দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 29 November 2024

দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন

 গুৱাহাটী : প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলৰ পানী লাহে লাহে কমি যোৱা আৰু শীতৰ আগমনৰ লগে লগে অইন বছৰৰ দৰে এইবেলিও দীপৰ বিললৈ আহিছে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ জাক । সেই পৰিভ্ৰমী পক্ষীৰ জাকৰ বিনন্দীয়া সৌন্দৰ্য্য, জলকেলি চাবলৈ দীপৰ বিলৰ পাৰত পুৱাৰে পৰা সন্ধিয়ালৈ অসংখ্য লোকে ভীৰ কৰাও পৰিলক্ষিত হৈছে। ইফালে দীপৰ বিললৈ বনভোজ খাবলৈ অহা লোকসকলে যাতে শৃংখলাবদ্ধভাবে বনভোজ খাব পাৰে তাৰ বাবে বিগত বৰ্ষ সমুহৰ দৰে এইবেলিও বিলৰ পাৰত থকা শ্ৰীশ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলীটো দেউচতালৰ স্থানীয় সামাজিক - সাংস্কৃতিক আৰু অগ্ৰণী ক্ৰীড়া সংগঠন নবজ্যোতি সংঘই সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। আজি পুৱাৰ ভাগত সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলীটো মাংগলিক কাৰ্যৰ মাজেৰে  উদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী দীপক চন্দ্ৰ বড়ো ( কুলী) য়ে।  এই উপলক্ষে সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত সমাজকৰ্মী দীপক চন্দ্ৰ বড়োয়ে ভাষণ প্ৰসংগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হ'ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত মিকিৰপাৰা, চকৰদৌ পামহী আৰু গোগ তালুকৰ সভাপতি, বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপী, বিজেপিৰ কিশান মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি সঞ্জীৱ ডেকা, সংঘৰ উপ-সভাপতি অশোক থাপ্পা, সাধাৰণ সম্পাদক বিজয় বড়ো, প্ৰাক্তন সভাপতি অশোক থাপাকে ধৰি সংঘৰ কেবাজনো কৰ্মৰ্কৰ্তা, সমাজকৰ্মী বীৰেশ্বৰ ৰংপী,  , দীপৰ বিলৰ কাষৰীয়া চকৰদৌ কলিতাপাৰা অঞ্চলৰ সমাজকৰ্মী বিৰাজ কলিতা ( পৱন) , দীপক কলিতাকে   ধৰি কেবাজনো বিশিষ্ট লোক , শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ মুখ্য পুৰোহিত মুনীন্দ্ৰ কুমাৰ শৰ্মা উপস্থিত থাকে। উল্লেখযোগ্য বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পাকিং ব্যৱস্থা, প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰা হৈছে। সমান্তৰালভাৱে চাফ চিকুণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে বনভোজ দল সমূহৰ পৰা ৰচিদৰ বিনিময়ত সামান্য পৰিমাণে মাচুল হিচাপে সংগ্ৰহ কৰা হ'ব।উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে। বনভোজথলীটো তদাৰকৰ দায়িত্বত থকা  দেউচটাল নবজ্যোতি সংঘৰ কৰ্মকৰ্তাসকলে উক্ত স্থান মেৰামতি কৰাৰ লগতে নিজে হাতে কামে লাগি বনভোজথলীটোৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি সম্পূৰ্ণ কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here