মাৰুতি চুজুকিয়ে মুকলি কৰিলে সম্পূৰ্ণ নতুন ডিজায়াৰ: অতুলনীয় ষ্টাইল, অপ্ৰতিদ্বন্দ্বী কৰ্মদক্ষতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 16 December 2024

মাৰুতি চুজুকিয়ে মুকলি কৰিলে সম্পূৰ্ণ নতুন ডিজায়াৰ: অতুলনীয় ষ্টাইল, অপ্ৰতিদ্বন্দ্বী কৰ্মদক্ষতা


 

·        সম্পূৰ্ণ নতুন প্ৰগতিশীল ষ্টাইলিঙৰ সৈতে নিৰ্মাণ কৰা হৈছে৷


·        ইলেকট্ৰিক ছানৰুফ, ৩৬০ এইচডি ভিউ কেমেৰা, চুজুকি কনেক্ট আৰু সম্পূৰ্ণ নতুন এলইডি ক্রিষ্টাল ভিজন হেডলেম্পসমূহৰ দৰে শ্ৰেণীটোৰ ভিতৰতেই প্ৰথম বৈশিষ্টসমূহৰ এটা সম্ভাৰৰ সৈতে পৰিপূৰ্ণ কৰি তোলা হৈছে৷


·        এই অল-নিউ ডিজায়াৰখন বিশ্বৰ অন্যতম তাপীয় দক্ষতাসম্পন্ন জেড-চিৰিজ ১.২এল ইঞ্জিনেৰে চালিত, যাৰ ফলত ই পেট্ৰল এমটি-ত ২৪.৭৯ কিলোমিটাৰ/লিটাৰ আৰু এচ-চিএনজি পাৱাৰট্ৰেইনত ৩৩.৭৩ কিলোমিটাৰ/কিলোগ্ৰাম^-ৰ সৈতে ভাৰতৰ সৰ্বাধিক ইন্ধন-দক্ষতাসম্পন্ন চেডান* হৈ পৰিছে৷


·        আৰ্কামাইছ TM-ৰ দ্বাৰা আগবঢ়োৱা চাৰাউণ্ড চেন্স-ৰ সৈতে ২২.৮৬চিএম (৯”) স্মাৰ্টপ্লে প্ৰো+ ইনফ’টেইনমেন্ট চিষ্টেমৰ সৈতে সজ্জিত সম্পূৰ্ণ নতুন বিলাসী আৰু আৰামদায়ক অভ্যন্তৰসমূহে ৱায়াৰলেচ এপল কাৰপ্লে ® আৰু এনড্ৰয়ড অটো TM#-ৰ জৰিয়তে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰাৰ লগতে ৱায়াৰলেচ স্মাৰ্টফোন চাৰ্জাৰ, টিপিএমএছ, ৰীয়েৰ ফাষ্ট চাৰ্জিং ইউএছবি প’ৰ্ট, ৰীয়েৰ ৰীডিং লেম্প আৰু বহুতো অতিৰিক্ত ৰোমাঞ্চপূৰ্ণ নতুন বৈশিষ্ট্য সংযুক্ত হৈ আছে৷


·        এই অল-নিউ মাৰুতি চুজুকি ডিজায়াৰখন ১৫+ টপ-অফ-দ্য-লাইন সুৰক্ষা বৈশিষ্টসমূহেৰে সৈতে সজ্জিত৷ ইয়াৰ সৈতে ৬টা এয়াৰবেগ, ৩ পইণ্ট ইএলআৰ ছিটবেল্ট, হিল হোল্ড এচিষ্টৰ সৈতে ইএছপি ®১, ইবিডি-ৰ সৈতে এবিএছ, সকলোবোৰ ভেৰিয়েন্টত ষ্টেণ্ডাৰ্ড হিচাপে আইএছঅ’এফআইক্স চাইল্ড চিট এংকৰেজ অন্তৰ্ভুক্ত হৈ আছে৷


·         অল-নিউ ডিজায়াৰখনক জিএনচিএপি* ৪-দ্বাৰা ৫-ষ্টাৰ ৰেটিং প্ৰদান কৰা হৈছে৷


W7s news,,নতুন দিল্লী, ২০২৪: কমপেক্ট চেডান বিভাগত নতুন মানদণ্ড সৃষ্টি কৰি মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেড (এমএচআইএল)-য়ে আজি পেট্ৰ’ল আৰু এছ-চিএনজি মডেলসমূহৰ সৈতে ডেজলিং নিউ ডিজায়াৰখন উলিয়াই দিছে৷ মাৰুতি চুজুকিৰ পৰ্টফলিঅ’ৰ এক অন্যতম সফল আৰু আইকনিক ব্ৰেণ্ড হিচাপে ডিজায়াৰখনে সমগ্ৰ দেশৰ ২৭ লাখৰো অধিক গ্ৰাহকৰ ভৰষা লাভ কৰিছে৷ ডেজলিং নিউ ডিজায়াৰখনক ইয়াৰ পৰম্পৰা আৰু অতুলনীয় ষ্টাইল, আৰাম আৰু নিৰ্ভৰযোগ্যতাৰ শক্তিশালী ভেটিৰ ওপৰত নিৰ্মাণ কৰিবলৈ পুনৰ কল্পনা কৰা হৈছে৷


ইয়াৰ প্ৰগতিশীল ডিজাইন, বিলাসবহুল টু-ট’ন অভ্যন্তৰীণ সাজোন আৰু শ্ৰেণীটোৰ ভিতৰতেই প্ৰথম বৈশিষ্টসমূহৰ এটা সম্ভাৰৰ সৈতে এই ডেজলিং নিউ ডিজায়াৰখনে এটা বিশিষ্ট আৰু প্ৰিমিয়াম অভিজ্ঞতা প্ৰদান কৰে৷ বাহনসমূহক নিজৰ ব্যক্তিত্বৰ প্ৰতিফলন হিচাপে গণ্য কৰা যুৱ, ৰুচিসম্পন্ন ব্যক্তিসকলৰ বাবে নিৰ্মিত এই নতুন ডিজায়াৰখনে কৰ্মদক্ষতা, কৌশলগততা আৰু আৰামৰ সৈতে ষ্টাইলক অনায়াসে একত্ৰিত কৰি গেম-চেঞ্জাৰ হোৱাৰ লক্ষ্য ৰাখিছে৷ ইয়াত মধ্যমনি হিচাপে থকা নেক্সট-জেন জেড-ছিৰিজৰ ইঞ্জিনৰ সৈতে অল-নিউ মাৰুতি চুজুকি ডিজায়াৰখনে ভাৰতৰ অতিকৈ ইন্ধন-দক্ষ চেডান* হিচাপে অবিশ্বাস্য মানদণ্ড আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷অল-নিউ ডিজায়াৰখন আগবঢ়াই মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ আৰু চিইঅ’ মি. হিছাছি তাকেউচি-য়ে কয় যে, ‘‘মাৰুতি চুজুকি ডিজায়াৰ-য়ে দীৰ্ঘদিন ধৰি চেডানৰ শ্ৰেণীটোত উৎকৃষ্টতাৰ চিহ্ন হিচাপে পৰিচয় দি অহাৰ লগতে বছৰৰ পিচত বছৰ ধৰি ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা চেডান ৩* হৈ পৰিবলৈ গ্ৰাহকসকলৰ দ্বাৰা অতিকৈ পচন্দ কৰি অহা হৈছে৷ প্ৰতিটো প্ৰজন্ম পাৰ হৈ যোৱাৰ লগে লগে ই বজাৰত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লগতে গ্ৰাহকসকলৰ আকাংক্ষাসমূহ পুনৰ সংজ্ঞায়িত কৰি তুলিছে৷ এই ডেজলিং নিউ ডিজায়াৰখনে ষ্টাইলিং, কৰ্মক্ষমতা, বৈশিষ্ট আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চিৰদিনীয়া পৰম্পৰাৰ উদাহৰণ দাঙি ধৰিছে৷ প্ৰগতিশীল চিকচিকিয়া ডিজাইন আৰু বিলাসী অভ্যন্তৰীণ অংশ অৰ্পণৰ সৈতে সম্পূৰ্ণ নতুন ডিজায়াৰখনে আজিৰ অভিলাষী আৰু সফল ব্যক্তিসকলৰ আকাংক্ষাসমূহৰ সৈতে অনুৰণন ঘটায়৷ তদুপৰি, উন্নত জেড-ছিৰিজ ইঞ্জিনে এইখন ভাৰতৰ আটাইতকৈ ইন্ধন-দক্ষ চেডান * হিচাপে গঢ়ি তুলিছে৷’’এই মুকলিৰ সন্দৰ্ভত মন্তব্য কৰি মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ মাৰ্কেটিং আৰু চেলচ্-ৰ চিনিয়ৰ এক্সেকিউটিভ অফিচাৰ . পাৰ্থো বেনাৰ্জী-য়ে কয়, ‘‘২০০৮ ত  মুকলি হোৱাৰ পিচৰে পৰা ২৭ লাখৰো অধিক গ্ৰাহক সমষ্টিৰ ভৰষাৰ মাৰুতি চুজুকি ডিজায়াৰ-য়ে নিজৰ শ্ৰেণীটোত সৰ্বাধিক বিক্ৰী হোৱা চেডান হিচাপে পৰিগণিত হৈ পৰিছে৷ অল-নিউ ডিজায়াৰখন হৈছে অভিজ্ঞতাসমূহ আগবঢ়াবলৈ বৈশিষ্টপূৰ্ণ পছন্দসমূহৰ সৈতে এটা অভিব্যক্তি নিৰ্মাণ কৰা যুৱ, অভিলাষী ‘থ্ৰাইভাৰ’-সকলৰ বাবে বিশেষভাৱে উপযোগী কৰি তোলাৰ আমাৰ অদম্য সাধনাৰ প্ৰমাণ৷ নতুন ডিজায়াৰখনক আধুনিকতা আৰু অত্যাধুনিক প্ৰযুক্তিৰ এক নিখুঁত মিশ্ৰণ কৰি তোলা শ্ৰেণীটোৰ প্ৰথম বৈশিষ্ট্যসমূহেৰে ভৰপূৰ কৰি ৰখা হৈছে৷ এই নতুন প্ৰজন্মৰ ডিজায়াৰখনে আমাৰ গ্ৰাহকসকলক অনায়াসে তেওঁলোকৰ জীৱনশৈলী বিকাশ কৰাৰ লগতে আত্মবিশ্বাসেৰে সৈতে সফলতাক নিশ্চিত কৰিবলৈ সমৰ্থ কৰি তুলিব৷’’

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here