মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ সামৰণি আজি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 7 December 2024

মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ সামৰণি আজি

 

ড° মন্দিৰা বৰুৱাৰ নেতৃত্বত পৰম্পৰাগত চিকিৎসা শৈলীৰে শৰীৰ সুস্থ ৰখাৰ বৃহৎ পদক্ষেপ সাতসৰী সামাজিক সাংস্কৃতিক সংস্থাৰ



W7s news,,গুৱাহাটী ৭ ডিচেম্বৰ । "সাতসৰী" সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ উদ্যোগত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ছলি থকা "ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ" লগত সংগতি ৰাখি কবিতা পাঠৰ এটি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এক চমু ভাষণ প্ৰদানেৰে সাতসৰীৰ সভানেত্ৰী প্ৰিয় নাৰী ড০ মন্দিৰা বৰুৱাই কবিসকলক উৎসাহিত কৰে। আকৰ্ষণীয় কবিতা পাঠ অনুষ্ঠানটি উদ্ধোধন কৰে মাজুলীৰ কুমুদ দাসে। উল্লেখযোগ্য যে উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা প্ৰাপক বিশিষ্ট কবি আনিছউজ জামান আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট লেখক জয়ন্ত মাধৱ বৰা উপস্হিত থাকে। 'মই কিয় কবি হ'লো' এক ব্যতিক্ৰমী ভাষণ প্ৰদান কৰে আনিছউজ জামানে। তেখেতে কয় যে জ্ঞান অৰ্জনৰ বাবে বিভিন্ন ভাষা অধ্যয়ন কৰিলেও স্বত:স্ফুট ভাবে অহা মাতৃভাষাৰ জৰিয়তে কবিতাৰ সৃষ্টি হয়। বৰ্তমান নৱপ্ৰজন্মই আমাৰ পুৰণি সুমধুৰ কবিতা সমূহ চৰ্চা নকৰে বুলি আক্ষেপ প্ৰকাশ কৰিছে। 'ভাল লেখা কেনেকৈ লিখিব লাগে 'এই


বিষয়ে এক বহুমূলীয়া ভাষণ প্ৰদান কৰে জয়ন্ত মাধৱ বৰাই। বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৭০ (সত্তৰ) গৰাকী কবিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ পৰিচালনা কৰে জ্যোতি বৰুৱা আৰু ৰণদ্বীপ চহৰীয়াই। আজি ৰাষ্ট্ৰীয় আৰোগ্য মেলাত অনুষ্ঠিত কৰা হয় এক বিশেষ আলোচনা চক্ৰ এই আলোচনাৰ বিষয় বস্তু হৈছে ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বৈজ্ঞানিক ভিত্তি আৰু পুনৰ জীৱিত কৰণ। এই আলোচনা চক্ৰত সঞ্চালক হিচাপে উপস্থিত থাকে ড° ভবেন তাঁতী মুৰব্বী অধ্যাপক উদ্ভিদ বিজ্ঞান বিভাগ,গুৱাহাটী বিশ্ববিদালয়। সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডাঃ বিষ্ণুপ্ৰসাদ শৰ্মা,অৱসৰ প্ৰাপ্ত অধ্যাপক জালুকবাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, পদ্মৰাজ গজোৰেল,ডিন ষ্টুডেণ্ট এফায়াৰচ ডিপাৰ্টমেণ্ট অফ ফৰেষ্টি, নেৰিষ্ট নিৰজুলি অৰুণাচল প্ৰদেশ, ড° অমল ৱাউৰী, জেষ্ঠ বিজ্ঞানী।আলোচনা চক্ৰৰ উদ্দেশ্য বাখ্যা কৰে ড° হেমেন হাজৰিকা, অতিৰিক্ত সঞ্চালক আৰু জেষ্ঠ বিজ্ঞানী,পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, মুখ্য পৰামৰ্শ দাতা।উক্ত অনুষ্ঠানৰ শলাগৰ শৰাই প্ৰদান কৰিলে কুমুদ দাসে।

এই অনুষ্ঠানৰ লগতেই আন এক অনুষ্ঠান ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা হৈ যায়।এই অনুষ্ঠানৰ বিচাৰক ৰূপে থাকে বিশিষ্ট গীতিকাৰ গৌতম শৰ্মা আৰু সূৰ্য গোস্বামী।অনুষ্ঠানটিত ঘোষক ৰূপে থাকে মাজুলীৰ ৰাণী ভাগৱতীয়ে। উল্লেখযোগ্য চাৰিদিনীয়া ৰাষ্ট্ৰীয় আৰোগ্য মেলা দেওবাৰে সমাপ্ত হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here