নিৰ্মাণকাৰ্যত সততাৰ নতুন অধ্যায় মুকলিৰ প্ৰতিশ্ৰুতিৰে তাজ চিমেন্টৰ ‘দ্য অনেষ্ট চিমেন্ট’ অভিযানৰ শুভাৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 15 December 2024

নিৰ্মাণকাৰ্যত সততাৰ নতুন অধ্যায় মুকলিৰ প্ৰতিশ্ৰুতিৰে তাজ চিমেন্টৰ ‘দ্য অনেষ্ট চিমেন্ট’ অভিযানৰ শুভাৰম্ভণি

 

W7s news,,গুৱাহাটী, ১৫ ডিচেম্বৰ, ২০২৪: শক্তিশালী ভেঁটিৰ আৰম্ভণি ঘটে সততাৰ জৰিয়তে। এনে পৰিপ্ৰেক্ষিততে নিৰ্মাণ প্ৰক্ৰিয়াত সততা, স্বচ্ছতা আৰু বিশ্বাসৰ প্ৰচাৰৰ উদ্দেশ্যে এক ব্যতিক্ৰমী অভিযান– ‘দ্য অনেষ্ট চিমেন্ট’ৰ শুভাৰম্ভ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় চিমেন্ট ব্ৰেণ্ড তাজ চিমেন্টে। এই গুৰুত্বপূৰ্ণ পদক্ষেপটো ১৫ ডিচেম্বৰত সোণাপুৰৰ মেফেয়াৰ ৰিজ'ৰ্টত অনুষ্ঠিত তাজ চিমেন্টৰ বাৰ্ষিক ডিলাৰছ কনফাৰেন্স ২০২৩-২৪ৰ সময়ত মুকলি কৰা হয়।

উল্লেখ্য যে, এই অভিযানৰ জৰিয়তে তাজ চিমেন্টে উচ্চমানৰ সামগ্ৰী ব্যৱহাৰৰ গুৰুত্ব আৰু নিৰ্মাণ ক্ষেত্ৰত নৈতিক মানদণ্ড ৰক্ষাৰ প্ৰয়োজনীয়তা সুদৃঢ় কৰিছে।

প্ৰায় ৩০০ গৰাকী ডিলাৰে অংশগ্ৰহণ কৰা দিনজোৰা অনুষ্ঠানটোত তাজ চিমেন্টে নিজৰ দীৰ্ঘস্থায়ী আৰু বিশ্বাসযোগ্য সামগ্ৰী যোগানৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰাৰ লগতে, গ্ৰাহক আৰু অংশীদাৰসকলক নিজ নিজ প্ৰকল্পত সততা আৰু উৎকৰ্ষক প্ৰাধান্য দিয়াৰ বাবে উৎসাহিত কৰে।

নৱপ্ৰফুল্লিত ব্ৰেণ্ডটোৰ বৈশিষ্টসমূহ উনুকিয়াই তাজ চিমেন্টৰ গ্ৰুপ চিএফঅ’ সঞ্জীৱ সুৰেখাই কয়, "সততা হৈছে বিশ্বাস আৰু দীঘলীয়া সম্পৰ্কৰ মূল আধাৰ। ‘দ্য অনেষ্ট চিমেন্ট’ অভিযানৰ জৰিয়তে আমি সকলোকে সকলো স্তৰত সততা আৰু স্বচ্ছতা ৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰাত উৎসাহিত কৰিছোঁ। যিদৰে আমাৰ চিমেন্টে স্থাপনাৰ ভেঁটি শক্তিশালী কৰে, সেইদৰে আমাৰ সততাৰ প্ৰতিশ্ৰুতিয়ে আমাৰ গ্ৰাহকৰ সৈতে থকা সম্পৰ্ক আৰু সামাজিক বন্ধন শক্তিশালী কৰে।" 

উল্লেখ্য যে, এই অনুষ্ঠানৰ সময়ত নতুন ৰূপত সজোৱা তাজ ঢালাই চিমেন্ট আৰু তাজ প্ৰিমিয়াম চিমেন্টৰ পেকেজিং উন্মোচন কৰা হয়। কোম্পানীয়ে এই নতুন পেকেজিঙৰ জৰিয়তে আধুনিকীকৰণৰ লগতে গ্ৰাহকৰ অভিজ্ঞতা অধিক উন্নত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

অন্যহাতে, বাৰ্ষিক ডিলাৰ্ছ সন্মিলনখন কোম্পানীৰ শীৰ্ষ কৰ্মকর্তা আৰু ডিলাৰসকলৰ মাজত মুকলি আলোচনাৰ এক বিশেষ মঞ্চ হিচাপে পৰিগণিত হয়। এই মঞ্চত বিভিন্ন সমস্যাৰ সমাধান বিচাৰি নতুন সুযোগৰ সম্ভাৱনা সন্ধান কৰা হয়। লগতে মাৰ্কেট ট্রেণ্ডছ আৰু বিকাশৰ কৌশলৰ ওপৰত বিশেষ সমাবেশো অনুষ্ঠিত হয়। অনুষ্ঠানৰ শেষত কোম্পানীৰ সফলতাত ডিলাৰসকলৰ উল্লেখযোগ্য অৱদানক স্বীকৃতি দি শ্ৰেষ্ঠ ডিলাৰসকলক বিশেষভাৱে সন্মানিত কৰা হয়।




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here