অনন্য শৈলীৰে নভোটেল গুৱাহাটীত উদযাপন কৰক নৱবৰ্ষ: বিশেষ পেকেজ, স্থানীয় প্ৰতিভা আৰু দায়িত্বশীল উদযাপনৰ সৈতে আদৰণি জনাওক ২০২৫ বৰ্ষটিক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 29 December 2024

অনন্য শৈলীৰে নভোটেল গুৱাহাটীত উদযাপন কৰক নৱবৰ্ষ: বিশেষ পেকেজ, স্থানীয় প্ৰতিভা আৰু দায়িত্বশীল উদযাপনৰ সৈতে আদৰণি জনাওক ২০২৫ বৰ্ষটিক


 


W7s news,,,গুৱাহাটী, ২৮ ডিচেম্বৰ, ২০২৪: বিলাসীতা, মনোৰঞ্জন আৰু অৰ্থবহ উদযাপনৰ এক অনন্য সংমিশ্ৰণেৰে ২০২৫ বৰ্ষক আদৰিবলৈ সাজু হৈছে নভোটেল গুৱাহাটী। ৰোমাঞ্চকৰ অনুষ্ঠান, স্থানীয় সংস্কৃতিৰ প্ৰতিফলন আৰু দায়িত্বশীল আতিথ্যৰ আভাসেৰে অতিথিসকলৰ বাবে এক স্মৰণীয় অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিছে হোটেলখনে। প্ৰতিটো দিশকে আড়ম্বৰপূৰ্ণভাৱে আৰু উৎসাহেৰে সজাই নৱবৰ্ষক যাদুকৰী আৰু বিশেষ কৰি তোলা হৈছে।


ষ্টেকেচনৰ অনন্য অভিজ্ঞতা

নভোটেলৰ নৱবৰ্ষৰ ষ্টেকেচন বিশেষভাৱে অতিথিসকলক যান-জঁটৰ পৰা সকাহ দিবলৈ আৰু "ন’ ড্ৰিংক এণ্ড ড্ৰাইভ" পদক্ষেপক প্ৰচাৰ কৰিবলৈ প্ৰস্তুত কৰা হৈছে। মাত্ৰ ১২,৩৯৯ টকাৰ এই পেকেজটোৱে (ডাবল অকুপেন্সি) চুপিৰিয়েৰ ৰুমত এৰাতিৰ জিৰণি, ৩১ ডিচেম্বৰত গালা ডিনাৰত প্ৰৱেশ, সীমাহীন পানীয়, লাইভ মনোৰঞ্জন আৰু ১ জানুৱাৰীত এটা আড়ম্বৰপূৰ্ণ ব্ৰেকফাষ্টৰ সুবিধা প্ৰদান কৰে। অতিথিসকলে স্পা আৰু এফ এণ্ড বি সেৱাতো ১৫% ৰেহাই লাভ কৰিব পাৰে। ইফালে, অধিক বিলাসীতা বিচৰাসকলৰ বাবে এটা ছুইট ৰুমৰ উন্নীতকৰণ বিকল্প মাত্ৰ ৪,০০০ টকা + কৰ মূল্যতে উপলব্ধ।


তিনিটা অনন্য নৱবৰ্ষৰ সন্ধিয়া উদযাপন


দ্য স্কোৱেৰ এণ্ড মাল্টত গালা ডিনাৰ:

ডিজেৰ সুৰত নাচি-বাগি আৰু প্ৰিমিয়াম পানীয়ৰ গিলাচত চুমুক দি উপভোগ কৰক এক সুন্দৰ বুফেৰ।

অঞ্চলটোৰ সমৃদ্ধ প্ৰতিভাক উজ্বল কৰি তোলা স্থানীয় শিল্পীসকলৰ লাইভ প্ৰদৰ্শন।

প্ৰতিজনৰ ব্যক্তিৰ বাবে মূল্য: মাত্ৰ ৩,২৯৯++ টকা


স্কাই ৰুফটপ বেশ্ব্‌:

চহৰৰ মনোৰম দৃশ্য উপভোগ কৰি তৰা ভৰা আকাশৰ তলত লাইভ বেণ্ড আৰু সতেজ খাদ্যৰ সৈতে উদযাপন কৰক।

গুৱাহাটীৰ প্ৰকৃত মনোভাৱক সজীৱ কৰি তোলা প্ৰতিভাশালী স্থানীয় সংগীতজ্ঞ আৰু শিল্পীৰ অনন্য পৰিবেশন।

প্ৰতিজনৰ ব্যক্তিৰ বাবে মূল্য: মাত্ৰ ২,৯৯৯++ টকা


১৮৮ ডাউনটাউনত বিশেষ উদযাপন:

এক মনোমোহা পৰিৱেশত অতিথিসকলৰ বাবে প্ৰিমিয়াম খাদ্য, সীমাহীন পানীয়, আৰু ৰোমাঞ্চকৰ ডিজে সংগীতৰ অভিজ্ঞতা।

প্ৰতিজন ব্যক্তিৰ বাবে মূল্য: মাত্ৰ ৪,৪৯৯++ টকা

নৱবৰ্ষৰ ব্ৰাঞ্চ

বিস্তৃত খাদ্যসম্ভাৰ আৰু স্থানীয় শিল্পী অঞ্জনৰ লাইভ মিউজিকৰ মাজত দ্য স্কোৱেৰত সুস্বাদু ব্ৰাঞ্চৰ সৈতে আৰম্ভণি কৰক ২০২৫ বৰ্ষটো।

সময়ঃ দুপৰীয়া ১২:৩০ বজাৰ পৰা বিয়লি ৩:০০ বজালৈ

মূল্য: প্ৰতিজন ব্যক্তিৰ বাবে মাত্ৰ ১,৫৯৯++ টকা


নভোটেল গুৱাহাটীৰ সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে হোটেলখনে "ন’ ড্ৰিংক এণ্ড ড্ৰাইভ" নীতিক সম্পূৰ্ণৰূপে সমৰ্থন কৰে। অতিথিসকলক দায়িত্বশীলভাৱে পৰিকল্পনা কৰিবলৈ আহ্বান জনোৱা হৈছে, আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পৰিবহণৰ ব্যৱস্থাৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱা হৈছে।


জেনেৰেল মেনেজাৰৰ পৰা বাৰ্তা

নৱবৰ্ষৰ এই সন্ধিখনত আনন্দ প্ৰকাশ কৰি নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ শ্ৰী মনমীত সিঙে কয়, “নভোটেল গুৱাহাটীত আমি প্ৰতিটো উৎসৱ এটা উদ্দেশ্যেৰে পালন কৰাত বিশ্বাস কৰোঁ। এইবাৰ আমাৰ অতিথিসকলক এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদান কৰাই নহয়, অসমৰ বিস্ময়কৰ স্থানীয় প্ৰতিভাক উজ্জ্বল কৰি তোলাৰ লগতে দায়িত্বশীল উদযাপনৰ প্ৰসাৰৰ বাবে আমি গৌৰৱান্বিত হৈছো। আহক আমি ২০২৫ বৰ্ষটোক আনন্দ, ঐক্য আৰু অবিস্মৰণীয় মুহূৰ্তৰে আদৰি লওঁ।” 


নভোটেল গুৱাহাটীৰ সৈতে নৱবৰ্ষ উদযাপনৰ বাবে ইতিমধ্যে সংৰক্ষণ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। প্ৰতিটো উদযাপনতে আসনৰ সংখ্যা সীমিত। সবিশেষ জানিবলৈ আৰু আসন সংৰক্ষণ কৰিবলৈ যোগাযোগ কৰক: +৯১ ৭৫৭৭৮ ৮৪০১৪ / +৯১ ৭৫৭৭৮ ৮৪০২২ নম্বৰত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here