানেৰে গভীৰভাৱে আপ্লুত কৰি তোলে।

এই বছৰৰ উৎসৱৰ যৱনিকা পৰাৰ লগে লগে বিভিএফএফে নিজৰ পৰৱৰ্তী সংস্কৰণ ডাঙৰ, সাহসী আৰু অধিক অসাধাৰণ কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। বৈচিত্ৰ্যময় কণ্ঠক সমৃদ্ধ কৰা আৰু নতুন প্ৰতিভাৰ উতকৰ্ষতাৰ বাবে নিজৰ অটল প্ৰতিশ্ৰুতিৰে বিভিএফএফে চিনেমাপ্ৰেমী আৰু কাহিনী কথকৰ বাবে এক সংকেত-বন্তি হিচাপে জিলিকি আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here