নভোটেল গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰীতিভোজস্থলী আৰু ১৮৮ ডাউনটাউন আধুনিক খাদ্য তথা সামাজিক গন্তব্যস্থল মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 15 December 2024

নভোটেল গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰীতিভোজস্থলী আৰু ১৮৮ ডাউনটাউন আধুনিক খাদ্য তথা সামাজিক গন্তব্যস্থল মুকলি


 

W7s news,,,উন্নয়ন আৰু উৎকৃষ্টতাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰি সুস্বাদু ভোজন তথা পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ যাত্ৰাত এক নতুন অধ্যায়ৰ পাতনি মেলিছে জি এছ ৰোডৰ নভোটেল গুৱাহাটীয়ে। শেহতীয়াকৈ নভোটেল গুৱাহাটীয়ে তেওঁলোকৰ পৰিসৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। হোটেলখনৰ এই সম্প্ৰসাৰণত নতুনকৈ সংযোজন কৰা সুবিধাসমূহৰ ভিতৰত আছে দুটা অত্যাধুনিক প্ৰীতিভোজ গৃহ আৰু বহুমুখী ৰেষ্টুৰেণ্ট ১৮৮ ডাউনটাউন, যিয়ে উত্তৰ-পূব ভাৰতত আতিথ্যৰ মানদণ্ড পুনৰ সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে।


উল্লেখ্য যে, গ্ৰেণ্ড আৰু ৰয়েল চেলিব্ৰেশ্যন নামৰ এই প্ৰীতভোজ গৃহ দুটা ক্ৰমে ৩৮০০ আৰু ৩০০০ বৰ্গফুটত বিস্তৃত। এই নতুন সংযোজনৰ লগে লগে নভোটেলত ভোজগৃহৰ সংখ্যা পাঁচটালৈ বৃদ্ধি পাইছে। বিশ্বমানৰ সা-সুবিধা আৰু ৩০০ৰো অধিক অতিথিৰ বাবে ভোজনপৰ্ব একেলগে আয়োজন কৰিব পৰা ক্ষমতাসম্পন্ন এই বহুমুখী স্থানসমূহ কৰ্পৰেট অনুষ্ঠান, বিবাহ অনুষ্ঠান আৰু বিভিন্ন উদযাপনৰ বাবে উত্তৰ-পূব ভাৰতৰ অন্যতম শ্ৰেষ্ঠ গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে।


নতুন ৰেষ্টুৰেণ্ট "১৮৮ ডাউনটাউন"য়ে এক স্থান, আঠ প্ৰকাৰৰ খাদ্য আৰু অসীম অভিজ্ঞতা প্ৰদানৰ এক বিশিষ্ট ধাৰণা উপস্থাপন কৰিছে। ৰেষ্টুৰেণ্টখনত ৯৬ গৰাকী অতিথি বহিব পাৰে আৰু ইয়াক কেফে, ৰেষ্টুৰেণ্ট আৰু আউটড’ৰ আলফ্ৰেস্কো, এই তিনিটা ভিন্ন অংশত ভাগ কৰা হৈছে। মন কৰিবলগীয়া যে, এইখনেই হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰেষ্টুৰেণ্ট যিয়ে দিনটোৰ ভিতৰতে নিজৰ ৰূপ সলনি কৰে। ৰাতিপুৱা আৰামদায়ক কেফে হিচাপে আৰম্ভ হৈ দুপৰীয়াৰ ভাগত এখন সজীৱ ৰেষ্টুৰেণ্টলৈ সলনি হয় আৰু ৰাতি উলাহেৰে ভৰপূৰ বাৰলৈ পৰিণত হৈ পৰে নভোটেল গুৱাহাটী। সৃষ্টিশীল আলোকসজ্জা আৰু শব্দ ডিজাইনৰ জৰিয়তে হোটেলখনৰ এই ৰূপান্তৰ সম্ভৱ কৰা হৈছে, যিয়ে প্ৰতিটো পৰিৱেশক এক নতুন অভিজ্ঞতা প্ৰদান কৰে। ৰেষ্টুৰেণ্টখনত অতিথিসকলে একেটা ঠাইতে ভিন্ন সময়ৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব আৰু ইয়ে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিটো মুহূৰ্ত বিশেষ আৰু স্মৰণীয় কৰিব তুলিব।


হোটেলখনৰ সম্প্ৰসাৰণক লৈ আনন্দ প্ৰকাশ কৰি নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, ‘এই সম্প্ৰসাৰণে আমাৰ অতিথিসকলৰ অভিজ্ঞতা বৃদ্ধিৰ প্ৰতি আমাৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰিছে। প্ৰীতিভোজ গৃহ আৰু ১৮৮ ডাউনটাউনৰ সংযোজনৰ ফলত আমি আমাৰ অতিথিসকলক একেটা ঠাইতে অন্তহীন স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছো। সৰু সৰু মিলন পৰ্বৰ পৰা আৰম্ভ কৰি ভৱিষ্যৎ উদযাপন, আৰামদায়ক কেফেৰ মুহূৰ্ত আৰু সজীৱ নৈশ জীৱনলৈকে নভোটেল গুৱাহাটী এতিয়া সকলো ধৰণৰ অনুষ্ঠানৰ বাবে আদৰ্শ গন্তব্যস্থান হৈ পৰিছে।”লক্ষণীয় যে, এই বহুমুখী স্থল আৰু খাদ্যৰ বিকল্পৰ সমন্বয়ে আৰাম, বিলাসীতা আৰু বিশ্বমানৰ সেৱাৰ সংমিশ্ৰণেৰে আতিথ্য উদ্ভাৱনৰ ক্ষেত্ৰত নভোটেল গুৱাহাটীক অগ্ৰণী হিচাপে প্ৰতিষ্ঠা কৰিছে।উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰস্বৰূপ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত নভোটেল গুৱাহাটী হৈছে জি এছ ৰোডস্থিত এখন বিলাসী হোটেল। নভোটেল গুৱাহাটীয়ে অতিথিসকলক ইয়াৰ বিলাসী স্থান, আধুনিক সুবিধা আৰু উৎকৃষ্ট সেৱাৰ প্ৰতি দায়বদ্ধতাৰে আৰামদায়ক আৰু সুবিধাজনক অৱস্থান প্ৰদান কৰে। হোটেলখনে পৰিৱেশ-অনুকুল পদক্ষেপৰ প্ৰতি দায়বদ্ধ হোৱাৰ সমান্তৰালভাৱে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কম কৰাৰ লগতে অতিথিৰ সন্তুষ্টি সৰ্বাধিক কৰি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবেও সক্ৰিয়ভাৱে প্ৰয়াস কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here