শতাধিক বিতৰক সন্মানিত কৰিলে গেলাক্সি চিমেণ্টই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 25 December 2024

শতাধিক বিতৰক সন্মানিত কৰিলে গেলাক্সি চিমেণ্টই


 

২০২৩-২৪ বৰ্ষৰ বিতৰক সন্মিলন সম্পন্ন


W7s news,,গুৱাহাটী ২৪ ডিচেম্বৰঃ  আজি গুৱাহাটীৰ পেলেচিঅ’ হোটেলত উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত  গেলেক্সি চিমেন্টৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক বিতৰক সন্মিলন অনুষ্ঠিত হৈ যায়।  ব্যাপক উৎসাহ আৰু অংশগ্ৰহণেৰে   এই অনুষ্ঠানত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰায় ২৫০ জন বিতৰকৰ উপস্থিতিয়ে কোম্পানীটোৰ শক্তিশালী আঞ্চলিক উপস্থিতিৰ প্ৰতিফলন কৰে ।

সন্মিলনত  এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে গেলেক্সি চিমেন্টৰ মুখ্য সঞ্চালক ঈশান মোডী আৰু মুখ্য প্ৰৱন্ধক নিপু হালৈয়ে ৷ দুয়োগৰাকী বিষয়াই উপস্থিত বিতৰক সকলক উদ্দেশ্যি ভাষন প্ৰদান কৰে ৷ সঞ্চালক ঈশান মোডীয়ে সকলোকে গেলেক্সি পৰিয়ালৰ অংশ হোৱাৰ বাবে ধন্যবাদ জনাই আৰু আগন্তুক সময়ৰ বাবে নতুন কিছু আঁচনি ঘোষণা কৰে৷ বিপনন প্ৰৱন্ধক নিপু হালৈয়ে বিতৰক সকলৰ সহযোগিতাৰ শলাগ লয় আৰু অনাগত সময়ত সকলোৰে  সৈতে শক্তিশালী সম্পৰ্ক গঢ়াৰ বিষয়ে গুৰুত্ব দিয়ে৷


আজিৰ সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ বিতৰক সকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত গেলেক্সি আইকন , প্লেটিনাম ,  গল্ড , পাৰফৰমেন্স , ছাপৰ্টিং , ৰাইজিং , গল্ড , ডায়মণ্ডকে আদি কৰি অৰ্ধশতাধিক পুৰস্কাৰ আৰু সন্মান আগবঢ়োৱা হয় ৷ সৰ্বাধিক কৌতুহল উদ্দীপক বঁটাটি আছিল বিগত তিনি বছৰত গেলেক্সি চিমেন্ট বিক্ৰীৰে এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা তথা প্ৰতিষ্ঠানটিৰ প্ৰতি আগবঢ়োৱা

 অৱদান আৰু সমৰ্থনৰ বাবে    প্ৰদান কৰা “ গেলেক্সি সম্ৰাট  ’’ বঁটা ৷ গোলাঘাটৰ জগদম্বা স্টিল নামৰ প্ৰতিষ্ঠানটোক উপহাৰ হিচাপে  দিয়া হৈছিল এখন একেবাৰে নতুন টাটা হেৰিয়াৰ গাড়ী।

অনুস্থানটি আৰু অধিক উপভোগ্য কৰি তুলিছিল জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানে । দিম্পু বৰুৱাই বঁটাপ্ৰাপকগৰাকীক গাড়ীখন গতাই দি অনুষ্ঠানটো আৰু অধিক স্মৰণীয় কৰি তুলিছিল। অনুষ্ঠানটিত গেলেক্সি চিমেন্টৰ বিভিন্ন জিলাৰ নিৰ্বাচিত বিষয়া কৰ্মচাৰী সকলকো সন্মানিত কৰা হয় । 

এই অনুষ্ঠানে কেৱল বিতৰক সকলৰ সফলতা আৰু নিষ্ঠাক উদযাপন কৰাই নহয়, গেলাক্সি চিমেণ্টৰ শক্তিশালী, চিৰস্থায়ী অংশীদাৰিত্ব গঢ়ি তোলা আৰু ইয়াৰ নেটৱৰ্কৰ ভিতৰত উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিকো শক্তিশালী কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here