শিল্প আৰু সৃষ্টিশীলতাৰে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ ঐতিহ্য উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 25 November 2024

শিল্প আৰু সৃষ্টিশীলতাৰে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ ঐতিহ্য উদযাপন


 

কেইৰ্ণৰ “সংস্কৃতি সংৰক্ষণ: আত্মনিৰ্ভৰশীলতাৰ প্ৰসাৰ” পদক্ষেপৰ সমৰ্থন প্ৰদান


W7s news,,গুৱাহাটী/নগাঁও; ২৫ নৱেম্বৰ, ২০২৪: আহোম সাম্ৰাজ্যৰ কিংবদন্তি সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ অতুলনীয় বীৰত্বক সশ্ৰদ্ধাৰে সুঁৱৰিছে সমগ্ৰ দেশে। যাৰ বাবে আজি গৌৰৱত উফন্দি উঠিছে অসমী আইৰ বুকু। ২০২৪ চনৰ মাৰ্চ মাহত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহোম সেনাপতিগৰাকীৰ বীৰত্বৰ প্ৰতি সন্মান জনাই উন্মোচন কৰিছিল তেওঁৰ ১২৫ ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি। আৰু এই প্ৰতিমূৰ্তি উন্মোচনৰ মাত্ৰ কেইমাহমানৰ পিছতে অসমৰ এই উদযাপনসমূহে তেওঁৰ ঐতিহাসিক উত্তৰাধিকাৰ জীয়াই ৰখাৰ আহ্বানক আৰু অধিক শক্তিশালী কৰি তুলিছে।


এই বীৰত্বপূৰ্ণ ঐতিহ্য উদযাপনৰ অংশ হিচাপে কেইৰ্ণে আৰম্ভ কৰিছে তেওঁলোকৰ “সংস্কৃতি সংৰক্ষণ: আত্মনিৰ্ভৰশীলতাৰ প্ৰসাৰ” শীৰ্ষক অভিযানৰ। এই অভিযানৰ লক্ষ্য হৈছে অসমৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে গভীৰ সংযোগ গঢ়ি তোলাৰ বাবে উৎসাহিত কৰা। শিল্প, সাহিত্য আৰু সংস্কৃতিক একত্ৰিত কৰি এই পদক্ষেপৰ আৰম্ভণি ঘটে গুৱাহাটীৰ ড্ৰীমছ স্কুল অৱ আৰ্ট আৰু নগাঁৱৰ আৰ্ট ভিলেজৰ সহযোগত এখন চিত্ৰকলা প্ৰতিযোগিতাৰ আয়োজনেৰে।


এই প্ৰতিযোগিতাৰ সময়ত কেন্দ্ৰ দুটাৰ প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ কেনভাছত মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ ঐতিহ্যক সজীৱ কৰি তোলে। প্ৰতিযোগীসকলৰ সৃষ্টিশীল আৰু সাংস্কৃতিকভাৱে গৌৰৱান্বিত শিল্পকৰ্মই দৰ্শকক সন্মোহিত কৰাৰ লগতে অসমৰ বুকুত গভীৰভাৱে শিপাই থকা ঐতিহ্যক উজ্জ্বল কৰি তোলে। সমান্তৰালভাৱে এই প্ৰতিযোগিতাখনি যুৱ কলা প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিণত হয়, য’ত তেওঁলোকে নিজৰ সৃষ্টিশীল দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে লাচিত বৰফুকনৰ অৱদানৰ বিষয়ে জনাৰ সুযোগ লাভ কৰে।


নগাঁৱৰ জ্যোতি আৰ্ট স্কুলৰ অধ্যক্ষ তথা পাণ্ডুলিপি চিত্ৰশিল্পী সুজিত দাসে কয়, “অসমৰ যুৱ প্ৰজন্মই নিজৰ শিপাৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। তেওঁলোক অসমৰ ভৱিষ্যত আৰু তেওঁলোকে উপলব্ধি কৰাটো প্ৰয়োজন যে অসমৰ বিকাশ আৰু সমৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে। যেতিয়া সংস্কৃতি আৰু বিকাশ একেলগে অগ্ৰসৰ হয়, তেতিয়াহে যিকোনো এখন ৰাজ্য সৰ্বোত্তমৰূপে চিহ্নিত হয় আৰু যুৱপ্ৰজন্ম আৰু শিশুসকলেই হৈছে এই পৰিৱৰ্তনৰ প্ৰকৃত চালিকা শক্তি।”


এই পদক্ষেপৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ড্ৰীমছ স্কুল অৱ আৰ্টৰ ভাৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক মিতালী ভট্টাচাৰ্যই কয়, “যুৱ প্ৰতিভাক উজ্জীৱিত কৰা আৰু সৃষ্টিশীলতাক উৎসাহিত কৰাৰ বাবে কেইৰ্ণৰ এই প্ৰচেষ্টা অতিশয় প্ৰশংসনীয়। এই প্ৰতিযোগিতাই ভৱিষ্যতৰ চিত্ৰশিল্পীসকলৰ অন্তৰতো প্ৰেৰণা জগাব।”


এই অনুষ্ঠানত ময়ুৰ ফুকন, নগাঁও কলা নিকেতন, নগাঁও, স্মৃতি হাজৰিকা, জ্যোতি কলা বিদ্যালয়, নগাঁও আৰু মতিৰাম বৰা উচ্চতম মাধ্যমিক বালিকা বিদ্যাপীঠৰ ইতিহাস বিষয়ৰ শিক্ষক প্ৰদীপ কুমাৰ গোস্বামী সমন্বিতে বিশিষ্ট শিল্পীসকল উপস্থিত থাকে। তেওঁলোকে নিজৰ মূল্যৱান অভিজ্ঞতা আৰু পথ প্ৰদৰ্শনেৰে যুৱ প্ৰতিযোগীসকলক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে।


উল্লেখ্য যে, লাচিত দিৱস উদযাপনে অসমৰ এই মহান বীৰগৰাকীৰ বীৰত্ববোধক পুনৰুজ্জীৱিত কৰাৰ সমান্তৰালভাৱে এনেধৰণৰ পদক্ষেপে লাচিত বৰফুকনৰ গৌৰৱময়ম ঐতিহ্যৰ সাৰমৰ্ম নতুন প্ৰজন্মৰ হৃদয় আৰু মনৰ গভীৰতাত চিৰদিন জীয়াই থকাটো নিশ্চিত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here