ৰেডিচন ব্লু গুৱাহাটীৰ বাৰ্ষিক ফ্ৰুট মিক্সিং অনুষ্ঠানত নাৰী আৰু ঐতিহ্যক এক অনন্য ৰূপত উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 24 November 2024

ৰেডিচন ব্লু গুৱাহাটীৰ বাৰ্ষিক ফ্ৰুট মিক্সিং অনুষ্ঠানত নাৰী আৰু ঐতিহ্যক এক অনন্য ৰূপত উদযাপন


 

W7s news,,গুৱাহাটী, ২৩ নৱেম্বৰ, ২০২৪: ৰেডিছন ব্লু গুৱাহাটীয়ে শনিবাৰৰ দিনটোত তেওঁলোকৰ বহু প্ৰত্যাশিত বাৰ্ষিক ফ্ৰুট মিক্সিং অনুষ্ঠানৰ জৰিয়তে এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰে। এইবাৰ পৰম্পৰা আৰু আধুনিকতাৰ এক আকৰ্ষণীয় সংমিশ্ৰণেৰে মহিলাৰ অৱদানক উদযাপন কৰি এই অনুষ্ঠানটোৱে বিশেষভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ৰেডিচন ব্লুৰ এই বৰ্ণিল আৰু প্ৰাণৱন্ত অনুষ্ঠানৰ কেন্দ্ৰবিন্দু আছিল নাৰী, যাৰ জৰিয়তে ঐক্যৰ সৌন্দৰ্য্য আৰু আনন্দ প্ৰতিফলিত হয়। বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক সজীৱ কৰি তোলে। এই অনুষ্ঠানৰ জৰিয়তে ৰেডিছন ব্লুৰ বৈচিত্ৰ্য উদযাপনৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শিত হোৱাৰ সমান্তৰালভাৱে অনুষ্ঠানটোৱে প্ৰতিগৰাকী অতিথিৰ বাবে এক স্মৰণীয় অভিজ্ঞতাৰো সৃষ্টি কৰে। চৌদিশে সুৰৰ মায়াজাল বিস্তাৰিত কৰা লাইভ মিউজিক আৰু সুস্বাদু উৎসৱমুখৰ খাদ্যৰ বিবিধ ফুড ষ্টেচনে সমগ্ৰ পৰিৱেশটো অধিক জীপাল কৰি তোলা পৰিলক্ষিত হয়। 

অনুষ্ঠান সন্দৰ্ভত ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়, “প্ৰতিদিনে আমাক অনুপ্ৰাণিত কৰা মহিলাসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপনৰ এক মাধ্যম হিচাপে এইবাৰৰ ফ্ৰুট মিক্সিং অনুষ্ঠান সজাই তোলা হৈছে। আমি এই মনোমোহা পৰম্পৰাটোক আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে ইয়াক অধিক সৰ্বাংগীন আৰু অৰ্থপূৰ্ণ কৰি তুলিবলৈও চেষ্টা কৰিছোঁ। এই অনুষ্ঠান কেৱল মাথো বৰদিনৰ প্ৰস্তুতি নহয়, এয়া হৈছে সংযোগ স্থাপন, বৈচিত্ৰ্যতাৰ উদযাপন আৰু মধুৰ আনন্দৰ সুখদায়ক ক্ষণবোৰ সকলোৰে মাজত বিলাবলৈ গঢ়ি তোলা এখন মঞ্চ।”

ৰেডিচন ব্লুৰ কাৰ্যবাহী চেফ কাৰ্তিকেয়ানে কয়, “ফ্ৰুট মিক্সিং অনুষ্ঠান সন্মিলন আৰু আনন্দ উদযাপনৰ সাৰমৰ্মেৰে ভৰা এক বিশেষ পৰম্পৰা। এইবাৰ আমি গৌৰৱান্বিত যে নাৰীৰ প্ৰেৰণাদায়ক কাহিনীয়ে এই পৰম্পৰাক অধিক জীপাল কৰি তুলিছে। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোত এক অনন্য মাদকতা সানিছে।”

উল্লেখ্য যে, ফ্ৰুট মিক্সিং অনুষ্ঠান কেৱল এক ৰন্ধন প্ৰথাই নহয়; ই হৈছে এক পৰম্পৰাগত উৎসৱৰ অভিজ্ঞতা। অতিথিসকলে হোটেলৰ দলৰ সৈতে একেলগে মিলি সুগন্ধি স্পিৰিটত তিয়াই থোৱা মছলা, শুকান ফল আৰু বাদামৰ মিশ্ৰণ তৈয়াৰ কৰে। উৎসৱমুখৰ সুৰ, বন্ধুত্বপূৰ্ণ পৰিৱেশ আৰু বিশেষভাৱে সৃষ্টি কৰা হাই-টি স্প্ৰেডে গোটেই অনুষ্ঠানটোক অধিক সজীৱ কৰি তোলে। 

মন কৰিবলগীয়া যে, উৎসৱৰ কেইসপ্তাহমানৰ পূৰ্বে বৰদিনৰ পুডিং প্ৰস্তুত কৰাৰ পৰম্পৰাৰ সৈতে জড়িত এই ফ্ৰুট মিক্সিং অনুষ্ঠানৰ নিজস্ব বিশেষ তাৎপৰ্য আছে। ইয়াক সমৃদ্ধি, সুখ আৰু ঐক্যবদ্ধতাৰ বাবে শুভেচ্ছাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। প্ৰতিবাৰেই মিশ্ৰণটো মিহলি কৰাৰ মুহূৰ্তটো প্ৰত্যাশা আৰু উদযাপনৰ দ্বাৰা সমৃদ্ধ হয় আৰু সেই বাবেই এই পৰম্পৰা সকলোৰে প্ৰিয় এক চিৰন্তন পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে।

উল্লেখ্য যে, এই অনুষ্ঠানৰ জৰিয়তে ৰেডিচন ব্লু গুৱাহাটীয়ে কেৱল ভৱ্য অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত নিজৰ সুনাম অক্ষুণ্ণ ৰখাই নহয়, বৰঞ্চ সৰ্বাংগীন আৰু অৰ্থপূৰ্ণ উদযাপনৰ পৰম্পৰা গঢ়ি তোলাৰ ক্ষেত্ৰতো এক মাপকাঠী স্থাপন কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here