ছিজনৰ প্ৰথম জয়ৰ সন্ধানত ইষ্ট বেংগল, আজি সন্মুখত শক্তিশালী নৰ্থ ইষ্ট ইউনাইটেড* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 28 November 2024

ছিজনৰ প্ৰথম জয়ৰ সন্ধানত ইষ্ট বেংগল, আজি সন্মুখত শক্তিশালী নৰ্থ ইষ্ট ইউনাইটেড*

 




*কলকাতা, ২৮ নৱেম্বৰ ঃ*  ক্ৰমাগত চাৰিখন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ’বলগা মেচত ঘৰুৱা দল ইষ্ট বেংগল এফ চিৰ মুখামুখি হ’ব৷ উল্লেখ্য যে ছিজনৰ প্ৰথমটো জয়ৰ সন্ধানত আছে ইষ্ট বেংগল৷


আনহাতে, গুৱাহাটীৰ দলটোৱে নখন মেচৰ চাৰিখনত জয় তথা তিনিখন ড্ৰ আৰু দুখনত পৰাস্ত হৈ ১৫ পইণ্ট লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে৷ শীৰ্ষ স্থানত থকা বেংগালুৰু এফ চিতকৈ পাঁচ পইণ্ট পিছ পৰি থকা নৰ্থ ইষ্ট ইউনাইটেডে কাইলৈও তিনি পইণ্টৰ লক্ষ্যৰে খেলপথাৰত নামিব৷


দুয়োটা দলে এতিয়ালৈকে আঠবাৰ মুখামুখি হৈছে৷ নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰে চাৰিখনত জয় তথা দুখন মেচ ড্ৰ খেলিছে৷ চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডে অবিশ্বাস্য সাফল্যৰ দৌৰ বিৰামহীন ৰূপত অব্যাহত ৰাখিছে৷ লীগত এতিয়ালৈকে হোৱা খেলত নৰ্থইষ্ট ইউনাইটেডে সৰ্বাধিক গ’ল দিছে৷


ইফালে, ইষ্ট বেংগলৰ ফৰ্মৰ জৰুৰী সংশোধনৰ প্ৰয়োজন হৈ পৰিছে৷ যোৱা কলকাতা ডাৰ্বিত মহমেদান স্পৰ্টিঙৰ বিৰুদ্ধে গ’লবিহীন ড্ৰ খেলি ছিজনৰ প্ৰথমটো পইণ্ট লাভ কৰিছে দলে৷ ঘৰত খেলিলেও কাইলৈৰ মেচত ইষ্ট বেংগল চাপত থাকিব৷ নৰ্থ ইষ্ট ইউনাইটেডৰ শক্তিক লৈ দল অবগত৷ কিন্তু প্ৰত্যাৱৰ্তনৰ আশা কৰিছে দলে৷


কাইলৈৰ মেচক লৈ ইষ্ট বেংগলৰ মুখ্য প্ৰশিক্ষক অস্কাৰ ব্ৰুজনে কয় ‘ ‘নৰ্থ ইষ্ট ইউনাইটেডে আমাৰ আক্ৰমণাত্মক শক্তিক নিষ্ক্ৰিয় কৰিবলৈ অহা নাই৷ তেওঁলোকে নিজেই অধিক গ’ল দিয়াৰ লক্ষ্যৰে আহিছে৷ যোৱা খেলবোৰত তেওঁলোকে নিজৰ ফ্ৰণ্টলাইনৰ সৈতে যি কৰি আহিছে তাৰ পৰা মই সেইটোৱেই জানো৷ আমি আমাৰ শ্ৰেষ্ঠ খেল খেলিবলৈ চেষ্টা কৰিম আৰু মেচখন জয়ী হ’ম৷


ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে কয় ‘প্ৰতিখন খেলৰ কাহিনী বেলেগ৷ আমি গ’ল দিবলৈ নিখুত সুযোগ সৃষ্টি কৰিব লাগিব৷ একে সময়তে তেওঁলোকৰ বাবেও সমানেই কঠিন কৰি তুলিব লাগিব৷ সেইটোৱেই আমাৰ উদ্দেশ্য, কাৰণ আমি জানো যে আমি স্ক’ৰ কৰিব পাৰো আৰু সেয়া আমাৰ গেমপ্লেন৷’ উল্লেখ্য যে মেচখনত দলটোৰ আক্ৰমণাত্মক প্ৰবৃত্তি আৰু ৰক্ষণশীল অনুশাসনৰ মাজত ভাৰসাম্য গুৰুত্বপূৰ্ণ হ’ব৷


চলিত আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেডৰ আলাউদ্দিন আজাৰাইৰ চমক দেখি প্ৰতিটো দলে যুৱ তাৰকাজনক সমিহ কৰিছে৷ ক্ৰমাগত আঠখন মেচত গল কৰা মৰক্কোৰ ষ্ট্ৰাইকাৰজনে যোৱা মেচত নিজৰ গৌৰৱময় যাত্ৰাৰ অন্ত পেলায়৷ কিন্তু নতুন যাত্ৰা পুনৰ কলকাতাৰ ভূমিতে আৰম্ভ কৰাৰ লক্ষ্য লৈছে৷


ইফালে, পাঁচটা গ’ল আৰু এটা এছিষ্টেৰে ইষ্ট বেংগলৰ ক্লেটন ছিলভাই দলৰ হৈ সৰ্বাধিক গ’ল কৰাৰ অৱদান আগবঢ়াইছে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে তেওঁ সাতটা গল কৰিছে৷ কাইলৈ যদি তেওঁ গ’ল দিয়ে তেন্তে ছিলভাই নৰ্থইষ্ট ইউনাইটেডৰ বিৰুদ্ধে সৰ্বাধিক ষ্ট্ৰাইক কৰা খেলুৱৈ হিচাপে লিষ্টন ক’লাকোৰ অভিলেখ স্পৰ্শ কৰিব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here