পৰ্যটকসকলেও উপভোগ কৰিব পাৰিব ব্ৰহ্মপুত্ৰৰ মাজত প্ৰাকৃতিক সন্দৰ্য্য: মৃণালিনী দেৱী
W7s news,,গুৱাহাটী, ২৯ ডিচেম্বৰ। ফাঁচি বজাৰৰ এম জি ৰোডত অৱস্থিত ৰাজদ্বাৰ ঘাটত আজি "দা গ্ৰেণ্ড শিকাৰা" নামৰ ৰিভাৰ ক্ৰুজ মুকলি কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা নিখিল ভাৰত সাহিত্য পৰিষদ, অসমৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে ৰিভাৰ ক্ৰুজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে দ্য গ্ৰেণ্ড শিকাৰাৰ অংশীদাৰ অভিষেক কয়াল, অমিত কয়াল, দেবিকা দাস আৰু মহম্মদ জাফৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই উপলক্ষে মুখ্য অতিথি মৃণালিনী দেৱী শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই ৰিভাৰ ক্ৰুজৰ জৰিয়তে কেৱল স্থানীয় ৰাইজে নহয়, পৰ্যটকসকলেও প্ৰবল ব্ৰহ্মপুত্ৰ নদীৰ শান্ত ঢৌৰ মাজত প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব।
ক্ৰুজ পাৰ্টনাৰ অভিষেক কয়াল কয় যে দ্য গ্ৰেণ্ড শিকাৰা প্ৰে বুকিং ভিত্তিত উপলব্ধ হ’ব, য’ত নূন্যতম ২০ জন লোকৰ বুকিং বাধ্যতামূলক। ক্ৰুজত একেলগে ৪০-৪৫ জন লোকৰ বাবে বহাৰ ব্যৱস্থা আছে। লগতে গ্ৰাহকৰ চাহিদা অনুসৰি ভেজ আৰু নন ভেজ মেনু প্ৰস্তুত কৰা হয়।
এই সময়ত সহযোগী অমিত কয়াল কয় যে আগন্তুক নৱবৰ্ষ আৰু ব্ৰহ্মপুত্ৰৰ মাজভাগত ক্ৰুজত পিকনিকৰ উপৰিও সূৰ্যাস্ত, জন্মদিন, বিবাহ বাৰ্ষিকী, কিটি পাৰ্টি, বালিচৰত দ্বীপ পাৰ্টি, ধৰ্মীয় স্থান ভ্ৰমণকে ধৰি অন্যান্য সৰু সৰু অনুষ্ঠানৰ আয়োজন কৰা হ’ব ৰিভাৰ ক্ৰুজত প্ৰি-বুকিং ভিত্তিত।
সহযোগী দেবিকা দাস আৰু মহম্মদ জাফৰে কয় যে ব্ৰহ্মপুত্ৰতো দ্য গ্ৰেণ্ড শিকাৰা ৰিভাৰ ক্ৰুজৰ জৰিয়তে সংগীত উপভোগ কৰিব পাৰি। তেওঁ আশা প্ৰকাশ কৰে যে এই নদী ক্ৰুজে বহু লোকক আকৰ্ষণ কৰিব।
No comments:
Post a Comment