গুৱাহাটী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে GUICE: প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সবলীকৰণৰ এক বিশেষ পদক্ষেপ। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 9 December 2024

গুৱাহাটী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে GUICE: প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সবলীকৰণৰ এক বিশেষ পদক্ষেপ।





 পঞ্জীয়নৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ, ২০২৪UPSC/APSC ৰ বাবে GU professional course ৰ বাবে ৬০ আসন, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে GU foundation course ৰ বাবে ১০০ আসন। 


নিয়ম অনুসাৰে SC/ST/OBC শিতানৰ বাবে সংৰক্ষণ


W7s news,,গুৱাহাটী, ৯ ডিচেম্বৰ, ২০২৪: অসমৰ প্ৰধান উচ্চ শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱাকে ধৰি অসম অসামৰিক সেৱা, SSC-CGL, বেংকিং, LIC-AAO, GIC-AM, CAPF, NET, JRF, আৰু GATE, অন্যান্যৰ লগতে বিভিন্ন সন্মানীয় প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক পাৰদৰ্শিতা দেখুৱাবলৈ সজ্জিত কৰাৰ লক্ষ্যৰে এক বিশেষ পদক্ষেপ হিচাপে ইনিচিয়েটিভ ফৰ কম্পিটিটিভ এক্সাম (GUICE) আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। পাঠ্যক্ৰমৰ সময়সীমা এবছৰ আৰু পঞ্জীয়নৰ শেষ দিন ২০ ডিচেম্বৰ, ২০২৪ ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফল হ’বলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে অসম তথা উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীসকলক সৱলীকৰণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। GUICE এ শৈক্ষিক প্ৰস্তুতি, মেণ্টৰশ্বিপ, আৰু দক্ষতা-নিৰ্মাণৰ বাবে এক শক্তিশালী মঞ্চও প্ৰদান কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তই কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মিছন পূৰণৰ ক্ষেত্ৰত GUICE হৈছে কেৱল শৈক্ষিক উৎকৰ্ষতা বৃদ্ধি কৰাই নহয়, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হব পৰাকৈ সাজু হোৱাটো নিশ্চিত কৰা আমাৰ লক্ষ্য। প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ হৈছে পৰিৱৰ্তনশীল সুযোগৰ দুৱাৰদলি, আৰু এই পদক্ষেপে ৰাজ্য আৰু জাতিৰ উন্নয়নত অৰিহণা যোগাব পৰাকে নতুন প্ৰজন্মক প্ৰস্তত কৰাৰ বাবে আমি দায়বদ্ধ।" ড০ মহন্তই লগতে কয় যে, ইউ পি এছ চি/এ পি এছ চিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰফেশ্যনেল পাঠ্যক্ৰমৰ বাবে ৬০খন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ বাবে ১০০খন আসনৰ ব্যৱস্থা কৰা হৈছে। পঞ্জীয়নৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ, ২০২৪।ইউ পি এছ চি/এ পি এছ চি অসামৰিক সেৱা পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰফেচনেল পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সীমিত সংখ্যক মেৰিট-কাম-মিনছ বৃত্তি আৰু থকাৰ সুবিধা আছে। পাঠ্যক্ৰমৰ মাচুল ৩৫ হাজাৰ টকা, দুটা কিস্তিত দিব লাগিব। তেওঁ কয় যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জি ইউ ফাউণ্ডেশ্যন পাঠ্যক্ৰম বাছি লোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কোনো ধৰণৰ বৃত্তিৰ ব্যৱস্থা নাই যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মীয়া  স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়া হ’ব। সীমিত সংখ্যক প্ৰাৰ্থীৰ বাবে থকাৰ ব্যৱস্থা আছে। এই মাচুল ২০ হাজাৰ টকা, তিনিটা কিস্তিত দিব লাগিব।

অধ্যাপক মহন্তই কয় যে কোটা নিয়ম অনুসৰি দুয়োটা পাঠ্যক্ৰমতে অনুসূচিত জাতি, অনুসূচিত জাতি আৰু নন-ক্ৰিমী লেয়াৰ অ’বিচি প্ৰাৰ্থীক নামভৰ্তি কৰা হ’ব। উপাচাৰ্যগৰাকীয়ে কয় যে, “GUICE-এ ছাত্ৰ-ছাত্ৰীসকলক অভিজ্ঞ অধ্যাপক আৰু বিষয় বিশেষজ্ঞসকলে প্ৰদান কৰা এক বিস্তৃত পাঠ্যক্ৰম আগবঢ়াব। এই পদক্ষেপত নিয়মীয়া মক টেষ্ট, কৰ্মশালা, কেৰিয়াৰ কাউন্সিলিং আৰু সম্পদৰ বিস্তৃত ভঁৰালৰ প্ৰৱেশ আদিও অন্তৰ্ভুক্ত কৰা হৈছে। আৰ্থিকভাৱে দুখীয়া পৰিয়ালৰ  ছাত্র-ছাত্রীসকলক সমন্বয় আৰু সম সুযোগ সুনিশ্চিত কৰাৰ বাবে পথ প্ৰদৰ্শন কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব।” বুলি জানিব দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here