ৰেডিছন ব্লু গুৱাহাটীত খ্ৰীষ্টমাছ ট্ৰি আলোক অনুষ্ঠানৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 23 December 2024

ৰেডিছন ব্লু গুৱাহাটীত খ্ৰীষ্টমাছ ট্ৰি আলোক অনুষ্ঠানৰ আয়োজন


 

W7s news,গুৱাহাটী; ২৩ ডিচেম্বৰ, ২০২৪: উৎসৱমুখৰ পৰিৱেশত এক নতুন মাত্ৰা সংযোজন কৰি ৰেডিচন ব্লু গুৱাহাটীত আয়োজন কৰে এক ভব্য খ্ৰীষ্টমাছ ট্ৰি আলোক অনুষ্ঠানৰ। এই মনোমোহা অনুষ্ঠানত অতিথিসকলৰ বাবে এক উষ্ম, আনন্দময় আৰু হৃদয়স্পৰ্শী পৰিৱেশৰ সৃষ্টি হয়।

এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি, স্থানীয় প্ৰভাৱশালী ব্যক্তি, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু ৰেডিছন ব্লু গুৱাহাটীৰ পৰিয়ালবৰ্গ। হোটেলখনৰ সুন্দৰকৈ সজাই তোলা লবীৰ মাজত স্থাপন কৰা বৃহৎ আকাৰৰ খ্ৰীছমাছ ট্ৰি আলোকিত কৰাৰ মুহূৰ্তই পুলকিত কৰি তোলে উপস্থিত সকলোকে। জাকজমকতাপূৰ্ণ পোহৰ, নান্দনিক সজ্জা আৰু সুমধুৰ খ্ৰীষ্টমাছ কেৰলৰ সুৰে এই সমগ্ৰ অনুষ্ঠানটো সকলোৰে বাবে উপভোগ্য কৰি তোলে।

ইফালে, এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সন্ধিয়া উন্মোচন কৰা হয় এটা জিঞ্জাৰব্ৰেড হাউচৰ। মধুৰতা আৰু সৃষ্টিশীলতাৰ এই বিশেষ সংযোজনে অনুষ্ঠানটোক আৰু অধিক মনোমোহা কৰি তোলে। এই দৃষ্টিনন্দন সৃষ্টিয়ে উৎসৱময় উছাহ আৰু আনন্দৰ প্ৰতিফলন ঘটাই উপস্থিত সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয়। 

অনুষ্ঠানটো সন্দৰ্ভত ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়, “বৰদিন হৈছে মিলনৰ সময়। আৰু আমি আমাৰ সমাজখনৰ সৈতে এই উৎসৱৰ যাদু উদযাপন কৰি আনন্দিত হৈছো। এই অনুষ্ঠানটোৱে সঁচাকৈয়ে একতা আৰু আনন্দৰ আৱেগক প্ৰতিফলিত কৰে। উৎসৱমুখৰ কেৰলৰ পৰা আৰম্ভ কৰি জিঞ্জাৰব্ৰেড হাউচ উন্মোচনলৈকে সমগ্ৰ সন্ধিয়াটো উৎসৱৰ উদ্দীপনা আৰু সুখেৰে ভৰি পৰে। এই বিশেষ উদযাপনক স্মৰণীয় কৰি তুলিবলৈ আমাৰ সৈতে যোগদান কৰা সকলোকে আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।”

উল্লেখ্য যে, উৎসৱমুখৰ উল্লাসক আৰু অধিক বৃদ্ধি কৰিবলৈ ৰেডিছন ব্লু গুৱাহাটীয়ে ২০২৪ চনৰ ২৫ ডিচেম্বৰত কেফে বি ইউত অতিথিসকলক আড়ম্বৰপূৰ্ণ খ্ৰীষ্টমাছ ব্ৰাঞ্চ উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে। দুপৰীয়া ১২:৩০ বজাৰ পৰা বিয়লি ৩:০০ বজালৈকে হোটেলখনত লাইভ ফুড কাউণ্টাৰ আৰু স্পাৰ্কলিং ৱাইন বা শীতল পানীয়ৰ বিনামূলীয়া গিলাচৰ সৈতে অতিথিসকলক এক সমৃদ্ধ বুফে পৰিবেশন কৰা হ’ব। এই সময়ছোৱাত পৰিৱেশটো বৰদিনৰ জিংগলৰ সুৰীয়া সংগীতেৰে ভৰি পৰাৰ লগতে চান্টাক্লজৰ বিশেষ ৰূপে পৰিয়াল আৰু শিশুসকলক এক অনন্য আনন্দৰ মুহূৰ্ত প্ৰদান কৰিব। এই বৰদিনৰ ব্ৰাঞ্চটো হ’ব অতিথিসকলৰ হৃদয়ত দীৰ্ঘদিনলৈ প্ৰাঞ্জল হৈ থকা এক স্মৰণীয় অভিজ্ঞতা।

আসন সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে ৰেডিছন ব্লুৰ সৈতে +৯১ ৮৮১১০ ৯৯৩৮৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here